--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী ণতি শ্বাহৰ সুৰতে সুৰ মিলাই কথা ক’লে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে।  সমগ্ৰ দেশত সাত দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব নাগৰিকত্‌ব সংশোধনী আইন। বংগত এই ঘোষণা কৰিলে   কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে । মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে ২০১৯ চনৰ ডিচেম্বৰত সংসদৰ দ্বাৰা গৃহীত  নাগৰিকত্ব (সংশোধনী) আইন (চিএএ) অহা সাত দিনৰ ভিতৰত সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব।

দেওবাৰে দক্ষিণ ২৪ পৰগণা জিলাৰ কাকদ্বীপত এখন ৰাজহুৱা সভাত ভাষণ দি কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, "এতিয়া ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে। আজি, মই নিশ্চয়তা দিব পাৰোঁ যে অহা সাত দিনৰ ভিতৰত, কেৱল পশ্চিম বংগতে নহয়, সমগ্ৰ ভাৰততে কা  কাৰ্যকৰী কৰা হ'ব। আইনখন প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী কৰা হ'ব।"
মাতুৱা সম্প্ৰদায়ৰ আধিপত্য থকা সমষ্টি বঙাওঁৰ বিজেপি সাংসদগৰাকীয়ে লগতে অভিযোগ কৰে যে ৰাজ্য চৰকাৰৰ পৰা বাৰে বাৰে আশ্বাস দিয়া স্বত্বেও বৃহৎ সংখ্যক মাতুৱা সম্প্ৰদায়ৰ লোকক   ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড  দিয়া হোৱা নাই। 

তেওঁ কয় "পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে যিসকলে ১৯৭১ চনৰ (বাংলাদেশ মুক্তি যুদ্ধ) পিছত ভাৰতলৈ প্ৰব্ৰজন কৰিছিল আৰু যিসকলৰ ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড আছে তেওঁলোক এই দেশৰ নাগৰিক। কিন্তু ইয়াত হাজাৰ হাজাৰ লোক আছে, যাক ভোটাৰ পৰিচয় পত্ৰ দিয়া হোৱা নাই। তেওঁলোক মাতুৱা সম্প্ৰদায়ৰ আৰু তেওঁলোকে বিজেপিক সমৰ্থন কৰাৰ বাবেই নেকি? ৰাজ্য চৰকাৰে দলৰ  ৰাজনৈতিক কাৰ্যসূচীৰ সৈতে খাপ খোৱাকৈ কামবোৰ  কৰি আছে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে  যিসকলে ১৯৭১ চনৰ পিছত ইয়ালৈ আহিছে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ নাগৰিকত্বৰ প্ৰয়োজন। এইকাৰণেই কেন্দ্ৰই কা  আনিছে। সেয়েহে কা  কাৰ্যকৰী কৰিব লাগিব," ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও যোৱা বছৰ ডিচেম্বৰত কৈছিল যে বিজেপি কাৰ ৰূপায়ণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। পশ্চিম বংগত এক দলীয় সমাৱেশক সম্বোধন কৰি অমিত শ্বাহে কৈছিল , "দিদিয়ে (পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী) প্ৰায়ে কা  সন্দৰ্ভত আমাৰ শৰণাৰ্থী ভাতৃসকলক বিপথে পৰিচালিত কৰে। মই এয়া  স্পষ্ট কৰি দিওঁ যে কা  হৈছে দেশৰ আইন আৰু কোনেও ইয়াক বন্ধ কৰিব নোৱাৰে। সকলোৱে নাগৰিকত্ব লাভ কৰিবলৈ গৈ আছে। এয়া আমাৰ দলৰ প্ৰতিশ্ৰুতি"।বংগৰ মাতুৱাসকল অনুসূচীত জাতি নমসুদ্ৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত । যিসকল লোকে  বৃহৎ সংখ্যাত ভাৰতলৈ প্ৰব্ৰজন কৰিছিল, প্ৰথমে দেশ বিভাজনৰ সময়ত, আৰু তাৰ পিছত ১৯৭১  চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ পিছত। পশ্চিম বংগৰ তিনি কোটি মাতিয়াৰ বেছিভাগেই ৰাজ্যখনৰ উত্তৰ ২৪  পৰগণা আৰু নাদিয়া জিলাত বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement