--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেট-বলৰ যুদ্ধৰ পৰা সম্প্ৰতি দূৰৈতে অৱস্থান কৰা দেখা গৈছে বিৰাট কোহলীক। পিছে খবৰ অনুসৰি, দুৰ্বল ফৰ্মৰ বাবে আগষ্টত জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব পাৰে বিৰাটে। ক্ৰিকেট কেৰিয়াৰত বহু শিখৰ ছুলেও  ‘কিং কোহলী’-এ প্ৰথমবাৰৰ বাবে জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। ২০১৫ চনৰ বিশ্বকাপত শেষবাৰৰ বাবে জিম্বাবুৱেৰ বিৰুদ্ধে খেলিছিল বিৰাটে। ইয়াৰ পূৰ্বে ২০১৩ চনত জিম্বাবুৱেৰ বিৰুদ্ধে বিৰাটে শেষবাৰৰ বাবে এদিনীয়া শৃংখলা খেলিছিল।
 
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচকসকলে বিৰাটে জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলি নিজৰ হেৰুৱা ফৰ্ম পুনৰ লাভ কৰাটো বিচাৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিৰাটৰ শেষ শতক আছিল ২০১৯ চনত। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত মুঠ ৭০ শতকীয় ইনিংছ আছে। বিৰাটৰ সৰ্বাধিক শতক আছে এদিনীয়াত।

নাম প্ৰকাশ নকৰা বিচিচিআইৰ এজন বিষয়াই কয় যে, ‘আশাকৰোঁ এই বিৰতিৰ ফলত বিৰাট কোহলীৰ মানসিক উত্থান ঘটিব আৰু তেওঁক পুনৰ ফৰ্মত উপনীত হোৱাত সহায় কৰিব। কিন্তু কোনো প্ৰতিযোগিতামূলক ক্ৰিকেট অবিহনে পুনৰ ফৰ্মত উপনীত হোৱাটো কঠিন হ'ব আৰু সেইবাবেই আমি বিচাৰো জিম্বাবুৱেৰ হৈ বিৰাটে খেলাতো।’

জিম্বাবুৱেৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে দল এতিয়াও ঘোষণা কৰা নাই বিচিচিআইয়ে। শুনিবলৈ পোৱা মতে, বিশ্ৰাম দিয়া হ’ব ৰোহিত শৰ্মাক। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ নেতৃত্ব দিব শিখৰ ধাৱানে। জিম্বাবুৱেৰ বিৰুদ্ধেও বিচিচিআইয়ে তেওঁৰ ওপৰতে দায়িত্ব অৰ্পন কৰিব পাৰে। ১৮ আগষ্টৰ পৰা আৰম্ভ হ’ব ভাৰতৰ জিম্বাবুৱে ভ্ৰমণ। দলটোৰ বিৰুদ্ধে তিনিখন এদিনীয়া মেচ খেলিব টীম ইণ্ডিয়াই। হাৰাৰেত অনুষ্ঠিত হ’ব মেচ কেইখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ