--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক কাঁহী-বাতি বজাবলৈ দিছিল। এই কাৰ্যই বহুতকে আচৰিত কৰি তুলিছিল। বহুতে এনেদৰে কাঁহী-বাতি বজাবলৈ আহ্বান জনোৱাৰ বাবে মোদীক সমালোচনাও কৰিছিল। অৱশেষত প্ৰায় চাৰি বছৰৰ মূৰত প্ৰধানমন্ত্ৰী মোদীয়ে কাঁহী-বাতি বজাবলৈ আহ্বান জনোৱাৰ কাৰণ বাখ্যা কৰিছে। পৰীক্ষা পে চৰ্চা অনুষ্ঠানত   প্ৰধানমন্ত্ৰী মোদীয়ে  কৰোনা কালৰ উদাহৰণ দাঙি ধৰে  আৰু কয় যে তেওঁ কিয় সেই সময়ত দেশৰ লোকসকলক কাঁহী-বাতি বজাবলৈ কৈছিল। 

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি শিক্ষাৰ্থীসকলৰ সৈতে পৰীক্ষা পে চৰ্চাত ভাগলৈ  কোভিডকালৰ সেই বিশেষ ঘঠনাটোৰ কথা উল্লেখ কৰে। সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলেও ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে পৰীক্ষা পে চৰ্চাত যোগদান কৰে আৰু প্ৰধানমন্ত্ৰী মোদীক নানান প্ৰশ্ন সোধে।  প্ৰধানমন্ত্ৰী মোদীয়ে নানান  উদাহৰণ দি শিক্ষাৰ্থীসকলক বুজাই দিছিল যে তেওঁলোকে  পৰীক্ষা যোদ্ধা হ'ব লাগিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে কৰোনা ভাইৰাছৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধৰ উদাহৰণ দাঙি ধৰি  কয় যে  কঠিন সময়ৰ সন্মুখীন হ'বলৈ সাহসেৰে কেনেদৰে থিয় দিব লাগে সেয়া সকলোৱে জানিব লাগিব। 

তেওঁ কয়  যে ২০২০ চনত কৰোনাৰ সময়ত মানুহক কাঁহী-বাতি বজাবলৈ দিয়াৰ বিষয়ত মন্তব্য কৰি মোদীয়ে কয় যে কাঁহী-বাতি বজালেই বা চাকি জ্বলালেই  কৰোনাৰ পৰা সকাহ পাব নোৱাৰি বা কৰোনা আঁতৰিও নাযায়।  । কৰোনাৰ বিৰুদ্ধে যুদ্ধত দেশৰ জনসাধাৰণক একত্ৰিত কৰিবলৈয়েই  এনে কৰা হৈছিল। যেতিয়া সমগ্ৰ দেশৰ মানুহে একে সময়তে কাঁহী-বাতি বজাইছিল, একে সময়তে চাকি জ্বলাইছিল, ই তেওঁলোকক একতাৰ দোলেৰে বান্ধিছিল আৰু সংকটৰ সময়ত একেলগে থিয় হোৱাৰ সাহস দিছিল। । মানুহে  উপলব্ধি কৰিছিল যে তেওঁলোকে কৰোনাৰ বিৰুদ্ধে অকলে যুঁজ দিয়া নাই। 

প্ৰধানমন্ত্ৰী মোদীয়ে এইবুলিও কয়  যে কৰোনা এক গোলকীয় মহামাৰী আছিল। গোটেই পৃথিৱীখন বিধ্বস্ত হৈছিল।  দেশত ১৪০ কোটি লোক আছে। যদি সকলোৱে একেলগে ইয়াৰ সন্মুখীন হয়, তেন্তে আমি এই সংকটৰ  পৰা ওলাই আহিব পাৰিম। সেই কথা চিন্তা কৰিয়েই দেশবাসীক কাঁহী-বাতি বজাবলৈ দিয়া হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু