--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বত্ৰাস মৌলবাদী সন্ত্ৰাসবাদী সংগঠন আইএছৰ বিৰুদ্ধে মাৰ্কিন সামৰিক অভিযানে আন এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হ’ল। আইএছৰ এজন শীৰ্ষ নেতা তথা অতি দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আবু ইব্ৰাহিম আল হাছেমী আল কুৰেশ্বীৰ বিৰুদ্ধে চলা এই সামৰিক অভিযানৰ এক অভাৱনীয় পৰিণতি হয় আৰু সন্ত্ৰাসবাদীজন নিহত হয়। দীঘলীয়া পৰিকল্পনাৰ পাছত এই সামৰিক অভিযান চলাইছিল আমেৰিকাই। এই অভিযানৰ পৰিণতি পিছে অপ্ৰত্যাশিত আছিল সামৰিক বাহিনীৰ বাবেও। কিয়নো বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠনটোৰ এই মুৰব্বীজনক গ্ৰেপ্তাৰ কৰাৰ বাবেই এই অভিযান চলিছিল যদিও তেওঁ নিজৰ পৰিয়ালসহ আত্মঘাতী আক্ৰমণৰ বোমা বিস্ফোৰণৰ জৰিয়তে প্ৰাণ দিয়ে। মাৰ্কিন সামৰিক বাহিনীয়ে এই হেলিকপ্টাৰ ৰেইডৰ বাবে বাৰম্বাৰ অনুশীলন চলাইছিল। তুৰস্কৰ সীমান্তৱৰ্তী ছিৰায়াৰ চহৰ এখনৰ এটা আবাসিক ভৱনত এই সন্ত্ৰাসবাদীজনে অৱস্থান কৰি আছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে এই অভিযান আৰম্ভ কৰিছিল মাৰ্কিন বাহিনীয়ে। কিন্তু মাৰ্কিন বাহিনী এই ভৱনটোৰ কাষ চপাৰ খবৰ পোৱাৰ পাছতে আবু ইব্ৰাহিম আল-হাছিমী আল কুৰেশ্বীয়ে আত্মঘাতী বোমা বিস্ফোৰণৰ জৰিয়তে নিজৰ লগতে পৰিয়ালৰ লোকসকলৰ প্ৰাণ কাঢ়ি লয়। এই ভয়াৱহ বিস্ফোৰণৰ পাছতে সন্ত্ৰাসবাদীজনৰ লগতে তাত থকা লোককেইজনৰ দেহ খণ্ড-বিখণ্ড হৈ পথত ছিটিকি পৰে। এই আত্মঘাতৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হোৱাইট হাইছৰ ছিটুৱেচন ৰূমৰ পৰা এই অভিযান নিৰীক্ষণ কৰি থকা বাইডেনে ইয়াক অতি কাপুৰুষোচিত কাৰ্য আখ্যা দিছে। উল্লেখ্য যে, আইএছৰ পূ্ৰ্বৰ মুৰব্বী আবু বকৰ আল বাগদাদীয়েও ২০১৯চনত ছিৰিয়াত মাৰ্কিন সেনা বাহিনীয়ে ছিৰিয়াত চলোৱা এটা অভিযানৰ সময়ত বোমা বিস্ফোৰণৰ জৰিয়তে নিজৰ প্ৰাণ দিছিল। তেওঁৰ উত্তৰসূৰী হিচাপে বিবেচিচত আল কুৰেশ্বীয়েও অনুৰূপ কাৰ্যৰ জৰিয়তে নিজৰ মৃত্যু মাতি আনিলে। উল্লেখ্য যে, আইএছৰ শীৰ্ষ পৰ্যায়ৰ নেতাজনৰ বিৰুদ্ধে চলা অভিযানৰ পূৰ্বে মাৰ্কিন বাহিনীয়ে সমগ্ৰ চহৰখন ঘেৰাও কৰি ধৰিছিল আৰু তাত থকা সাধাৰণ জনতাক হাত ওপৰলৈ তুলি ঘৰৰ পৰা ওলাই আহিবলৈ সতৰ্কীকৰণ জাৰি কৰিছিল। বিস্ফোৰণ ঘটা ভৱনটোত থকা কেইবাজনো লোকক সামৰিক বাহিনীৰ লোকে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে কমেও ১৩জন লোকৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱা বুলিও প্ৰকাশ কৰিছে সংবাদ মাধ্যমে। এইসকলৰ ভিতৰত সৰহসংখ্যকেই শিশু আৰু মহিলা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক