--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৌৰভ গংগোপাধ্যায়ৰ ফোন চুৰি হৈছে। খবৰ অনুসৰি তেওঁৰ ফোনটো কলকাতাৰ বেহালাস্থিত ঘৰৰ পৰা চুৰি হৈছিল। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে ঠাকুৰপুকুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তেওঁ কয় যে ফোনটোত ব্যক্তিগত তথ্য থাকিব পাৰে। তেওঁ যাতে এনে নহয় তাৰ বাবে ব্যৱস্থা ল’বলৈ আৰক্ষীক অনুৰোধ জনায়।

খবৰ আহিছে যে সৌৰভ চহৰৰ বাহিৰত আছিল। শনিবাৰে ঘৰৰ কোনোবা এটা ঠাইত ফোনটো থৈ আহিছিল। তাৰ পিছৰ পৰা পোৱা নাই। সৌৰভৰ ঘৰত বৰ্তমান ৰং কৰা হৈছে। ফলত ৰাজমিস্ত্ৰীৰ আহ যাহ হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোকক জেৰা কৰা হ’ব পাৰে।

শনিবাৰে সৌৰভে ঠাকুৰপুকুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ এখন পত্ৰ লিখিছিল। তাতে তেওঁ কয় যে তেওঁৰ ঘৰৰ পৰা এটা মোবাইল ফোন চুৰি হৈছে। সৌৰভে কয় যে তেওঁ শেষবাৰৰ বাবে পুৱা ১১.৩০ মান বজাত নিজৰ ঘৰত ফোনটো দেখিছিল। পিছত পোৱা নগ’ল। সৌৰভে কয় যে বহুত বিচাৰি ফুৰাৰ পিছতো ফোনটো বিচাৰি নাপালে।

সৌৰভে চিঠিখনত লিখিছে যে তেওঁ ফোনটো হেৰুৱাই চিন্তিত। কাৰণ সেই ফোনত কেৱল ব্যক্তিগত তথ্য নহয়, কেইবাটাও একাউণ্টৰ ‘এক্সেছ’ আছে। কোৱা হৈছে যে এই ফোন নম্বৰটো সৌৰভৰ বেংক একাউণ্টৰ সৈতে ‘লিংক’ হৈ আছে। বহু গুৰুত্বপূৰ্ণ ব্যক্তিৰ ফোন নম্বৰ ইয়াত ‘চেভ’ হৈ আছে। সৌৰভে আৰক্ষীক ফোনটো বিচাৰি উলিয়াবলৈ অনুৰোধ কৰে। ইয়াৰ উপৰিও ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে তেওঁৰ ফোনত থকা তথ্য কোনো ধৰণে ফাদিল নহ’বলৈও অনুৰোধ জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ