--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰেমিকৰ মায়াত পৰি পাকিস্তান এৰি ভাৰতলৈ পলাই অহা সীমা হায়দৰ পুনৰ বিপদত পৰিছে।   গ্ৰেটাৰ নয়ডাৰ বাসিন্দা শচীন মীনাই  অনলাইন গেম খেলি সীমাৰ  প্ৰেমত পৰিছিল। তাৰ পিছতে  সীমাই  নেপাল হৈ ভাৰতলৈ পলাই  আহিছিল। শচীনৰ সৈতে সীমাই  সংসাৰ আৰম্ভ কৰিছিল। সীমাৰ প্ৰাক্তন স্বামী গোলাম হায়দৰে এতিয়া পলাই যোৱাৰ ক্ষতিপূৰণ হিচাবে সীমাৰ পৰা  ৩ কোটি টকা দাবী কৰিছে। তেওঁ এই সন্দৰ্ভত এখন আইনী জাননীও প্ৰেৰণ কৰিছে। তেওঁ লগতে  শচীন-সীমাই ক্ষমা বিচাৰিব লাগিব বুলিও দাবী কৰিছে।

ভাৰত আৰু পাকিস্তানৰ একাধিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি সীমা দম্পতীয়ে ভাৰতীয় মুদ্ৰাত ৩ কোটি টকা পৰিশোধ নকৰিলে গোলামে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। জাননীখন অধিবক্তা আলী মমিনৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে। আৰ্থিক জৰিমনাৰ উপৰি সীমা আৰু শচীনক ঘটনাটোৰ বাবে এমাহৰ ভিতৰত ক্ষমা বিচাৰিবলৈ কোৱা হৈছে। সীমাই তেওঁৰ চাৰিটা সন্তানৰ সৈতে পাকিস্তানৰ পৰা ভাৰতলৈ পলাই আহিছিল। গোলামে তেওঁৰ সন্তান পাবলৈ মানৱ অধিকাৰ কৰ্মী আনছাৰ বাৰানীৰ কাষ চাপিছিল। আনছাৰে এই ক্ষেত্ৰত অধিবক্তা  মমিনক নিযুক্ত কৰিছিল। 

 ৩০ বছৰীয়া সীমা হায়দৰ পাকিস্তানৰ সিন্ধ প্ৰদেশৰ বাসিন্দা আছিল। তেওঁ ২০২৩ চনৰ ১৫ এপ্ৰিলত নেপাল সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰ আগতে  তেওঁ নেপালৰ পশুপতিনাথ মন্দিৰত শচীনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। সীমাক ৪ জুলাইত ভাৰতত  অনধিকাৰ প্ৰৱেশৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে  চোৰাংচোৱাগিৰি কৰাৰ  অভিযোগো উঠিছিল। অৱশ্যে অৱশেষত সীমাক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। ইয়াৰ মাজতেৃ জনা গৈছিল যে শচীনৰ সন্তানৰ মাতৃ হ'বলৈ গৈ আছে সীমা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক