--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া আনাৰসৰ বতৰ। আনাৰস খুবেই স্বাদযুক্ত এবিধ ফল। মূলত বর্ষাকালত আনাৰস বেছি পোৱা যায়। ইয়াৰ বহু গুণ আছে। এই সু-স্বাদু ফলবিধৰ বহু ঔষধি গুণ আছে। আনাৰস সাধাৰণতে দুবিধ। এবিধ দেশী আৰু আনবিধ বিলাতী। দেশী আনাৰস আকাৰত সৰু হয় আৰু মিঠা কম হয়। বিলাতী আনাৰস আকাৰত ডাঙৰ আৰু খাবলৈ বেছি সু-স্বাদু। উভয় প্ৰকাৰ আনাৰসেই উপকাৰী। দৰৱৰ কাৰণে দেশী আনাৰস বেছি ভাল। আনাৰস খুবেই স্বাদযুক্ত এবিধ ফল। সাধাৰণতে বর্ষাকালত আনাৰস বেছি পোৱা যায়। ইয়াৰ বহু গুণ আছে। 

আনাৰসৰ উপকাৰিতা

১. আনাৰসৰ ৰস শিশুক নিয়মিত খুৱালে পেটৰ কৃমি মৰি যায়। 

২. আনাৰসৰ ৰস বা চৰবত খালে উচ্চ তাপ আৰু ঘামৰ সমস্যা নোহোৱা হয়।

৩. আনাৰসত জালুকৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খালে বদহজমৰ সমস্যা দূৰ হয়।

৪. আনাৰসৰ ৰসে ফেট কমায়।

৫. আনাৰসৰ ৰস ডিঙি আৰু মুখৰ বেক্তেৰিয়াজনিত ৰোগত উপকাৰী।

৬. আনাৰসে প্রস্রাৱৰ বাধা আঁতৰায়।

৭. আনাৰস ডাযয়েবেটিছৰ সমস্যাত খুব উপকাৰী।

৮. জ্বৰত আনাৰসৰ ৰস খোৱাটো খুব উপকাৰী।

৯. বদহজমৰ ৰোগীক আনাৰসৰ ওপৰত জালুকৰ গুড়ি ছটিয়াই, অলপ নিমখযুক্ত কৰি খোৱা উচিত। তেতিয়াহ’লে উপকাৰ পোৱা যায়।

১০. ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ খাদ্যৰ অভাৱত যদি স্কার্ভি হয় তেতিয়া আনাৰস খোৱা আৰু ৰস খোৱা খুব উপকাৰী।

১১. আনাৰসে দেহৰ হাড়ক শক্তিশালী কৰিবলৈ আৰু দেহত শক্তি সৰবৰাহ কৰিবলৈ কাম কৰে।

১২. আনাৰসৰ ৰস দেহত ৰক্তৰ অভাবৰ বাবে খুব উপকাৰী।

১৩. ঋতুকালীন ৰক্তপাতৰ ক্ষেত্রত, প্রতিদিনে আনাৰসৰ ৰস পান কৰিলে মাহিলী চক্র সঠিক থাকে।

১৪. যদি হার্ট নার্ভাছ হৈ যায় আৰু গ্রীষ্মত অধিক অস্বস্তি হয় তেতিয়া আনাৰসৰ ৰস বা চিৰাপ খোৱাটো খুব উপকাৰী।

১৫. ডিঙিত আৰু টনচিলৰ ক্ষেত্রত যদি প্রদাহ হয় তেতিয়া আনাৰস খোৱাটো খুব উপকাৰী।

১৬. আনাৰসে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস