--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব। এই মেচখন আৰম্ভ হোৱাৰ আগতেই ভাৰতীয় দলৰ পৰা আহিছে এটা ডাঙৰ খবৰ। প্ৰতিবেদন অনুসৰি মহম্মদ ছিৰাজক এদিনীয়া শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে। টেষ্ট দলৰ মহম্মদ শ্বামী, ৰবিচন্দ্ৰন অশ্বিন, কে এছ ভাৰত আৰু নৱদীপ ছাইনীৰ সৈতে ছিৰাজ ঘৰলৈ উভতি আহিছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি কামৰ বোজাৰ বাবে এদিনীয়া শৃংখলাত মহম্মদ ছিৰাজক জিৰণি দিয়া হৈছে। তেওঁ পুনৰ ভাৰতলৈ উভতি আহিছে। এদিনীয়া শৃংখলাত ছিৰাজ ভাৰতৰ মূল বেগী বলাৰ আছিল যদিও আগন্তুক এছিয়া কাপ আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পৰিপ্ৰেক্ষিতত তেওঁক জিৰণি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

ESPNcricinfo ৰ এক প্ৰতিবেদন অনুসৰি টেষ্ট দলৰ মহম্মদ শ্বামী, ৰবিচন্দ্ৰন অশ্বিন, কে এছ ভাৰত আৰু নৱদীপ ছাইনীৰ সৈতে মহম্মদ চিৰাজ ভাৰতলৈ উভতি আহিছে।উল্লেখযোগ্য যে এদিনীয়া শৃংখলাৰ পাছত ভাৰতেও ৱেষ্ট ইণ্ডিজত পাঁচখন খেলৰ টি-২০ ছিৰিজ খেলিব লাগিব, কিন্তু ছিৰাজ টি-২০ দলৰ অংশ নহয়। এই কাৰণতে তেওঁ ভাৰতলৈ উভতি আহিছে।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে এতিয়া মুকেশ কুমাৰ, শ্বাৰ্দুল ঠাকুৰ, জয়দেৱ উনাটকড় আৰু উমৰাণ মালিক বেগী বলাৰ হিচাপে আছে। অৰ্থাৎ এতিয়া এই চাৰিজন বেগী বলাৰৰ তিনিজনে প্লেইং ইলেভেনত স্থান পোৱাটো নিশ্চিত। ছিৰাজৰ ভাৰতলৈ ঘূৰি অহাৰ লগে লগে মুকেশ কুমাৰৰ অভিষেকৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে।


ছিৰাজৰ উভতি অহাৰ পাছত এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল - ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, ঋতুৰাজ গাইকোৱাড, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, সঞ্জু চেমছন (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), শ্বাৰ্দুল ঠাকুৰ, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, জয়দেৱ উনাটকড, উমৰাণ মালিক আৰু মুকেশ কুমাৰ।

এদিনীয়া শৃংখলাৰ সূচী-

প্ৰথম এদিনীয়া - ২৭ জুলাই - কেনচিংটন অভাল, বাৰ্বাডোছ

দ্বিতীয় এদিনীয়া - ২৯ জুলাই - কেনচিংটন অভাল, বাৰ্বাডোছ

তৃতীয় এদিনীয়া - ১ আগষ্ট - ব্রায়ান লাৰা ক্ৰিকেট একাডেমী, ট্ৰিনিদাদ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু