--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰএপ্ৰিল মাহত দেশৰ  বেংক কেইবাদিনো বন্ধ থাকিব। বেংকিং সেৱাসমূহ মাহত মুঠ ১৪ দিনৰ বাবে বন্ধ থাকিব। গতিকে প্ৰয়োজনীয় কামৰ বাবে  কৰি বেংকলৈ যোৱাৰ আগতে, বেংক কোনটো দিনত বন্ধ থাকিব জানি লওঁ আহক।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে, সমগ্ৰ দেশতে সকলো বেংকে প্ৰয়োজনীয়  বন্ধ (বেংক হলিডে) লাভ কৰিব  আৰু আঞ্চলিক বন্ধ ৰাজ্য চৰকাৰৰ দ্বাৰা স্থিৰ কৰা হৈছে। গতিকে কিছুমান বন্ধৰ দিন  ৰাজ্যভেদে পৃথক হ’ব । এপ্ৰিল মাহত বেংকসমূহ বন্ধ থাকিব পৰা ৰাজ্যসমূহৰ তালিকাও ইয়াত দিয়া হৈছে।

বাৰ্ষিক একাউণ্ট বন্ধ হোৱাৰ বাবে বেংকসমূহ ১ এপ্ৰিলত বন্ধ থাকিব। কিন্তু সমগ্ৰ দেশতে সেই দিনটোত বেংক বন্ধ নাথাকিব। চণ্ডীগড়, ছিকিম, মিজোৰাম, হিমাচল প্ৰদেশ, মেঘালয় আৰু বংগত বেংক খোলা থাকিব।

 বাবু জগজীৱন ৰামৰ জন্ম জয়ন্তীৰ বাবে ৫ এপ্ৰিলত তেলেংগানা আৰু জম্মুত বেংকসমূহ বন্ধ থাকিব।

গুড়ি পাৰৱা, উগাদি উৎসৱ, তেলেগু নৱবৰ্ষ, চাজিবু নংমাপানবা, থম নৱৰাত্ৰিৰ বাবে কেইবাখনো ৰাজ্যৰ বেংক ৯ এপ্ৰিলত বন্ধ থাকিব। তালিকাত থকা ৰাজ্যবোৰ হৈছে মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, মণিপুৰ, গোৱা, জম্মু আৰু কাশ্মীৰ।

চেইৰাওবা, বৈশাখী আৰু বিজু উৎসৱৰ বাবে ত্ৰিপুৰা, মণিপুৰ, জম্মু আৰু শ্ৰীনগৰত ১০ এপ্ৰিলত বেংকসমূহ বন্ধ থাকিব।

দ্বিতীয় শনিবাৰে বেংকসমূহ ১৩ এপ্ৰিলত বন্ধ থাকিব।

বহাগ বিহু আৰু হিমাচল দিৱসৰ বাবে অসম আৰু হিমাচল প্ৰদেশৰ বেংকসমূহ ১৫ এপ্ৰিলত বন্ধ থাকিব।

ৰাম নৱমীৰ বাবে গুজৰাট, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, ওড়িশা, চণ্ডীগড়, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু হিমাচল প্ৰদেশত ১৬  এপ্ৰিলত বেংকসমূহ বন্ধ থাকিব।

গৰিয়া পূজাৰ বাবে ত্ৰিপুৰাৰ বেংকসমূহ ২০ এপ্ৰিলত বন্ধ থাকিব।

চতুৰ্থ শনিবাৰে বেংকসমূহ ২৭ এপ্ৰিলত বন্ধ থাকিব।

বেংকসমূহ এই মাহত পাঁচটা দেওবাৰে (৩, ১০,১৭,২৪  আৰু ৩১ এপ্ৰিল) বন্ধ থাকিব। অৱশ্যে বেংক বন্ধ থাকিলেও অনলাইন সেৱা সচৰাচৰ থকাৰ দৰে অব্যাহত থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ