--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বত্ৰাস মৌলবাদী সন্ত্ৰাসবাদী সংগঠন আইএছৰ বিৰুদ্ধে মাৰ্কিন সামৰিক অভিযানে আন এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হ’ল। আইএছৰ এজন শীৰ্ষ নেতা তথা অতি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আবু ইব্ৰাহিম আল হাছেমী আল কুৰেশ্বীৰ বিৰুদ্ধে চলা এই সামৰিক অভিযানৰ এক অভাৱনীয় পৰিণতি হয় আৰু সন্ত্ৰাসবাদীজন নিহত হয়। দীঘলীয়া পৰিকল্পনাৰ পাছত এই সামৰিক অভিযান চলাইছিল আমেৰিকাই। এই অভিযানৰ পৰিণতি পিছে অপ্ৰত্যাশিত আছিল সামৰিক বাহিনীৰ বাবেও। কিয়নো বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠনটোৰ এই মুৰব্বীজনক গ্ৰেপ্তাৰ কৰাৰ বাবেই এই অভিযান চলিছিল যদিও তেওঁ নিজৰ পৰিয়ালসহ আত্মঘাতী আক্ৰমণৰ বোমা বিস্ফোৰণৰ জৰিয়তে প্ৰাণ দিয়ে। মাৰ্কিন সামৰিক বাহিনীয়ে এই হেলিকপ্টাৰ ৰেইডৰ বাবে বাৰম্বাৰ অনুশীলন চলাইছিল। তুৰস্কৰ সীমান্তৱৰ্তী ছিৰায়াৰ চহৰ এখনৰ এটা আবাসিক ভৱনত এই সন্ত্ৰাসবাদীজনে অৱস্থান কৰি আছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে এই অভিযান আৰম্ভ কৰিছিল মাৰ্কিন বাহিনীয়ে। কিন্তু মাৰ্কিন বাহিনী এই ভৱনটোৰ কাষ চপাৰ খবৰ পোৱাৰ পাছতে আবু ইব্ৰাহিম আল-হাছিমী আল কুৰেশ্বীয়ে আত্মঘাতী বোমা বিস্ফোৰণৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ লোকসকলৰ প্ৰাণ কাঢ়ি লয়। এই ভয়াৱহ বিস্ফোৰণৰ পাছতে সন্ত্ৰাসবাদীজনৰ লগতে তাত থকা লোককেইজনৰ দেহ খণ্ড-বিখণ্ড হৈ পথত ছিটিকি পৰে। এই আত্মঘাতৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হোৱাইট হাইছৰ ছিটুৱেচন ৰূমৰ পৰা এই অভিযান নিৰীক্ষণ কৰি থকা বাইডেনে ইয়াক অতি কাপুৰুষোচিত কাৰ্য আখ্যা দিছে। উল্লেখ্য যে, আইএছৰ পূ্ৰ্বৰ মুৰব্বী আবু বকৰ আল বাগদাদীয়েও ২০১৯চনত ছিৰিয়াত মাৰ্কিন সেনা বাহিনীয়ে ছিৰিয়াত চলোৱা এটা অভিযানৰ সময়ত বোমা বিস্ফোৰণৰ জৰিয়তে নিজৰ প্ৰাণ দিছিল। তেওঁৰ উত্তৰসূৰী হিচাপে বিবেচিচত আল কুৰেশ্বীয়েও অনুৰূপ কাৰ্যৰ জৰিয়তে নিজৰ মৃত্যু মাতি আনিলে। উল্লেখ্য যে, আইএছৰ শীৰ্ষ পৰ্যায়ৰ নেতাজনৰ বিৰুদ্ধে চলা অভিযানৰ পূৰ্বে মাৰ্কিন বাহিনীয়ে সমগ্ৰ চহৰখন ঘেৰাও কৰি ধৰিছিল আৰু তাত থকা সাধাৰণ জনতাক হাত ওপৰলৈ তুলি ঘৰৰ পৰা ওলাই আহিবলৈ সতৰ্কীকৰণ জাৰি কৰিছিল। বিস্ফোৰণ ঘটা ভৱনটোত থকা কেইবাজনো লোকক সামৰিক বাহিনীৰ লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে কমেও ১৩জন লোকৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱা বুলিও প্ৰকাশ কৰিছে সংবাদ মাধ্যমে। এইসকলৰ ভিতৰত সৰহসংখ্যকেই শিশু আৰু মহিলা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু