--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাইকৰ প্ৰতি তেওঁৰ প্ৰেম কাৰো অজ্ঞাত নহয়। কিন্তু মহেন্দ্ৰ সিং ধোনী গাড়ীৰ প্ৰতিও  আছে এক সুকীয়া প্ৰেম। সেই গাড়ীখন যদি পুৰণি মডেল হয় তেন্তে ধোনীয়ে সেই গাড়ীখন কিনিবই। শেহতীয়াকৈ এনে এখন পুৰণি মডেল গাড়ীত দেখা গৈছিল ধোনীক। সেই গাড়ীখন তেওঁ নিজেই চলাই আছিল ৰাঁচীৰ ৰাস্তাত। এজন অনুৰাগীয়ে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ লগে লগে ভাইৰেল হৈ পৰে।

ৰাঁচীৰ ঘাইপথত নীলা ৰঙৰ ৰ’লছ ৰয়ছ গাড়ী চলাই থকা দেখা গৈছিল ধোনীক। অনুৰাগীয়ে দাবী কৰিছে যে গাড়ীখন ১৯৮০ চনৰ।  এই মডেলৰ ৰ’লছ ৰয়েচ আজি উপলব্ধ নহয়। 

ইফালে, কিছুদিন পূৰ্বে ধোনিৰ ঘৰলৈ গৈ ধোনিৰ বাইক সংগ্ৰহ দেখি আচৰিত হৈছিল প্ৰাক্তন বলাৰ বেংকটেশ প্ৰসাদে। ধোনিৰ বাইকৰ প্ৰতি থকা প্ৰেম সকলোৰে পৰিচিত। ৰাঁচীত থাকিলে ধোনি কেতিয়াবা বাইক লৈ ওলাই যায়। কিন্তু প্ৰসাদে গম পোৱা নাছিল যে তেওঁৰ ঘৰত ইমান প্ৰকাৰৰ বাইক ৰাখে।

ধোনিৰ বাইকৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰি তেওঁ কয়, ‘'মই নাজানিছিলো যে এজন ব্যক্তিয়ে ভালপোৱা বস্তুটোক লৈ ইমান পাগল হ’ব পাৰে। কি যে এটা ডাঙৰ সংগ্ৰহ! ধোনিৰ বাবে সম্ভৱ। ধোনিৰ ৰাঞ্চিৰ ঘৰত এই বাইকবোৰ আছে। মই আচৰিত হৈছোঁ।”

ধোনিৰ ৰাঞ্চিৰ ঘৰলৈ প্ৰসাদ প্ৰথমবাৰৰ বাবে নহয়। তেওঁ নিজেই কৈছিল যে তেওঁ চাৰিবাৰ ধোনিৰ ঘৰলৈ গৈছিল। প্ৰসাদে ক’লে, “এইটো প্ৰথমবাৰৰ বাবে নহয়। ইয়াৰ আগতেও চাৰিবাৰ ইয়ালৈ আহিছো। কিন্তু এই বাইকৰ বাবে ধোনীৰ ষ্ট’ৰেজ স্থান আচৰিত। যদি কোনো ব্যক্তি কোনো কথাত পাগল হয়, তেন্তে সেয়া কৰিব পৰা যায়। ইয়াক বাইক শ্ব’ ৰুম বুলিও ক’ব পাৰি।”

ধোনিৰ ৫০খনতকৈও অধিক বাইক আছে। ইয়াৰ ভিতৰত ভাৰতৰ প্ৰাক্তন অধিনায়কৰ ঘৰত হাৰ্লি-ডেভিডছন, কাৱাছাকি নিঞ্জা, ডুকাটি আদি কোম্পানীৰ বাইক।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু