--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি উৰুকা৷ বজাৰত বয়-বস্তুৰ দামে মানুহক সৰ্বস্বান্ত কৰিছে৷ কিন্তু বিশ্বৰ আন বহু দেশতকৈ এতিয়াও ভাৰতত বস্তুৰ দাম ভালে নি কমি আছে৷ ভোগৰ দিনত সেয়াই এটা ইতিবাচক খবৰ৷ ফিলিপাইনছৰ দৰে দেশত পিঁয়াজৰ দাম কিলোগ্ৰামত ৯০০ টকা হৈছে, পাকিস্তানত ৪০০ টকা৷ 

কিন্তু ভাৰতত এতিয়াও পিঁয়াজৰ কিলোই প্ৰতি দাম ৩০-৩৫ টকা হৈয়েই আছে৷ খাদ্য খণ্ডত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা বৰ্ধিত মূল্যবৃদ্ধিয়ে বিশ্বব্যাপী প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ কিন্তু বিগত বৰ্ষৰ  ডিচেম্বৰত ভাৰতৰ খাদ্য মুদ্ৰাস্ফীতি ৪.১৯ শতাংশলৈ হ্ৰাস পাইছে ৷ এয়া বছৰটোৰ ভিতৰত সৰ্বনিম্ন আৰু বিশ্বৰ ভিতৰতো সৰ্বনিম্ন। এনে তথ্যই  দেশৰ নীতি নিৰ্ধাৰকসকলক  এক বৃহৎ সকাহ প্ৰদান কৰিব ৷ খাদ্য সুৰক্ষা আৰু উৎপাদনক লৈ বিশ্বব্যাপী উদ্বেগ বৃদ্ধি পাইছে। 

খাদ্যৰ মুদ্ৰাস্ফীতি হ্ৰাস হোৱাৰ ফলত পাচলি, মাহজাতীয় শস্য আৰু খোৱা তেলৰ মূল্য হ্ৰাস পাইছে। ২০২২ চনৰ ডিচেম্বৰত চীনত খাদ্যৰ মূল্য বাৰ্ষিক ৪.৮ শতাংশ বৃদ্ধি পাইছিল৷  আনহাতে দক্ষিণ এছিয়াৰ আন দেশ যেনে  বাংলাদেশৰ খাদ্য মুদ্ৰাস্ফীতি ৭.৯ শতাংশ, শ্ৰীলংকাত ৬৪.৪ শতাংশ আৰু নৱেম্বৰত নেপালৰ খাদ্যৰ মূল্য আছিল ৭.৩৮ শতাংশ। পাকিস্তানত বিগত বৰ্ষৰ  ডিচেম্বৰত খাদ্যৰ মূল্য ৩৫.৫  শতাংশ বৃদ্ধি পাইছে। অন্যান্য এছিয়াৰ অৰ্থনীতিসমূহৰ ভিতৰত নৱেম্বৰত জাপানৰ খাদ্য মুদ্ৰাস্ফীতি আছিল ৬.৯ শতাংশ ৷

 ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰই খাদ্যৰ মুদ্ৰাস্ফীতি ১০.৪ শতাংশ পঞ্জীয়ন কৰিছিল। ডিচেম্বৰত ব্ৰিটেইনৰ বাৰ্ষিক খাদ্য মুদ্ৰাস্ফীতি ১৩.৩ শতাংশ বৃদ্ধি পাইছিল।  নৱেম্বৰত ভাৰতৰ খাদ্যমুদ্ৰাস্ফীতি প্ৰতিত ৪.৬৭ আছিল শতাংশ। ডিচেম্বৰত পাচলিৰ মূল্যৰ বহু খিনি কমি যায়৷  ডিচেম্বৰত ভাৰতৰ সামগ্ৰিক চিপিআই মুদ্ৰাস্ফীতি ৫.৭২  শতাংশলৈ হ্ৰাস পাইছে৷ 






 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক