--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সংকটে লগ নেৰা হৈছে আম আদমী পাৰ্টিক৷ দুদিন পূৰ্বে সঞ্জয় সিং ইডিৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত এইবাৰৰ আদালতত বিফলতা ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্ধাৰ৷ 

দিল্লীৰ পাটিয়ালা হাউচ আদালতে ৰাঘৱ চাদ্ধাক আৱণ্টন কৰা চৰকাৰী বাসভৱন খালী কৰাৰ ৰাজ্যসভা সচিবালয়ৰ নিৰ্দেশৰ অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰত্যাহাৰ কৰিছে। আদালতৰ নিৰ্দেশৰ অৰ্থ হৈছে যে ৰাজ্যসভা সচিবালয়ে এতিয়া ৰাঘৱ চাদ্ধাক তেওঁৰ চৰকাৰী বাসভৱন খালী কৰিবলৈ দিব পাৰে। 

পঞ্জাবৰ পৰা আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত আপ নেতা ৰাঘৱ চাদ্ধাক যোৱা বছৰ ছেপ্টেম্বৰত দিল্লীৰ পাণ্ডাৰা ৰোডত টাইপ-৭ ‘বাংলো’ এটা আৱণ্টন কৰা হৈছিল। কিন্তু এই বছৰৰ মাৰ্চত ৰাঘৱ চাদ্ধাক জনোৱা হৈছিল যে তেওঁ তেওঁৰ টাইপ-৭ বাংলোটো খালী কৰিব লাগিব,  কিয়নো এই বাংলো তেওঁৰ যোগ্যতা অনুসৰি তেওঁ পাব নোৱাৰে! চাদ্ধাক এটা বাংলোৰ সলনি এটা ফ্লেট আৱণ্টন কৰিবলৈ কোৱা হৈছিল।

কিন্তু, ৰাঘৱ চাদ্ধাই ইয়াৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল। ১৮ এপ্ৰিলত দিল্লীৰ পাটিয়ালা হাউছ আদালতে ৰাঘৱ চাদ্ধাক বাংলোটো খালী কৰিবলৈ কোৱা ৰাজ্যসভা সচিবালয়ৰ নিৰ্দেশৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰে। কিন্তু এতিয়া পাটিয়ালা হাউছ আদালতে সেই অন্তৱৰ্তীকালীন স্থগিতাদেশ উঠাই লৈছে। আদালতে কৈছে যে আৱণ্টন বাতিল হোৱাৰ পাছত ৰাঘৱ চাদ্ধাৰ এই ঘৰত বাস কৰাৰ আৰু অধিকাৰ নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল