--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংকটে লগ নেৰা হৈছে আম আদমী পাৰ্টিক৷ দুদিন পূৰ্বে সঞ্জয় সিং ইডিৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত এইবাৰৰ আদালতত বিফলতা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাৰ৷ 

দিল্লীৰ পাটিয়ালা হাউচ আদালতে ৰাঘৱ চাদ্ধাক আৱণ্টন কৰা চৰকাৰী বাসভৱন খালী কৰাৰ ৰাজ্যসভা সচিবালয়ৰ নিৰ্দেশৰ অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰত্যাহাৰ কৰিছে। আদালতৰ নিৰ্দেশৰ অৰ্থ হৈছে যে ৰাজ্যসভা সচিবালয়ে এতিয়া ৰাঘৱ চাদ্ধাক তেওঁৰ চৰকাৰী বাসভৱন খালী কৰিবলৈ দিব পাৰে। 

পঞ্জাবৰ পৰা আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত আপ নেতা ৰাঘৱ চাদ্ধাক যোৱা বছৰ ছেপ্টেম্বৰত দিল্লীৰ পাণ্ডাৰা ৰোডত টাইপ-৭ ‘বাংলো’ এটা আৱণ্টন কৰা হৈছিল। কিন্তু এই বছৰৰ মাৰ্চত ৰাঘৱ চাদ্ধাক জনোৱা হৈছিল যে তেওঁ তেওঁৰ টাইপ-৭ বাংলোটো খালী কৰিব লাগিব,  কিয়নো এই বাংলো তেওঁৰ যোগ্যতা অনুসৰি তেওঁ পাব নোৱাৰে! চাদ্ধাক এটা বাংলোৰ সলনি এটা ফ্লেট আৱণ্টন কৰিবলৈ কোৱা হৈছিল।

কিন্তু, ৰাঘৱ চাদ্ধাই ইয়াৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল। ১৮ এপ্ৰিলত দিল্লীৰ পাটিয়ালা হাউছ আদালতে ৰাঘৱ চাদ্ধাক বাংলোটো খালী কৰিবলৈ কোৱা ৰাজ্যসভা সচিবালয়ৰ নিৰ্দেশৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰে। কিন্তু এতিয়া পাটিয়ালা হাউছ আদালতে সেই অন্তৱৰ্তীকালীন স্থগিতাদেশ উঠাই লৈছে। আদালতে কৈছে যে আৱণ্টন বাতিল হোৱাৰ পাছত ৰাঘৱ চাদ্ধাৰ এই ঘৰত বাস কৰাৰ আৰু অধিকাৰ নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ