--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰ জে ডি নেতা লালু প্ৰসাদ যাদৱৰ কিডনী ট্ৰান্সপ্লাণ্টৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন হৈছে। তেওঁৰ কন্যা ৰোহিনীয়ে এটা বৃক্কদান কৰিছে। কিন্তু প্ৰশ্ন হয় এজন ব্যক্তিয়ে এটা বৃক্কৰ সহায়ত গোটেই জীৱন কটাব পাৰেনে? কিডনী দাতাই কি কি দিশৰ যত্ন ল’ব লাগে? তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ’ল-সংৰোপণ কৰা ব্যক্তিজনে কি কি কথাত গুৰুত্ব দিব লাগে যাতে তেওঁৰ ভৱিষ্যৎ জীৱনটো সুচাৰুৰূপে পাৰ হয়।

 বৃক্কদান কৰাটো সৰু কথা নহয়-

মানুহৰ শৰীৰত দুটা বৃক্ক থাকে। বৃক্কৰ কাম হ’ল শৰীৰৰ তেজ পৰিষ্কাৰ কৰা, লগতে ই শৰীৰৰ দূষিত পদাৰ্থসমূহ পৰিষ্কাৰ কৰি উলিয়াই দিয়া। এক কথাত ক’বলৈ গ’লে ই এটা ফিল্টাৰসদৃশ। যিয়ে শৰীৰৰ দূষিত পদাৰ্থসমূহ পৰিষ্কাৰ কৰাৰ কাম কৰে। প্ৰয়োজন সাপেক্ষে পৰিয়ালৰ সদস্যই বৃক্কদান কৰে যদিও ই এক ডাঙৰ কথা। কাৰণ বৃক্কদান কৰা ব্যক্তিজনে তেওঁৰ জীৱনটোও বহুত সলনি হয় আৰু আগন্তুক জীৱনৰ বাবে বহু কথাও বিশেষভাৱে যত্ন ল’বলগা হয়।

 এটা বৃক্কৰ সহায়ত গোটেই জীৱন কটাব পাৰিনে?

কিডনী বিশেষজ্ঞৰ মতে এজন ব্যক্তিৰ দুটা বৃক্ক থাকে। কিন্তু যেতিয়া এজন ব্যক্তিয়ে নিজৰ এটা বৃক্কদান কৰে, তেতিয়াই আনটো বৃক্কৰ কাম অধিক বৃদ্ধি পায়। ইয়াৰ অৰ্থ হৈছে শৰীৰ পৰিষ্কাৰ কৰাৰ সমগ্ৰ বোজা এটা বৃক্কৰ ওপৰত পৰে। এটা বৃক্কৰ কাৰ্য্য বাঢ়ি যায় আৰু যদি আপুনি আপোনাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস সঠিকভাৱে ৰাখে, তেন্তে এটা বৃক্কৰ সহায়তো আপুনি স্বাভাৱিক জীৱন-যাপন কৰিব পাৰিব।

 বৃক্কদান কৰা ব্যক্তিজন সুস্থ হ’ব লাগে-

যদি কিডনী দান কৰা ব্যক্তিজন সুস্থ হয়, তেন্তে বুজিব যে ভৱিষ্যতে কোনো সমস্যা নহ’ব আৰু তেওঁ স্বাভাৱিক জীৱন-যাপন কৰিব পাৰিব। আনহাতে, যদি কোনো ব্যক্তিয়ে ৩০-৪০ বছৰৰ ভিতৰত কিডনী দান কৰে তেন্তে তাৰ অৰ্থ হ’ল তেওঁ অতি সুস্থ আৰু আগন্তুক ২০-২৫ বছৰলৈ কোনো সমস্যা নহ’ব।

 বৃক্কদান কৰিবলৈ সঠিক বয়স-

বৃক্কদানৰ বাবে উপযুক্ত বয়স ৩০-৪০ বছৰৰ ভিতৰত। কিন্তু এতিয়া ৬০-৬৫ বছৰ বয়সৰ লোকেও বৃক্কদান কৰে। কাৰণ আজিকালি কিডনি দান কৰা মানুহ পোৱা নাযায়।

 কিডনীদাতাই এইবোৰৰ যত্ন ল’ব লাগে-

বৃক্কদানৰ পাছত এইবোৰৰ যত্ন লোৱাটো দাতাৰ বাবে অতি প্ৰয়োজনীয়। উদাহৰণস্বৰূপে ৬ সপ্তাহলৈকে কোনো গধুৰ বস্তু দাঙিব নালাগে। কোনো কঠিন ব্যায়াম নকৰিব বা ক্লান্তিকৰ কাম নকৰিব।

 কিডনীদাতাই নিজৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন ল’ব লাগে-

বৃক্কদান কৰাৰ পাছত দানকাৰীয়ে সদায় এটা কথা জানিব লাগে যে তেওঁলোকে মদ, কেফেইন আৰু উচ্চ প্ৰটিনযুক্ত খাদ্য খাব নালাগে। এই সকলোবোৰ হজম কৰিবলৈ হ’লে বৃক্কত অধিক বোজা পৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক