--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰ্তুগীজ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ প্ৰেমক লৈয়ো চলে সৰৱ চৰ্চা। ক্ৰিষ্টিয়ানোৰ প্ৰেমিকা জৰ্জিনা ৰড্ৰিগেজো এগৰাকী চেলিব্ৰিটিৰ দৰেই জনপ্ৰিয়। আৰ্জেণ্টিনাৰ যুৱতী জৰ্জিনা ৰড্ৰিগেজে অতি বিলাসী জীৱন যাপন কৰে। কিন্তু এটা সময়ত এখন দোকানত কাম কৰিছিল জৰ্জিনাই। তেওঁৰ অৰ্থনৈতিক অৱস্থা বৰ ভাল নাছিল। কিন্তু ৰোনাল্ডোক লগ পোৱাৰ পাছতেই জৰ্জিনাৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ যায়। জৰ্জিনাই কয় যে তেওঁ স্পেইনৰ মাদ্ৰিদৰ গুচ্চি শ্ব-ৰূমত বিক্ৰী সহায়ক হিচাপে কাম কৰিছিল। সেই শ্ব-ৰূমতেই জৰ্জিনাই লগ পাইছিল ৰোনাল্ডোক। ৰোনাল্ডোৰ সৈতে এক সু-সম্পৰ্ক গঢ়ি উঠে জৰ্জিনাৰ। পুৱাৰ ভাগত শ্ব-ৰূমৰ অফিচৰ বাচত তেওঁ কামলৈ আহে আৰু পাছবেলা কামৰ পৰা আজৰি হোৱাৰ পাছত ৰোনাল্ডোৰ ১৫ কোটি টকীয়া বুগাটি গাড়ীত উঠি ফুৰিবলৈ যায়। জৰ্জিনাই কয় যে, ৰোনাল্ডোক লগ পোৱাৰ আগলৈকে তেওঁৰ আৰ্থিক অৱস্থা একেবাৰে ভাল নাছিল। আনকি তেওঁ এটা সৰু গুদামত থাকিবলৈ বাধ্য হৈছিল আৰু এচি বা হিটাৰ কিনিবলৈকো তেওঁৰ ওচৰত টকা নাছিল। অৱশ্যে এতিয়া জৰ্জিনাৰ জীৱনশৈলী অত্যন্ত বিলাসী। তেওঁ ৪৮ কোটি টকাৰ ৰাজকীয় প্ৰাসাদত বাস কৰে, ৫৫ কোটি টকাৰ য়াটত জলভ্ৰমণ কৰে আৰু বুগাটি, ৰোলছ ৰয়েছ আৰু ফেৰাৰিৰ দৰে বিলাসী গাড়ীত ভ্ৰমণ কৰে। তেওঁৰ বাংলোত এটা ইনড'ৰ আৰু আউটডোৰ চুইমিং পুল, এটা জিম আৰু এটা ফুটবল পিচ আছে। আকাশী পথেৰে ফুৰিবৰ বাবে তেওঁৰ এখন ব্যক্তিগতো জেট প্লেনো আছে। জৰ্জিয়াই পুৰণি দিনবোৰ সুঁৱৰি কয় যে "যেতিয়া মই প্ৰথমবাৰৰ বাবে ৰোনাল্ডোৰ ঘৰলৈ গৈছিলো, মই পানী খাবৰ বাবে পাকঘৰলৈ গৈছিলো আৰু মই হেৰাই গৈছিলো, মানে মই কোনফালে কেনি যাম একেবাৰে ধৰিব পৰা নাছিলোঁ। কাৰণ ঘৰটো বহুত ডাঙৰ আছিল। কেতিয়াবা লিভিং ৰুমৰ পৰা উলাই আহিবলৈ মোক আধা ঘণ্টা সময় লাগিছিল। মই এটা সৰু ঘৰত বাস কৰিছিলো। ৰোনাল্ডোৰ ঘৰটোৰ বিষয়ে জানিবলৈ মোক ৬ মাহ লাগিছিল।" উল্লেখ্য যে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ প্ৰেমিকা হিচাপে জৰ্জিনা ছ'চিয়েল মিডিয়াত আটাইতকৈ বেছি ফ'ল' কৰা মহিলাসকলৰ ভিতৰত এগৰাকী।২০১৬ চনৰ জুন মাহৰ পৰা ইজনে সিজনক ডেট কৰা আৰম্ভ কৰিছিল। জৰ্জিনা এগৰাকী ছ'চিয়েল মিডিয়াৰ অত্যন্ত প্ৰভাৱশালী ব্যক্তিও হয়। ইনষ্টাগ্ৰামত তেওঁৰ প্ৰায় ৩০ মিলিয়ন ফ'ল'ৱাৰ্চ আছে। যোৱা ২৭ জানুৱাৰীত জৰ্জিনাই ২৮ বছৰীয়া জন্মদিন পালন কৰে। ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে প্ৰেমিকাৰ জন্মদিন স্মৰণীয় কৰি ৰাখিবৰ বাবে ডুবাইত অৱস্থিত বিশ্বৰ আটাইতকৈ ওখ গগণচুম্বী অট্টালিকা বুৰ্জ খলিফাত জৰ্জিনা ৰড্ৰিগেজোৰ ফটো প্ৰতিফলিত কৰাইছিল। ইয়াৰ বাবে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে খৰচ কৰিছিল ৫০ লাখ টকা। এতিয়া দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ দিনটোলৈ বাট চাইছে তেওঁলোকৰ অনুৰাগীসকলে। আৰু পঢ়কঃ বলীউডত উঠিছে বিয়াৰ ধুম! এইবাৰ ফাৰহান আখটাৰৰ বিয়া..কইনা কোন?

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক