--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সকলো বেংকৰ গ্ৰাহকে এটিএম কাৰ্ড ব্যৱহাৰ কৰে। ইয়াৰ ফলত কেইবাটাও অতিৰিক্ত সুবিধা লাভ কৰাটো সম্ভৱ হৈ উঠে। কাৰণ যিকোনো এটিএমৰ পৰা যেতিয়াই মন যায় টকা উলিওৱা সম্ভৱ। কেৱল এয়াই নহয়, প্ৰয়োজনত ডেবিট বা ক্ৰেডিট কাৰ্ডৰ সহায়ত আপুনি ডাঙৰ ডাঙৰ কাম কৰিব পাৰে। তাৰ পৰা টকা উলিওৱাৰ লগতে প্ৰয়োজন হ’লে মিনি ষ্টেটমেণ্টো ল’ব পাৰে। কিন্তু ইয়াৰ কিছু সমস্যাও আছে। বহু সময়ত কাৰ্ডখন এটিএমত সুমুৱাই দিয়াৰ পিছত কাৰ্ডখন উলিয়াবলৈ অসুবিধা হয়। আনকি বহুক্ষেত্ৰত আবদ্ধ হৈ পৰাও দেখা যায়। এই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি জানো আহক। 

ATM কাৰ্ড কিয় আবদ্ধ হৈ পৰে জানেনে?

প্ৰথমে জানিবলগীয়া কথাটো হ’ল ATM কাৰ্ড কিয় আবদ্ধ হৈ পৰে? ইয়াৰ আঁৰত কেইবাটাও কাৰণ আছে :

১) ইণ্টাৰনেট সম্পৰ্কীয় সমস্যা - লেনদেন কৰাৰ সময়ত প্ৰথমে এটিএমত কাৰ্ড সুমুৱাব লাগিব। তেনে ক্ষেত্ৰত ইণ্টাৰনেটত কোনো সমস্যা হ’লে বা ইণ্টাৰনেট সংযোগ কৰ্তন হ’লে কাৰ্ডখন এটিএমৰ ভিতৰত আবদ্ধ হোৱাৰ সম্ভাৱনা আছে। কাৰণ এটিএমৰ সমগ্ৰ কাম ইণ্টাৰনেটৰ জৰিয়তে কৰা হয়। সেয়েহে এটিএমত ইণ্টাৰনেট সেৱাই সঠিকভাৱে কাম কৰে অন্যথা কাৰ্ডখন ব্লক হ’ব পাৰে।

২) কাৰ্ড ৰিডাৰৰ সমস্যা- বহু সময়ত কাৰ্ড ৰিডাৰৰ সমস্যা হ’লে মেচিনৰ ভিতৰত এটিএম কাৰ্ড আবদ্ধ হোৱাৰ সম্ভাৱনা থাকে। গতিকে বহু সময়ত কাৰ্ড জাম হোৱাৰ বাবে কাৰ্ড ৰিডাৰক দায়ী বুলি গণ্য কৰা হয়।

৩) ভুল পিন নম্বৰ – একাধিক ভুল পিন প্ৰৱেশ কৰিলে কাৰ্ডখন ব্লক হ'ব পাৰে। হয়তো কোনো ব্যৱহাৰকাৰীয়ে তিনিবাৰ ভুল পিন নম্বৰ দিছে। তেনে ক্ষেত্ৰত এটিএম মেচিনে স্বয়ংক্ৰিয়ভাৱে কাৰ্ডখন ব্লক কৰি দিয়ে। সেই ক্ষেত্ৰত পিনটো সঠিকভাৱে জানি লোৱাতো প্ৰয়োজনীয়

কাৰ্ডখন এটিএমত আবদ্ধ হৈ থাকিলে কি কৰিব?

কাৰ্ডখন এটিএম মেচিনৰ ভিতৰত আবদ্ধ হ’লে চিন্তা কৰিব লগা কোনো কাৰণ নাই। বা একেবাৰে চিন্তা নকৰিব। কাৰণ যান্ত্ৰিক বিজুতিৰ বাবে যিকোনো ব্যক্তিয়েই এনে পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে। গতিকে তেনে সময়ত আপুনি কি কৰিব  :

প্ৰথমতে, কাৰ্ডখন আবদ্ধ হৈ থাকিলে বাহিৰৰ পৰা টানিব নালাগে। ইয়াৰ পৰিৱৰ্তে আপুনি কি পেডত থকা কেনচেল/বাতিল  বুটামটো কেইবাবাৰো টিপিব পাৰে। সেই ক্ষেত্ৰত কাৰ্ড ৰিডাৰটো আনলক হোৱাৰ সম্ভাৱনা থাকে। 

দ্বিতীয়তে, প্ৰতিটো ATM কাউণ্টাৰত এটা কাষ্টমাৰ কেয়াৰ নম্বৰ থাকে। আৰু তাৰ লগত স্থানীয় শাখা নম্বৰটোও উল্লেখ কৰা হৈছে। সেই শাখা বা গ্ৰাহক সেৱা নম্বৰত অতি সোনকালে যোগাযোগ কৰক। তাত থকা প্ৰতিনিধিসকলে এই সমস্যা সমাধান কৰি দিয়ে

তৃতীয়তে, যদি কিবা কাৰণত আপুনি আপোনাৰ কাৰ্ডখন ATM ৰ পৰা উলিয়াব নোৱাৰে আৰু যদি মেচিনৰ ভিতৰত থৈ যাব লগা হয় তেন্তে অতি সোনকালে ব্লক কৰাৰ ব্যৱস্থা কৰক। কাৰণ কাৰ্ডখন আন কোনোবাই পালে হয়তো আপুনি প্ৰতাৰিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা