--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ক্ৰিকেটৰ আটাইতকৈ ধ্বংসাত্মক উইকেট ৰক্ষক বেটছমেন এডাম ক্ৰেগ গিলক্ৰিষ্ট প্ৰতিপক্ষৰ বলাৰৰ বাবে দুঃস্বপ্ন আছিল। অষ্ট্ৰেলিয়াৰ ক্ৰিকেটৰ সোণালী যুগৰ এজন নিষ্ঠাবান সৈনিক। ১৯৯৬ চনৰ পৰা ২০০৮ চনলৈকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেট অনুৰাগীয়ে উপভোগ কৰিছিল তেওঁৰ ক্ৰিকেটৰ শিল্পকলা।

এদিনীয়া আৰু টেষ্ট দুয়োখন খেলতে উইকেট কীপাৰ হিচাপে তেওঁৰ ষ্ট্ৰাইক ৰেট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক। ২০০৬ চনৰ ডিচেম্বৰ মাহত পাৰ্থত ইংলেণ্ডৰ বিৰুদ্ধে তেওঁৰ ৫৭ বলৰ শতকটো টেষ্ট ক্ৰিকেটৰ ভিতৰতে চতুৰ্থটো দ্ৰুততম শতক। ২০০৮ চনত তেওঁৰ ষ্ট্ৰাইক ৰেট এদিনীয়া আৰু টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক। টেষ্ট ক্ৰিকেটত ১০০টা ছয় মৰা প্ৰথমজন খেলুৱৈ। টেষ্টত ১৭টা শতক আৰু এদিনীয়াত ১৬টা শতক অর্জন কৰা দুয়োটা শতক উইকেটকীপাৰ হিচাপে ছাংগাকাৰাৰ পাছতে দ্বিতীয় স্থানত আছে৷ 

একেৰাহে বিশ্বকাপৰ ফাইনেলত (১৯৯৯, ২০০৩ আৰু ২০০৭) কমেও ৫০ ৰান সংগ্ৰহ কৰাৰ অনন্য অভিলেখ তেওঁৰ হাতত আছে। ২০০৭ চনৰ বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ১০১ বলত ১৪৯ ৰান সংগ্ৰহ কৰি বিশ্বকাপৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ইনিংছ হিচাপে গণ্য কৰা হয়। বিশ্বকাপৰ তিনিটা খিতাপ দখল কৰা মাত্ৰ তিনিগৰাকী খেলুৱৈৰ ভিতৰত তেওঁ অন্যতম।

১৯৯৬ চনত ভাৰতত প্ৰথম এদিনীয়া আৰু ১৯৯৯ চনত টেষ্টত অভিষেক ঘটায়। গিলক্ৰিষ্টৰ কেৰিয়াৰত অষ্ট্ৰেলিয়াৰ হৈ ৯৬ খন টেষ্ট মেচ আৰু ২৭০ খনতকৈও অধিক এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।তেওঁ খেলৰ দুয়োটা ৰূপতে অষ্ট্ৰেলিয়াৰ নিয়মীয়া ভাইচ অধিনায়ক আছিল।পিছলৈ তেওঁৰ অধিনায়ক হিচাপে নিয়মীয়া অধিনায়ক ষ্টিভ ৱা আৰু ৰিকি পণ্টিং আছিল।

২০১৩ চনলৈকে ঘৰুৱা প্ৰতিযোগিতা খেলিলেও ২০০৮ চনৰ মাৰ্চ মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। ২০০২, ২০০৩ আৰু ২০০৪ চনত অষ্ট্ৰেলিয়াৰ হৈ বছৰৰ পাঁচজন উইজডেন ক্ৰিকেটাৰৰ ভিতৰত অন্যতম আছিল গিলক্ৰিষ্ট। ২০০৩ চনত তেওঁ এলান বৰ্ডাৰ পদক লাভ কৰে, আৰু সেই সময়ত বৰ্তমানৰ খেলুৱৈ হিচাপে ২০০৪ চনত "ৰিচি বেনাডৰ গ্ৰেটেষ্ট একাদশ"ত স্থান পোৱা একমাত্ৰ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ আছিল। ২০০৪–০৫ চনত এচিচি এছিয়ান একাদশৰ বিৰুদ্ধে চেৰিটি ছিৰিজৰ বাবে আইচিচি বিশ্ব একাদশত নিৰ্বাচিত হয়।

কেৱল অষ্ট্ৰেলিয়াৰ ক্ৰিকেটতে নহয় সমগ্ৰ ক্ৰিকেট জগতত নিজৰ চিন ৰাখিছে গিলক্ৰিষ্টে। ২০১০ চনত ক্ৰিকেট আৰু সমাজৰ প্ৰতি কৰা সেৱাৰ বাবে গিলক্ৰিষ্টক অষ্ট্ৰেলিয়াৰ সদস্য (এ এম) হিচাপে নিযুক্তি দিয়া হয়। ২০১২ চনত তেওঁক স্প’ৰ্ট অষ্ট্ৰেলিয়া হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়। ৯-ডিচেম্বৰ-২০১৩ তাৰিখে আইচিচিয়ে ঘোষণা কৰে যে তেওঁলোকে গিলক্ৰিষ্টক আইচিচিৰ সন্মানীয় হল অৱ ফেমত অন্তৰ্ভুক্ত কৰিছে। ২০২১ চনত তেওঁ অষ্ট্ৰেলিয়াৰ পোষ্ট লিজেণ্ড অৱ ক্ৰিকেট হিচাপে নিৰ্বাচিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু