--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ৰোনা পজিটিভ হোৱাৰ এসপ্তাহৰ পৰা ২৪ ঘণ্টীয়া অক্সিজেন ছাপৰ্টত আছে আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডী। শুকুৰবাৰে এটা ইনষ্টাগ্ৰাম পোষ্টত তেওঁ কয় যে যোৱা ২ সপ্তাহত তেওঁৰ দুবাৰকৈ কোভিড পজিটিভ ধৰা পৰিছে। কোভিদৰ পিছত তেওঁৰ নিউমোনিয়া হৈছিল।হয়,  মৃত্যুৰ মুখৰ পৰা উভতি আহিছে আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডী। দুসপ্তাহত দুবাৰকৈ তেওঁ ইনফ্লুৱেঞ্জা, নিউমোনিয়া ৰোগত আক্ৰান্ত হৈছিল তেওঁ। ললিত মোদীয়ে নিজেই এই তথ্য দিছিল। নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত ললিত মোদীয়ে কয় যে ডাক্তৰ আৰু পুত্ৰ কুশলে মোক এয়াৰ এম্বুলেন্সেৰে লণ্ডনলৈ আনি চিকিৎসা কৰাইছিল, যাৰ বাবে মই মৃত্যুৰ পৰা উভতি আহিব পাৰিলোঁ, কিন্তু তথাপিও মই ২৪ ঘন্টা বাহ্যিক অক্সিজেনত থাকিব লাগিব।

তেওঁ লগতে কয়, “দুজন চিকিৎসকে মোক তিনি সপ্তাহ ধৰি চিকিৎসা কৰিছিল আৰু মোক অবিৰতভাৱে নিৰীক্ষণ কৰিছিল। এজন ডাক্তৰে মেক্সিকো চহৰত মোৰ যত্ন লৈছিল আৰু আন এজনে লণ্ডনত মোৰ যত্ন লৈছিল। তেওঁৰ প্ৰশংসা কৰিবলৈ মোৰ কোনো শব্দ নাই। তেওঁ আৰু লিখিছে যে বিমানখন আৰামদায়ক আছিল। ভিষ্টাৰ জেটকো ধন্যবাদ। সকলোকে মই অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো। সকলোকে মৰম। মোৰ ল’ৰা, বন্ধু আৰু মোৰ ঘনিষ্ঠ বন্ধু হৰিশ ছালভে, যি মোৰ লগত সম্পূৰ্ণ দুসপ্তাহ ধৰি আছিল। তেওঁলোক সকলো মোৰ পৰিয়াল আৰু মোৰ এটা অংশ। ভগৱানে আশীৰ্বাদ কৰক। জয় হিন্দ।''


তেওঁ আৰু লিখিছে, "উৰণ ঠিকেই আছিল। দুৰ্ভাগ্যজনকভাৱে এতিয়াও ২৪/৭ বাহ্যিক অক্সিজেনত আছে।" তেওঁ লিখিছে "মই সকলোৰে প্ৰতি অতিশয় কৃতজ্ঞ। সকলোৰে প্ৰতি বহু মৰম।" এই পোষ্টটোত তেওঁ নিজৰ ছবিখনো শ্বেয়াৰ কৰিছে য’ত তেওঁক বাহ্যিক অক্সিজেন লোৱা দেখা গৈছে।

উল্লেখযোগ্য যে যোৱা বছৰ ললিত মোডীয়ে পুনৰবাৰ লাইমলাইটলৈ আহিছিল যেতিয়া তেওঁ বলীউডৰ অভিনেত্ৰী তথা প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতা সেনৰ সৈতে সম্পৰ্কৰ কথা ঘোষণা কৰিছিল। ২০২২ চনৰ ১৪ জুলাইত ললিত মোদীয়ে নিজেই ইনষ্টাগ্ৰাম পোষ্টতে সুষমিতা সেনৰ সৈতে সম্পৰ্ক প্ৰকাশ কৰি দুয়োৰে কেইবাখনো ছবি পোষ্ট কৰিছিল। অৱশ্যে আই পি এলৰ প্ৰতিষ্ঠাপকগৰাকীৰ সৈতে ডেটিং সন্দৰ্ভত কোনো ধৰণৰ নিশ্চিতকৰণ কৰা নাছিল সুষমিতা সেনে। পিছলৈ ডিপি সলনি কৰাৰ সময়ত ললিত মোদীয়েও নিজৰ বায়’ৰ পৰা সুষমিতা সেনৰ নাম আঁতৰাই পেলালে, যাৰ ফলত দুয়োৰে মাজত বিচ্ছেদ হোৱাৰ খবৰেও বাতৰিৰ শিৰোনামা দখল‌ কৰিছিল









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক