--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি উৰুকা৷ বজাৰত বয়-বস্তুৰ দামে মানুহক সৰ্বস্বান্ত কৰিছে৷ কিন্তু বিশ্বৰ আন বহু দেশতকৈ এতিয়াও ভাৰতত বস্তুৰ দাম ভালে নি কমি আছে৷ ভোগৰ দিনত সেয়াই এটা ইতিবাচক খবৰ৷ ফিলিপাইনছৰ দৰে দেশত পিঁয়াজৰ দাম কিলোগ্ৰামত ৯০০ টকা হৈছে, পাকিস্তানত ৪০০ টকা৷ 

কিন্তু ভাৰতত এতিয়াও পিঁয়াজৰ কিলোই প্ৰতি দাম ৩০-৩৫ টকা হৈয়েই আছে৷ খাদ্য খণ্ডত আটাইতকৈ বেছি প্ৰভাৱ পেলোৱা বৰ্ধিত মূল্যবৃদ্ধিয়ে বিশ্বব্যাপী প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে৷ কিন্তু বিগত বৰ্ষৰ  ডিচেম্বৰত ভাৰতৰ খাদ্য মুদ্ৰাস্ফীতি ৪.১৯ শতাংশলৈ হ্ৰাস পাইছে ৷ এয়া বছৰটোৰ ভিতৰত সৰ্বনিম্ন আৰু বিশ্বৰ ভিতৰতো সৰ্বনিম্ন। এনে তথ্যই  দেশৰ নীতি নিৰ্ধাৰকসকলক  এক বৃহৎ সকাহ প্ৰদান কৰিব ৷ খাদ্য সুৰক্ষা আৰু উৎপাদনক লৈ বিশ্বব্যাপী উদ্বেগ বৃদ্ধি পাইছে। 

খাদ্যৰ মুদ্ৰাস্ফীতি হ্ৰাস হোৱাৰ ফলত পাচলি, মাহজাতীয় শস্য আৰু খোৱা তেলৰ মূল্য হ্ৰাস পাইছে। ২০২২ চনৰ ডিচেম্বৰত চীনত খাদ্যৰ মূল্য বাৰ্ষিক ৪.৮ শতাংশ বৃদ্ধি পাইছিল৷  আনহাতে দক্ষিণ এছিয়াৰ আন দেশ যেনে  বাংলাদেশৰ খাদ্য মুদ্ৰাস্ফীতি ৭.৯ শতাংশ, শ্ৰীলংকাত ৬৪.৪ শতাংশ আৰু নৱেম্বৰত নেপালৰ খাদ্যৰ মূল্য আছিল ৭.৩৮ শতাংশ। পাকিস্তানত বিগত বৰ্ষৰ  ডিচেম্বৰত খাদ্যৰ মূল্য ৩৫.৫  শতাংশ বৃদ্ধি পাইছে। অন্যান্য এছিয়াৰ অৰ্থনীতিসমূহৰ ভিতৰত নৱেম্বৰত জাপানৰ খাদ্য মুদ্ৰাস্ফীতি আছিল ৬.৯ শতাংশ ৷

 ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰই খাদ্যৰ মুদ্ৰাস্ফীতি ১০.৪ শতাংশ পঞ্জীয়ন কৰিছিল। ডিচেম্বৰত ব্ৰিটেইনৰ বাৰ্ষিক খাদ্য মুদ্ৰাস্ফীতি ১৩.৩ শতাংশ বৃদ্ধি পাইছিল।  নৱেম্বৰত ভাৰতৰ খাদ্যমুদ্ৰাস্ফীতি প্ৰতিত ৪.৬৭ আছিল শতাংশ। ডিচেম্বৰত পাচলিৰ মূল্যৰ বহু খিনি কমি যায়৷  ডিচেম্বৰত ভাৰতৰ সামগ্ৰিক চিপিআই মুদ্ৰাস্ফীতি ৫.৭২  শতাংশলৈ হ্ৰাস পাইছে৷ 






 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু