--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিখন খেলৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল আজি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হ’ব। এই মেচখন আৰম্ভ হোৱাৰ আগতেই ভাৰতীয় দলৰ পৰা আহিছে এটা ডাঙৰ খবৰ। প্ৰতিবেদন অনুসৰি মহম্মদ ছিৰাজক এদিনীয়া শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে। টেষ্ট দলৰ মহম্মদ শ্বামী, ৰবিচন্দ্ৰন অশ্বিন, কে এছ ভাৰত আৰু নৱদীপ ছাইনীৰ সৈতে ছিৰাজ ঘৰলৈ উভতি আহিছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি কামৰ বোজাৰ বাবে এদিনীয়া শৃংখলাত মহম্মদ ছিৰাজক জিৰণি দিয়া হৈছে। তেওঁ পুনৰ ভাৰতলৈ উভতি আহিছে। এদিনীয়া শৃংখলাত ছিৰাজ ভাৰতৰ মূল বেগী বলাৰ আছিল যদিও আগন্তুক এছিয়া কাপ আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পৰিপ্ৰেক্ষিতত তেওঁক জিৰণি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

ESPNcricinfo ৰ এক প্ৰতিবেদন অনুসৰি টেষ্ট দলৰ মহম্মদ শ্বামী, ৰবিচন্দ্ৰন অশ্বিন, কে এছ ভাৰত আৰু নৱদীপ ছাইনীৰ সৈতে মহম্মদ চিৰাজ ভাৰতলৈ উভতি আহিছে।উল্লেখযোগ্য যে এদিনীয়া শৃংখলাৰ পাছত ভাৰতেও ৱেষ্ট ইণ্ডিজত পাঁচখন খেলৰ টি-২০ ছিৰিজ খেলিব লাগিব, কিন্তু ছিৰাজ টি-২০ দলৰ অংশ নহয়। এই কাৰণতে তেওঁ ভাৰতলৈ উভতি আহিছে।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে এতিয়া মুকেশ কুমাৰ, শ্বাৰ্দুল ঠাকুৰ, জয়দেৱ উনাটকড় আৰু উমৰাণ মালিক বেগী বলাৰ হিচাপে আছে। অৰ্থাৎ এতিয়া এই চাৰিজন বেগী বলাৰৰ তিনিজনে প্লেইং ইলেভেনত স্থান পোৱাটো নিশ্চিত। ছিৰাজৰ ভাৰতলৈ ঘূৰি অহাৰ লগে লগে মুকেশ কুমাৰৰ অভিষেকৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে।


ছিৰাজৰ উভতি অহাৰ পাছত এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল - ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, ঋতুৰাজ গাইকোৱাড, বিৰাট কোহলী, সূৰ্যকুমাৰ যাদৱ, সঞ্জু চেমছন (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া (উপ-অধিনায়ক), শ্বাৰ্দুল ঠাকুৰ, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, জয়দেৱ উনাটকড, উমৰাণ মালিক আৰু মুকেশ কুমাৰ।

এদিনীয়া শৃংখলাৰ সূচী-

প্ৰথম এদিনীয়া - ২৭ জুলাই - কেনচিংটন অভাল, বাৰ্বাডোছ

দ্বিতীয় এদিনীয়া - ২৯ জুলাই - কেনচিংটন অভাল, বাৰ্বাডোছ

তৃতীয় এদিনীয়া - ১ আগষ্ট - ব্রায়ান লাৰা ক্ৰিকেট একাডেমী, ট্ৰিনিদাদ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement