--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেট-বলৰ যুদ্ধৰ পৰা সম্প্ৰতি দূৰৈতে অৱস্থান কৰা দেখা গৈছে বিৰাট কোহলীক। পিছে খবৰ অনুসৰি, দুৰ্বল ফৰ্মৰ বাবে আগষ্টত জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব পাৰে বিৰাটে। ক্ৰিকেট কেৰিয়াৰত বহু শিখৰ ছুলেও  ‘কিং কোহলী’-এ প্ৰথমবাৰৰ বাবে জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। ২০১৫ চনৰ বিশ্বকাপত শেষবাৰৰ বাবে জিম্বাবুৱেৰ বিৰুদ্ধে খেলিছিল বিৰাটে। ইয়াৰ পূৰ্বে ২০১৩ চনত জিম্বাবুৱেৰ বিৰুদ্ধে বিৰাটে শেষবাৰৰ বাবে এদিনীয়া শৃংখলা খেলিছিল।
 
সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্বাচকসকলে বিৰাটে জিম্বাবুৱেৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলি নিজৰ হেৰুৱা ফৰ্ম পুনৰ লাভ কৰাটো বিচাৰে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিৰাটৰ শেষ শতক আছিল ২০১৯ চনত। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত মুঠ ৭০ শতকীয় ইনিংছ আছে। বিৰাটৰ সৰ্বাধিক শতক আছে এদিনীয়াত।

নাম প্ৰকাশ নকৰা বিচিচিআইৰ এজন বিষয়াই কয় যে, ‘আশাকৰোঁ এই বিৰতিৰ ফলত বিৰাট কোহলীৰ মানসিক উত্থান ঘটিব আৰু তেওঁক পুনৰ ফৰ্মত উপনীত হোৱাত সহায় কৰিব। কিন্তু কোনো প্ৰতিযোগিতামূলক ক্ৰিকেট অবিহনে পুনৰ ফৰ্মত উপনীত হোৱাটো কঠিন হ'ব আৰু সেইবাবেই আমি বিচাৰো জিম্বাবুৱেৰ হৈ বিৰাটে খেলাতো।’

জিম্বাবুৱেৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে দল এতিয়াও ঘোষণা কৰা নাই বিচিচিআইয়ে। শুনিবলৈ পোৱা মতে, বিশ্ৰাম দিয়া হ’ব ৰোহিত শৰ্মাক। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ নেতৃত্ব দিব শিখৰ ধাৱানে। জিম্বাবুৱেৰ বিৰুদ্ধেও বিচিচিআইয়ে তেওঁৰ ওপৰতে দায়িত্ব অৰ্পন কৰিব পাৰে। ১৮ আগষ্টৰ পৰা আৰম্ভ হ’ব ভাৰতৰ জিম্বাবুৱে ভ্ৰমণ। দলটোৰ বিৰুদ্ধে তিনিখন এদিনীয়া মেচ খেলিব টীম ইণ্ডিয়াই। হাৰাৰেত অনুষ্ঠিত হ’ব মেচ কেইখন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু