--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত এক অবাঞ্চিত ঘটনা সংঘটিত হৈছে। এজন লোকে অমৃতসৰৰ স্বৰ্ণমন্দিৰত প্ৰৱেশ কৰিছিল আৰু তাত থকা তৰোৱালখন উঠাবলৈ চেষ্টা কৰাৰ অপৰাধত লোকজনক স্থানীয় একাংশ লোকে বেয়াকৈ প্ৰহাৰ কৰি হত্যা কৰে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, প্ৰহাৰ কৰা যুৱকজন উত্তৰ প্ৰদেশৰ আছিল কিন্তু তেওঁৰ সম্পূৰ্ণ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

ঘটনাৰ সবিশেষ বৰ্ণনা কৰি আৰক্ষীয়ে কয়, ‘প্ৰায় ২৪ৰ পৰা ২৫ বছৰীয়া যুৱকজনে স্বৰ্ণমন্দিৰত দৰবাৰ চাহিবৰ ভিতৰলৈ গৈছিল। তাৰ পাছত তেওঁক একাংশ লোকে শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল, লোকজনক মানুহে মন্দিৰৰ বাহিৰলৈ টানি উলিয়াই আনে তাৰ পাছত দলবদ্ধ আক্ৰমণ কৰি হত্যা কৰে৷ ইতিমধ্যে মৃতদেহটো পঞ্জাবৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।’


প্ৰত্যক্ষদৰ্শীৰ মতে, মানুহজনে সন্ধিয়াৰ প্ৰাৰ্থনাৰ সময়ত স্বৰ্ণ মন্দিৰৰ ভিতৰভাগলৈ ৰেলিঙৰ ওপৰেৰে জঁপিয়াবলৈ চেষ্টা কৰিছিল আৰু শিখসকলৰ পবিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহিবৰ সন্মুখত ৰখা তৰোৱালখন স্পৰ্শ কৰিবলৈ চেষ্টা কৰিছিল। তেতিয়াই তাত উপস্থিত লোকসকলে লোকজনক হত্যা কৰিছিল। উল্লেখ্য যে, চাহিবৰ তৰোৱালখন কোনো লোকেই চুবলৈ সাহস নকৰে, তেনেস্থলত যুৱকজনে মন্দিৰৰ গ্ৰীলখন ভাঙি গুৰুগ্ৰন্থ চাহিবৰ ওচৰলৈ গৈ তৰোৱালখন তুলি লোৱাত ক্ষুব্ধ হৈ পৰে ভক্তসকল।

তাৰ পাছতে গণপ্ৰহাৰত লোকজনৰ মৃত্যু হয়৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী আৰু শীৰ্ষ নেতাসকলে এই ঘটনাক গৰিহণা দিছে৷ মুখ্যমন্ত্ৰী চান্নীয়ে আৰক্ষীক ইয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও স্পৰ্শকাতৰ এই বিষয়টোৰ তদন্ত প্ৰক্ৰিয়াত পঞ্জাব চৰকাৰক সহায়ৰ আশ্বাস দিছে।


ঘটনাটো সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও টুইটযোগ শোক প্ৰকাশ কৰে। তেওঁ লিখিছে, ‘আজি শ্ৰী দৰবাৰ চাহিবত সংঘটিত ঘটনা অতি দুখজনক। এই ঘটনাক লৈ সকলোৱে হতবাক হৈ পৰিছে। এইটো এটা ডাঙৰ ষড়যন্ত্ৰ হ'ব পাৰে। দোষীসকলক কঠোৰতম শাস্তি দিয়া উচিত।' প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ পৰা প্ৰকাশ সিং বাদললৈকে, সকলোৱে ঘটনাটোক গৰিহণা দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?