--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী ণতি শ্বাহৰ সুৰতে সুৰ মিলাই কথা ক’লে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে।  সমগ্ৰ দেশত সাত দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব নাগৰিকত্‌ব সংশোধনী আইন। বংগত এই ঘোষণা কৰিলে   কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে । মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে ২০১৯ চনৰ ডিচেম্বৰত সংসদৰ দ্বাৰা গৃহীত  নাগৰিকত্ব (সংশোধনী) আইন (চিএএ) অহা সাত দিনৰ ভিতৰত সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ'ব।

দেওবাৰে দক্ষিণ ২৪ পৰগণা জিলাৰ কাকদ্বীপত এখন ৰাজহুৱা সভাত ভাষণ দি কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, "এতিয়া ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে। আজি, মই নিশ্চয়তা দিব পাৰোঁ যে অহা সাত দিনৰ ভিতৰত, কেৱল পশ্চিম বংগতে নহয়, সমগ্ৰ ভাৰততে কা  কাৰ্যকৰী কৰা হ'ব। আইনখন প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী কৰা হ'ব।"
মাতুৱা সম্প্ৰদায়ৰ আধিপত্য থকা সমষ্টি বঙাওঁৰ বিজেপি সাংসদগৰাকীয়ে লগতে অভিযোগ কৰে যে ৰাজ্য চৰকাৰৰ পৰা বাৰে বাৰে আশ্বাস দিয়া স্বত্বেও বৃহৎ সংখ্যক মাতুৱা সম্প্ৰদায়ৰ লোকক   ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড  দিয়া হোৱা নাই। 

তেওঁ কয় "পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে যিসকলে ১৯৭১ চনৰ (বাংলাদেশ মুক্তি যুদ্ধ) পিছত ভাৰতলৈ প্ৰব্ৰজন কৰিছিল আৰু যিসকলৰ ভোটাৰ পৰিচয় পত্ৰ আৰু আধাৰ কাৰ্ড আছে তেওঁলোক এই দেশৰ নাগৰিক। কিন্তু ইয়াত হাজাৰ হাজাৰ লোক আছে, যাক ভোটাৰ পৰিচয় পত্ৰ দিয়া হোৱা নাই। তেওঁলোক মাতুৱা সম্প্ৰদায়ৰ আৰু তেওঁলোকে বিজেপিক সমৰ্থন কৰাৰ বাবেই নেকি? ৰাজ্য চৰকাৰে দলৰ  ৰাজনৈতিক কাৰ্যসূচীৰ সৈতে খাপ খোৱাকৈ কামবোৰ  কৰি আছে বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে  যিসকলে ১৯৭১ চনৰ পিছত ইয়ালৈ আহিছে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ নাগৰিকত্বৰ প্ৰয়োজন। এইকাৰণেই কেন্দ্ৰই কা  আনিছে। সেয়েহে কা  কাৰ্যকৰী কৰিব লাগিব," ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও যোৱা বছৰ ডিচেম্বৰত কৈছিল যে বিজেপি কাৰ ৰূপায়ণৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। পশ্চিম বংগত এক দলীয় সমাৱেশক সম্বোধন কৰি অমিত শ্বাহে কৈছিল , "দিদিয়ে (পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী) প্ৰায়ে কা  সন্দৰ্ভত আমাৰ শৰণাৰ্থী ভাতৃসকলক বিপথে পৰিচালিত কৰে। মই এয়া  স্পষ্ট কৰি দিওঁ যে কা  হৈছে দেশৰ আইন আৰু কোনেও ইয়াক বন্ধ কৰিব নোৱাৰে। সকলোৱে নাগৰিকত্ব লাভ কৰিবলৈ গৈ আছে। এয়া আমাৰ দলৰ প্ৰতিশ্ৰুতি"।বংগৰ মাতুৱাসকল অনুসূচীত জাতি নমসুদ্ৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত । যিসকল লোকে  বৃহৎ সংখ্যাত ভাৰতলৈ প্ৰব্ৰজন কৰিছিল, প্ৰথমে দেশ বিভাজনৰ সময়ত, আৰু তাৰ পিছত ১৯৭১  চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ পিছত। পশ্চিম বংগৰ তিনি কোটি মাতিয়াৰ বেছিভাগেই ৰাজ্যখনৰ উত্তৰ ২৪  পৰগণা আৰু নাদিয়া জিলাত বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু