--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা গৰুৰ পেটত পোৱা গ’ল ৬৫ কেজিৰ প্লাষ্টিক আৰু অন্যান্য কঠিন ধাতুৰ জাবৰ। সমগ্ৰ ঘটনাটোৱে চিকিৎসকসকলক বিস্মিত কৰি তুলিছে।

ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ মাদুৰাইত। কিছুদিন পূৰ্বে পৰমেশ্বৰম নামৰ এজন লোকে তেওঁৰ ৬ বছৰ বয়সীয়া পোহনীয়া গৰুটো এখন হস্পিতাললৈ লৈ আহিছিল।

চিকিৎসকসকলক তেওঁ জনায় যে গৰুটোৱে ভালদৰে খোৱা বোৱা কৰা নাই। প্ৰায়ে অনাহাৰে কটায়। ফলস্বৰূপে তাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।

তাৰপাছতে চিকিৎসকসকলে গৰুটোৰ স্বাস্থ্য পৰীক্ষা কৰে। তেতিয়াই গৰুটোৰ পাকস্থলীত অদ্ভূত কিছু দ্ৰব্য চকুত পৰে চিকিৎসকসকলৰ। গৰুটো অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হয়।

অস্ত্ৰোপচাৰ কৰি গৰুটোৰ পেটৰ পৰা ৬৫ কেজি প্লাষ্টিক আৰু অন্যান্য ধাতৱ জাবৰ উদ্ধাৰ কৰা হয়। কেনেকৈ ইমান পৰিমাণৰ প্লাষ্টিক গৰুটোৱে ভক্ষণ কৰিছিল, সেই কথা ভাবি চিকিৎসকলসকল আচৰিত হৈ পৰে। তদুপৰি ৬৫ কেজি প্লাষ্টিক পাকস্থলীত লৈও গৰুটো বাচি আছিল, সেই লৈও বিস্ময় প্ৰকাশ কৰিছে চিকিৎসকসকলে।

সংবাদমাধ্যমক চিকিৎসকসকলে জনাইছে যে পেটৰ ভিতৰত প্লাষ্টিকখিনি দলা বান্ধি আছিল। আৰু কিছু দিন এনেদৰে থকা হ’লে গৰুটোৰ মৃত্যু হ’লহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু