--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ৰোনা পজিটিভ হোৱাৰ এসপ্তাহৰ পৰা ২৪ ঘণ্টীয়া অক্সিজেন ছাপৰ্টত আছে আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডী। শুকুৰবাৰে এটা ইনষ্টাগ্ৰাম পোষ্টত তেওঁ কয় যে যোৱা ২ সপ্তাহত তেওঁৰ দুবাৰকৈ কোভিড পজিটিভ ধৰা পৰিছে। কোভিদৰ পিছত তেওঁৰ নিউমোনিয়া হৈছিল।হয়,  মৃত্যুৰ মুখৰ পৰা উভতি আহিছে আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোডী। দুসপ্তাহত দুবাৰকৈ তেওঁ ইনফ্লুৱেঞ্জা, নিউমোনিয়া ৰোগত আক্ৰান্ত হৈছিল তেওঁ। ললিত মোদীয়ে নিজেই এই তথ্য দিছিল। নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত ললিত মোদীয়ে কয় যে ডাক্তৰ আৰু পুত্ৰ কুশলে মোক এয়াৰ এম্বুলেন্সেৰে লণ্ডনলৈ আনি চিকিৎসা কৰাইছিল, যাৰ বাবে মই মৃত্যুৰ পৰা উভতি আহিব পাৰিলোঁ, কিন্তু তথাপিও মই ২৪ ঘন্টা বাহ্যিক অক্সিজেনত থাকিব লাগিব।

তেওঁ লগতে কয়, “দুজন চিকিৎসকে মোক তিনি সপ্তাহ ধৰি চিকিৎসা কৰিছিল আৰু মোক অবিৰতভাৱে নিৰীক্ষণ কৰিছিল। এজন ডাক্তৰে মেক্সিকো চহৰত মোৰ যত্ন লৈছিল আৰু আন এজনে লণ্ডনত মোৰ যত্ন লৈছিল। তেওঁৰ প্ৰশংসা কৰিবলৈ মোৰ কোনো শব্দ নাই। তেওঁ আৰু লিখিছে যে বিমানখন আৰামদায়ক আছিল। ভিষ্টাৰ জেটকো ধন্যবাদ। সকলোকে মই অতিশয় কৃতজ্ঞতা জ্ঞাপন কৰিছো। সকলোকে মৰম। মোৰ ল’ৰা, বন্ধু আৰু মোৰ ঘনিষ্ঠ বন্ধু হৰিশ ছালভে, যি মোৰ লগত সম্পূৰ্ণ দুসপ্তাহ ধৰি আছিল। তেওঁলোক সকলো মোৰ পৰিয়াল আৰু মোৰ এটা অংশ। ভগৱানে আশীৰ্বাদ কৰক। জয় হিন্দ।''


তেওঁ আৰু লিখিছে, "উৰণ ঠিকেই আছিল। দুৰ্ভাগ্যজনকভাৱে এতিয়াও ২৪/৭ বাহ্যিক অক্সিজেনত আছে।" তেওঁ লিখিছে "মই সকলোৰে প্ৰতি অতিশয় কৃতজ্ঞ। সকলোৰে প্ৰতি বহু মৰম।" এই পোষ্টটোত তেওঁ নিজৰ ছবিখনো শ্বেয়াৰ কৰিছে য’ত তেওঁক বাহ্যিক অক্সিজেন লোৱা দেখা গৈছে।

উল্লেখযোগ্য যে যোৱা বছৰ ললিত মোডীয়ে পুনৰবাৰ লাইমলাইটলৈ আহিছিল যেতিয়া তেওঁ বলীউডৰ অভিনেত্ৰী তথা প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতা সেনৰ সৈতে সম্পৰ্কৰ কথা ঘোষণা কৰিছিল। ২০২২ চনৰ ১৪ জুলাইত ললিত মোদীয়ে নিজেই ইনষ্টাগ্ৰাম পোষ্টতে সুষমিতা সেনৰ সৈতে সম্পৰ্ক প্ৰকাশ কৰি দুয়োৰে কেইবাখনো ছবি পোষ্ট কৰিছিল। অৱশ্যে আই পি এলৰ প্ৰতিষ্ঠাপকগৰাকীৰ সৈতে ডেটিং সন্দৰ্ভত কোনো ধৰণৰ নিশ্চিতকৰণ কৰা নাছিল সুষমিতা সেনে। পিছলৈ ডিপি সলনি কৰাৰ সময়ত ললিত মোদীয়েও নিজৰ বায়’ৰ পৰা সুষমিতা সেনৰ নাম আঁতৰাই পেলালে, যাৰ ফলত দুয়োৰে মাজত বিচ্ছেদ হোৱাৰ খবৰেও বাতৰিৰ শিৰোনামা দখল‌ কৰিছিল









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু