--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা গৰুৰ পেটত পোৱা গ’ল ৬৫ কেজিৰ প্লাষ্টিক আৰু অন্যান্য কঠিন ধাতুৰ জাবৰ। সমগ্ৰ ঘটনাটোৱে চিকিৎসকসকলক বিস্মিত কৰি তুলিছে।

ঘটনাটো সংঘটিত হৈছে তামিলনাডুৰ মাদুৰাইত। কিছুদিন পূৰ্বে পৰমেশ্বৰম নামৰ এজন লোকে তেওঁৰ ৬ বছৰ বয়সীয়া পোহনীয়া গৰুটো এখন হস্পিতাললৈ লৈ আহিছিল।

চিকিৎসকসকলক তেওঁ জনায় যে গৰুটোৱে ভালদৰে খোৱা বোৱা কৰা নাই। প্ৰায়ে অনাহাৰে কটায়। ফলস্বৰূপে তাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে।

তাৰপাছতে চিকিৎসকসকলে গৰুটোৰ স্বাস্থ্য পৰীক্ষা কৰে। তেতিয়াই গৰুটোৰ পাকস্থলীত অদ্ভূত কিছু দ্ৰব্য চকুত পৰে চিকিৎসকসকলৰ। গৰুটো অস্ত্ৰোপচাৰৰ সিদ্ধান্ত লোৱা হয়।

অস্ত্ৰোপচাৰ কৰি গৰুটোৰ পেটৰ পৰা ৬৫ কেজি প্লাষ্টিক আৰু অন্যান্য ধাতৱ জাবৰ উদ্ধাৰ কৰা হয়। কেনেকৈ ইমান পৰিমাণৰ প্লাষ্টিক গৰুটোৱে ভক্ষণ কৰিছিল, সেই কথা ভাবি চিকিৎসকলসকল আচৰিত হৈ পৰে। তদুপৰি ৬৫ কেজি প্লাষ্টিক পাকস্থলীত লৈও গৰুটো বাচি আছিল, সেই লৈও বিস্ময় প্ৰকাশ কৰিছে চিকিৎসকসকলে।

সংবাদমাধ্যমক চিকিৎসকসকলে জনাইছে যে পেটৰ ভিতৰত প্লাষ্টিকখিনি দলা বান্ধি আছিল। আৰু কিছু দিন এনেদৰে থকা হ’লে গৰুটোৰ মৃত্যু হ’লহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক