--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰেমিকৰ মায়াত পৰি পাকিস্তান এৰি ভাৰতলৈ পলাই অহা সীমা হায়দৰ পুনৰ বিপদত পৰিছে।   গ্ৰেটাৰ নয়ডাৰ বাসিন্দা শচীন মীনাই  অনলাইন গেম খেলি সীমাৰ  প্ৰেমত পৰিছিল। তাৰ পিছতে  সীমাই  নেপাল হৈ ভাৰতলৈ পলাই  আহিছিল। শচীনৰ সৈতে সীমাই  সংসাৰ আৰম্ভ কৰিছিল। সীমাৰ প্ৰাক্তন স্বামী গোলাম হায়দৰে এতিয়া পলাই যোৱাৰ ক্ষতিপূৰণ হিচাবে সীমাৰ পৰা  ৩ কোটি টকা দাবী কৰিছে। তেওঁ এই সন্দৰ্ভত এখন আইনী জাননীও প্ৰেৰণ কৰিছে। তেওঁ লগতে  শচীন-সীমাই ক্ষমা বিচাৰিব লাগিব বুলিও দাবী কৰিছে।

ভাৰত আৰু পাকিস্তানৰ একাধিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি সীমা দম্পতীয়ে ভাৰতীয় মুদ্ৰাত ৩ কোটি টকা পৰিশোধ নকৰিলে গোলামে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। জাননীখন অধিবক্তা আলী মমিনৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে। আৰ্থিক জৰিমনাৰ উপৰি সীমা আৰু শচীনক ঘটনাটোৰ বাবে এমাহৰ ভিতৰত ক্ষমা বিচাৰিবলৈ কোৱা হৈছে। সীমাই তেওঁৰ চাৰিটা সন্তানৰ সৈতে পাকিস্তানৰ পৰা ভাৰতলৈ পলাই আহিছিল। গোলামে তেওঁৰ সন্তান পাবলৈ মানৱ অধিকাৰ কৰ্মী আনছাৰ বাৰানীৰ কাষ চাপিছিল। আনছাৰে এই ক্ষেত্ৰত অধিবক্তা  মমিনক নিযুক্ত কৰিছিল। 

 ৩০ বছৰীয়া সীমা হায়দৰ পাকিস্তানৰ সিন্ধ প্ৰদেশৰ বাসিন্দা আছিল। তেওঁ ২০২৩ চনৰ ১৫ এপ্ৰিলত নেপাল সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰ আগতে  তেওঁ নেপালৰ পশুপতিনাথ মন্দিৰত শচীনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। সীমাক ৪ জুলাইত ভাৰতত  অনধিকাৰ প্ৰৱেশৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে  চোৰাংচোৱাগিৰি কৰাৰ  অভিযোগো উঠিছিল। অৱশ্যে অৱশেষত সীমাক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। ইয়াৰ মাজতেৃ জনা গৈছিল যে শচীনৰ সন্তানৰ মাতৃ হ'বলৈ গৈ আছে সীমা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক