--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক কাঁহী-বাতি বজাবলৈ দিছিল। এই কাৰ্যই বহুতকে আচৰিত কৰি তুলিছিল। বহুতে এনেদৰে কাঁহী-বাতি বজাবলৈ আহ্বান জনোৱাৰ বাবে মোদীক সমালোচনাও কৰিছিল। অৱশেষত প্ৰায় চাৰি বছৰৰ মূৰত প্ৰধানমন্ত্ৰী মোদীয়ে কাঁহী-বাতি বজাবলৈ আহ্বান জনোৱাৰ কাৰণ বাখ্যা কৰিছে। পৰীক্ষা পে চৰ্চা অনুষ্ঠানত   প্ৰধানমন্ত্ৰী মোদীয়ে  কৰোনা কালৰ উদাহৰণ দাঙি ধৰে  আৰু কয় যে তেওঁ কিয় সেই সময়ত দেশৰ লোকসকলক কাঁহী-বাতি বজাবলৈ কৈছিল। 

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি শিক্ষাৰ্থীসকলৰ সৈতে পৰীক্ষা পে চৰ্চাত ভাগলৈ  কোভিডকালৰ সেই বিশেষ ঘঠনাটোৰ কথা উল্লেখ কৰে। সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলেও ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে পৰীক্ষা পে চৰ্চাত যোগদান কৰে আৰু প্ৰধানমন্ত্ৰী মোদীক নানান প্ৰশ্ন সোধে।  প্ৰধানমন্ত্ৰী মোদীয়ে নানান  উদাহৰণ দি শিক্ষাৰ্থীসকলক বুজাই দিছিল যে তেওঁলোকে  পৰীক্ষা যোদ্ধা হ'ব লাগিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে কৰোনা ভাইৰাছৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধৰ উদাহৰণ দাঙি ধৰি  কয় যে  কঠিন সময়ৰ সন্মুখীন হ'বলৈ সাহসেৰে কেনেদৰে থিয় দিব লাগে সেয়া সকলোৱে জানিব লাগিব। 

তেওঁ কয়  যে ২০২০ চনত কৰোনাৰ সময়ত মানুহক কাঁহী-বাতি বজাবলৈ দিয়াৰ বিষয়ত মন্তব্য কৰি মোদীয়ে কয় যে কাঁহী-বাতি বজালেই বা চাকি জ্বলালেই  কৰোনাৰ পৰা সকাহ পাব নোৱাৰি বা কৰোনা আঁতৰিও নাযায়।  । কৰোনাৰ বিৰুদ্ধে যুদ্ধত দেশৰ জনসাধাৰণক একত্ৰিত কৰিবলৈয়েই  এনে কৰা হৈছিল। যেতিয়া সমগ্ৰ দেশৰ মানুহে একে সময়তে কাঁহী-বাতি বজাইছিল, একে সময়তে চাকি জ্বলাইছিল, ই তেওঁলোকক একতাৰ দোলেৰে বান্ধিছিল আৰু সংকটৰ সময়ত একেলগে থিয় হোৱাৰ সাহস দিছিল। । মানুহে  উপলব্ধি কৰিছিল যে তেওঁলোকে কৰোনাৰ বিৰুদ্ধে অকলে যুঁজ দিয়া নাই। 

প্ৰধানমন্ত্ৰী মোদীয়ে এইবুলিও কয়  যে কৰোনা এক গোলকীয় মহামাৰী আছিল। গোটেই পৃথিৱীখন বিধ্বস্ত হৈছিল।  দেশত ১৪০ কোটি লোক আছে। যদি সকলোৱে একেলগে ইয়াৰ সন্মুখীন হয়, তেন্তে আমি এই সংকটৰ  পৰা ওলাই আহিব পাৰিম। সেই কথা চিন্তা কৰিয়েই দেশবাসীক কাঁহী-বাতি বজাবলৈ দিয়া হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক