--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাইকৰ প্ৰতি তেওঁৰ প্ৰেম কাৰো অজ্ঞাত নহয়। কিন্তু মহেন্দ্ৰ সিং ধোনী গাড়ীৰ প্ৰতিও  আছে এক সুকীয়া প্ৰেম। সেই গাড়ীখন যদি পুৰণি মডেল হয় তেন্তে ধোনীয়ে সেই গাড়ীখন কিনিবই। শেহতীয়াকৈ এনে এখন পুৰণি মডেল গাড়ীত দেখা গৈছিল ধোনীক। সেই গাড়ীখন তেওঁ নিজেই চলাই আছিল ৰাঁচীৰ ৰাস্তাত। এজন অনুৰাগীয়ে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে।

ৰাঁচীৰ ঘাইপথত নীলা ৰঙৰ ৰ’লছ ৰয়ছ গাড়ী চলাই থকা দেখা গৈছিল ধোনীক। অনুৰাগীয়ে দাবী কৰিছে যে গাড়ীখন ১৯৮০ চনৰ।  এই মডেলৰ ৰ’লছ ৰয়েচ আজি উপলব্ধ নহয়। 

ইফালে, কিছুদিন পূৰ্বে ধোনিৰ ঘৰলৈ গৈ ধোনিৰ বাইক সংগ্ৰহ দেখি আচৰিত হৈছিল প্ৰাক্তন বলাৰ বেংকটেশ প্ৰসাদে। ধোনিৰ বাইকৰ প্ৰতি থকা প্ৰেম সকলোৰে পৰিচিত। ৰাঁচীত থাকিলে ধোনি কেতিয়াবা বাইক লৈ ওলাই যায়। কিন্তু প্ৰসাদে গম পোৱা নাছিল যে তেওঁৰ ঘৰত ইমান প্ৰকাৰৰ বাইক ৰাখে।

ধোনিৰ বাইকৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰি তেওঁ কয়, ‘'মই নাজানিছিলো যে এজন ব্যক্তিয়ে ভালপোৱা বস্তুটোক লৈ ইমান পাগল হ’ব পাৰে। কি যে এটা ডাঙৰ সংগ্ৰহ! ধোনিৰ বাবে সম্ভৱ। ধোনিৰ ৰাঞ্চিৰ ঘৰত এই বাইকবোৰ আছে। মই আচৰিত হৈছোঁ।”

ধোনিৰ ৰাঞ্চিৰ ঘৰলৈ প্ৰসাদ প্ৰথমবাৰৰ বাবে নহয়। তেওঁ নিজেই কৈছিল যে তেওঁ চাৰিবাৰ ধোনিৰ ঘৰলৈ গৈছিল। প্ৰসাদে ক’লে, “এইটো প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ আগতেও চাৰিবাৰ ইয়ালৈ আহিছো। কিন্তু এই বাইকৰ বাবে ধোনীৰ ষ্ট’ৰেজ স্থান আচৰিত। যদি কোনো ব্যক্তি কোনো কথাত পাগল হয়, তেন্তে সেয়া কৰিব পৰা যায়। ইয়াক বাইক শ্ব’ ৰুম বুলিও ক’ব পাৰি।”

ধোনিৰ ৫০খনতকৈও অধিক বাইক আছে। ইয়াৰ ভিতৰত ভাৰতৰ প্ৰাক্তন অধিনায়কৰ ঘৰত হাৰ্লি-ডেভিডছন, কাৱাছাকি নিঞ্জা, ডুকাটি আদি কোম্পানীৰ বাইক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement