--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণৰ পিছত মুখশুদ্ধি কৰিবলৈ চফগুটি বা আন তেনেধৰণৰ সামগ্ৰী ৰখা হয়। তেনে মুখশুদ্ধি খোৱাৰ পিছতে তেজ বমি কৰিবলৈ ল’লে  পাঁচগৰাকীকৈ লোকে। গুৰুগ্ৰামৰ এখন ৰেষ্টুৰেণ্টত ঘটিছে এই ঘটনা।  মুখশুদ্ধি কৰাৰ পিছতে  পাঁচজন লোকে তেজ বমি কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁলোকৰ  মাজৰে দুগৰাকীৰ  অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাটোৰ পিছতে ৰেষ্টুৰেণ্টৰ মেনেজাৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ৰেষ্টুৰেণ্টখন গুৰুগ্ৰামৰ চেক্টৰ ৯০ ত অৱস্থিত।  অংকিত কুমাৰে তেওঁৰ পত্নী আৰু বন্ধুবৰ্গৰ সৈতে সেই  ৰেষ্টুৰেণ্ট খনত  খাবলৈ গৈছিল। খোৱাৰ পিছত তেওঁলোকে  বিল পৰিশোধ কৰিছিল আৰু মুখশুদ্ধি খাইছিল। সেয়া খোৱাৰ পিছতে অংকিত, তেওঁৰ পত্নী আৰু আন তিনিগৰাকী লোক  অসুস্থ হৈ পৰে। মুহূৰ্ততে সকলোৰে মুখ জ্বলিবলৈ ধৰিলে। বমি আৰম্ভ হয়।  বমিৰ সৈতে তেজ ওলাই আহে।

অংকিতে অভিযোগ কৰা অনুসৰি যে তেওঁলোক  অসুস্থ হ'লেও ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাছিল। অৱশেষত তেওঁলোকে আৰক্ষীক ফোন কৰে আৰু  আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰি   চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে ৰেষ্টুৰেণ্টৰ মেনেজাৰকো গ্ৰেপ্তাৰ কৰি মুখশুদ্ধিৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে মুখশুদ্ধিৰ পেকেটটোৰ ভিতৰত শুকান বৰফ(ড্ৰাই আইচ) আছিল। যি হৈছে এক প্ৰকাৰৰ অতি বিষাক্ত এচিড। এনে এচিড অত্যাধিক হাৰত পেটলৈ গ’লে মানুহৰ  মৃত্যুও হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক