--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত এক অবাঞ্চিত ঘটনা সংঘটিত হৈছে। এজন লোকে অমৃতসৰৰ স্বৰ্ণমন্দিৰত প্ৰৱেশ কৰিছিল আৰু তাত থকা তৰোৱালখন উঠাবলৈ চেষ্টা কৰাৰ অপৰাধত লোকজনক স্থানীয় একাংশ লোকে বেয়াকৈ প্ৰহাৰ কৰি হত্যা কৰে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, প্ৰহাৰ কৰা যুৱকজন উত্তৰ প্ৰদেশৰ আছিল কিন্তু তেওঁৰ সম্পূৰ্ণ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনাৰ সবিশেষ বৰ্ণনা কৰি আৰক্ষীয়ে কয়, ‘প্ৰায় ২৪ৰ পৰা ২৫ বছৰীয়া যুৱকজনে স্বৰ্ণমন্দিৰত দৰবাৰ চাহিবৰ ভিতৰলৈ গৈছিল। তাৰ পাছত তেওঁক একাংশ লোকে শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল, লোকজনক মানুহে মন্দিৰৰ বাহিৰলৈ টানি উলিয়াই আনে তাৰ পাছত দলবদ্ধ আক্ৰমণ কৰি হত্যা কৰে৷ ইতিমধ্যে মৃতদেহটো পঞ্জাবৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।’


প্ৰত্যক্ষদৰ্শীৰ মতে, মানুহজনে সন্ধিয়াৰ প্ৰাৰ্থনাৰ সময়ত স্বৰ্ণ মন্দিৰৰ ভিতৰভাগলৈ ৰেলিঙৰ ওপৰেৰে জঁপিয়াবলৈ চেষ্টা কৰিছিল আৰু শিখসকলৰ পবিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহিবৰ সন্মুখত ৰখা তৰোৱালখন স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল। তেতিয়াই তাত উপস্থিত লোকসকলে লোকজনক হত্যা কৰিছিল। উল্লেখ্য যে, চাহিবৰ তৰোৱালখন কোনো লোকেই চুবলৈ সাহস নকৰে, তেনেস্থলত যুৱকজনে মন্দিৰৰ গ্ৰীলখন ভাঙি গুৰুগ্ৰন্থ চাহিবৰ ওচৰলৈ গৈ তৰোৱালখন তুলি লোৱাত ক্ষুব্ধ হৈ পৰে ভক্তসকল।

তাৰ পাছতে গণপ্ৰহাৰত লোকজনৰ মৃত্যু হয়৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী আৰু শীৰ্ষ নেতাসকলে এই ঘটনাক গৰিহণা দিছে৷ মুখ্যমন্ত্ৰী চান্নীয়ে আৰক্ষীক ইয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও স্পৰ্শকাতৰ এই বিষয়টোৰ তদন্ত প্ৰক্ৰিয়াত পঞ্জাব চৰকাৰক সহায়ৰ আশ্বাস দিছে।


ঘটনাটো সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও টুইটযোগ শোক প্ৰকাশ কৰে। তেওঁ লিখিছে, ‘আজি শ্ৰী দৰবাৰ চাহিবত সংঘটিত ঘটনা অতি দুখজনক। এই ঘটনাক লৈ সকলোৱে হতবাক হৈ পৰিছে। এইটো এটা ডাঙৰ ষড়যন্ত্ৰ হ'ব পাৰে। দোষীসকলক কঠোৰতম শাস্তি দিয়া উচিত।' প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পৰা প্ৰকাশ সিং বাদললৈকে, সকলোৱে ঘটনাটোক গৰিহণা দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান