--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৃক্ক আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। বহু সময়ত কোনো কাৰণত বৃক্কৰ স্বাস্থ্যৰ সমস্যাই দেখা দিলে চিকিৎসকে এটা বৃক্ক আঁতৰাই পেলাবলগীয়াও হয়। কিন্তু ইয়াৰ পাছতো এটা বৃক্কৰেও আপুনি অতিবাহিত কৰিব পাৰিব সুস্থ জীৱন। বহু লোকে এটা বৃক্কৰে জীয়াই থকাৰ কথা কয় আৰু তেওঁলোকৰ মাজত একপ্ৰকাৰৰ ভয়ৰ সৃষ্টি হয়। নেশ্যনেল চেণ্টাৰ ফৰ বায়’টেকন’লজি ইনফৰ্মেশ্যনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি জীৱনশৈলী সুস্থ হ’লে এটা বৃক্ক থকাটোৱে কোনো সমস্যাৰ সৃষ্টি নকৰে। এটা বৃক্কৰে জীৱনটো কেনেকৈ সুখী আৰু সুস্থ কৰি ৰাখিব পাৰি জানো আহক।

১. নিমখ কমকৈ খাব লাগে : বেছিকৈ নিমখ খোৱাটো স্বাস্থ্যৰ বাবে বিপজ্জনক। কিন্তু একক বৃক্ক ৰোগীৰ বাবে ই আৰু অধিক ক্ষতিকাৰক হৈ পৰে। সেয়েহে খাদ্যৰ তালিকাত ছডিয়াম আৰু ফছফৰাছ হ্ৰাস কৰা উচিত। ইয়াৰ ফলত বৃক্কৰ কাৰ্যত কোনো প্ৰভাৱ নপৰে।

২. উচ্চ প্ৰটিনযুক্ত খাদ্যৰ পৰা আঁতৰি থাকক : বৃক্ক ৰোগীয়ে খাদ্য তালিকাৰ পৰা প্ৰটিনযুক্ত খাদ্য এৰাই চলা উচিত, কাৰণ ইয়াৰ ফলত বৃক্কত যথেষ্ট চাপ পৰে। একক বৃক্ক অধিকাৰীসকলৰ বাবে ই অতি বিপজ্জনক।
 
৩. ডায়েবেটিছ আৰু বি পি নিয়ন্ত্ৰণত ৰাখিব লাগে  : ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ থকা ৰোগীৰ বৃক্কৰ সমস্যাৰ সম্ভাৱনা বেছি। এনে পৰিস্থিতিত যদি তেওঁলোকৰ মাত্ৰ এটা বৃক্ক থাকে তেন্তে ইয়াৰ আশংকা আৰু অধিক বৃদ্ধি পায়। গতিকে যিমানদূৰ সম্ভৱ ডায়বেটিছ আৰু বি পি নিয়ন্ত্ৰণত ৰখা উচিত। 

৪. প্ৰস্ৰাৱৰ সংক্ৰমণৰ পৰা বাছি থাকক : যদি একক বৃক্ক থকা ৰোগীৰ ক্ষেত্ৰত প্ৰস্ৰাৱৰ সংক্ৰমণৰ লক্ষণে দেখা দিয়ে, তেন্তে কোনো পলম নকৰাকৈ চিকিৎসকৰ কাষ চাপক। এই সংক্ৰমণ পৰা হাত সাৰিবলৈ ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰৰ পৰা বিৰত থাকক।

৫. ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক : একক বৃক্কৰ লোকসকলে ধূমপান আৰু মদ্যপানৰ পৰা বিৰত থকা উচিত। কাৰণ ধূমপান আৰু মদ্যপানৰ ফলত বৃক্কৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। 
 
৬. ব্যায়াম কৰক : একক বৃক্কৰ লোকসকলে জীৱনশৈলী সুস্থ কৰি ৰাখিবলৈ নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰা উচিত। ইয়াৰ ফলত বৃক্কৰ স্বাস্থ্য আৰু কৰ্মক্ষমতা উন্নত হয় আৰু ডায়েবেটিছ তথা উচ্চ বি পি হোৱাৰ সম্ভাৱনাও হ্ৰাস হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ