--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণৰ পিছত মুখশুদ্ধি কৰিবলৈ চফগুটি বা আন তেনেধৰণৰ সামগ্ৰী ৰখা হয়। তেনে মুখশুদ্ধি খোৱাৰ পিছতে তেজ বমি কৰিবলৈ ল’লে  পাঁচগৰাকীকৈ লোকে। গুৰুগ্ৰামৰ এখন ৰেষ্টুৰেণ্টত ঘটিছে এই ঘটনা।  মুখশুদ্ধি কৰাৰ পিছতে  পাঁচজন লোকে তেজ বমি কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁলোকৰ  মাজৰে দুগৰাকীৰ  অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাটোৰ পিছতে ৰেষ্টুৰেণ্টৰ মেনেজাৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ৰেষ্টুৰেণ্টখন গুৰুগ্ৰামৰ চেক্টৰ ৯০ ত অৱস্থিত।  অংকিত কুমাৰে তেওঁৰ পত্নী আৰু বন্ধুবৰ্গৰ সৈতে সেই  ৰেষ্টুৰেণ্ট খনত  খাবলৈ গৈছিল। খোৱাৰ পিছত তেওঁলোকে  বিল পৰিশোধ কৰিছিল আৰু মুখশুদ্ধি খাইছিল। সেয়া খোৱাৰ পিছতে অংকিত, তেওঁৰ পত্নী আৰু আন তিনিগৰাকী লোক  অসুস্থ হৈ পৰে। মুহূৰ্ততে সকলোৰে মুখ জ্বলিবলৈ ধৰিলে। বমি আৰম্ভ হয়।  বমিৰ সৈতে তেজ ওলাই আহে।

অংকিতে অভিযোগ কৰা অনুসৰি যে তেওঁলোক  অসুস্থ হ'লেও ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাছিল। অৱশেষত তেওঁলোকে আৰক্ষীক ফোন কৰে আৰু  আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰি   চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে ৰেষ্টুৰেণ্টৰ মেনেজাৰকো গ্ৰেপ্তাৰ কৰি মুখশুদ্ধিৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে মুখশুদ্ধিৰ পেকেটটোৰ ভিতৰত শুকান বৰফ(ড্ৰাই আইচ) আছিল। যি হৈছে এক প্ৰকাৰৰ অতি বিষাক্ত এচিড। এনে এচিড অত্যাধিক হাৰত পেটলৈ গ’লে মানুহৰ  মৃত্যুও হ'ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক