--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গংগোপাধ্যায়ৰ ফোন চুৰি হৈছে। খবৰ অনুসৰি তেওঁৰ ফোনটো কলকাতাৰ বেহালাস্থিত ঘৰৰ পৰা চুৰি হৈছিল। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে ঠাকুৰপুকুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তেওঁ কয় যে ফোনটোত ব্যক্তিগত তথ্য থাকিব পাৰে। তেওঁ যাতে এনে নহয় তাৰ বাবে ব্যৱস্থা ল’বলৈ আৰক্ষীক অনুৰোধ জনায়।

খবৰ আহিছে যে সৌৰভ চহৰৰ বাহিৰত আছিল। শনিবাৰে ঘৰৰ কোনোবা এটা ঠাইত ফোনটো থৈ আহিছিল। তাৰ পিছৰ পৰা পোৱা নাই। সৌৰভৰ ঘৰত বৰ্তমান ৰং কৰা হৈছে। ফলত ৰাজমিস্ত্ৰীৰ আহ যাহ হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোকক জেৰা কৰা হ’ব পাৰে।

শনিবাৰে সৌৰভে ঠাকুৰপুকুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ এখন পত্ৰ লিখিছিল। তাতে তেওঁ কয় যে তেওঁৰ ঘৰৰ পৰা এটা মোবাইল ফোন চুৰি হৈছে। সৌৰভে কয় যে তেওঁ শেষবাৰৰ বাবে পুৱা ১১.৩০ মান বজাত নিজৰ ঘৰত ফোনটো দেখিছিল। পিছত পোৱা নগ’ল। সৌৰভে কয় যে বহুত বিচাৰি ফুৰাৰ পিছতো ফোনটো বিচাৰি নাপালে।

সৌৰভে চিঠিখনত লিখিছে যে তেওঁ ফোনটো হেৰুৱাই চিন্তিত। কাৰণ সেই ফোনত কেৱল ব্যক্তিগত তথ্য নহয়, কেইবাটাও একাউণ্টৰ ‘এক্সেছ’ আছে। কোৱা হৈছে যে এই ফোন নম্বৰটো সৌৰভৰ বেংক একাউণ্টৰ সৈতে ‘লিংক’ হৈ আছে। বহু গুৰুত্বপূৰ্ণ ব্যক্তিৰ ফোন নম্বৰ ইয়াত ‘চেভ’ হৈ আছে। সৌৰভে আৰক্ষীক ফোনটো বিচাৰি উলিয়াবলৈ অনুৰোধ কৰে। ইয়াৰ উপৰিও ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে তেওঁৰ ফোনত থকা তথ্য কোনো ধৰণে ফাদিল নহ’বলৈও অনুৰোধ জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু