--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া আনাৰসৰ বতৰ। আনাৰস খুবেই স্বাদযুক্ত এবিধ ফল। মূলত বর্ষাকালত আনাৰস বেছি পোৱা যায়। ইয়াৰ বহু গুণ আছে। এই সু-স্বাদু ফলবিধৰ বহু ঔষধি গুণ আছে। আনাৰস সাধাৰণতে দুবিধ। এবিধ দেশী আৰু আনবিধ বিলাতী। দেশী আনাৰস আকাৰত সৰু হয় আৰু মিঠা কম হয়। বিলাতী আনাৰস আকাৰত ডাঙৰ আৰু খাবলৈ বেছি সু-স্বাদু। উভয় প্ৰকাৰ আনাৰসেই উপকাৰী। দৰৱৰ কাৰণে দেশী আনাৰস বেছি ভাল। আনাৰস খুবেই স্বাদযুক্ত এবিধ ফল। সাধাৰণতে বর্ষাকালত আনাৰস বেছি পোৱা যায়। ইয়াৰ বহু গুণ আছে। 

আনাৰসৰ উপকাৰিতা

১. আনাৰসৰ ৰস শিশুক নিয়মিত খুৱালে পেটৰ কৃমি মৰি যায়। 

২. আনাৰসৰ ৰস বা চৰবত খালে উচ্চ তাপ আৰু ঘামৰ সমস্যা নোহোৱা হয়।

৩. আনাৰসত জালুকৰ গুড়ি আৰু ক’লা নিমখ মিহলাই খালে বদহজমৰ সমস্যা দূৰ হয়।

৪. আনাৰসৰ ৰসে ফেট কমায়।

৫. আনাৰসৰ ৰস ডিঙি আৰু মুখৰ বেক্তেৰিয়াজনিত ৰোগত উপকাৰী।

৬. আনাৰসে প্রস্রাৱৰ বাধা আঁতৰায়।

৭. আনাৰস ডাযয়েবেটিছৰ সমস্যাত খুব উপকাৰী।

৮. জ্বৰত আনাৰসৰ ৰস খোৱাটো খুব উপকাৰী।

৯. বদহজমৰ ৰোগীক আনাৰসৰ ওপৰত জালুকৰ গুড়ি ছটিয়াই, অলপ নিমখযুক্ত কৰি খোৱা উচিত। তেতিয়াহ’লে উপকাৰ পোৱা যায়।

১০. ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ খাদ্যৰ অভাৱত যদি স্কার্ভি হয় তেতিয়া আনাৰস খোৱা আৰু ৰস খোৱা খুব উপকাৰী।

১১. আনাৰসে দেহৰ হাড়ক শক্তিশালী কৰিবলৈ আৰু দেহত শক্তি সৰবৰাহ কৰিবলৈ কাম কৰে।

১২. আনাৰসৰ ৰস দেহত ৰক্তৰ অভাবৰ বাবে খুব উপকাৰী।

১৩. ঋতুকালীন ৰক্তপাতৰ ক্ষেত্রত, প্রতিদিনে আনাৰসৰ ৰস পান কৰিলে মাহিলী চক্র সঠিক থাকে।

১৪. যদি হার্ট নার্ভাছ হৈ যায় আৰু গ্রীষ্মত অধিক অস্বস্তি হয় তেতিয়া আনাৰসৰ ৰস বা চিৰাপ খোৱাটো খুব উপকাৰী।

১৫. ডিঙিত আৰু টনচিলৰ ক্ষেত্রত যদি প্রদাহ হয় তেতিয়া আনাৰস খোৱাটো খুব উপকাৰী।

১৬. আনাৰসে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অক্লান্ত কৰ্মী সমীৰ ৰয়ক সম্বৰ্ধনা মালামাল বয়জৰ
অসমৰ লোক-সংস্কৃতিক জীয়াই ৰখা সংগ্ৰামৰ জীয়া এপিটাফ
দেশত প্রচলন ২৪৫বিধ নকল ঔষধ
ছনী টিভিৰ ৰিয়েলিটি শ্ব'লৈ নিৰ্বাচিত অসমৰ জিজ্ঞাসা কাশ্যপ
ক'লা কাপোৰ প্ৰদর্শন কৰি সংসদত প্রতিবাদ বিৰোধীৰ
জীৱন গঢ়াৰ বয়সতে মৃত্যুৰ সৈতে যুঁজ টিংখাঙৰ এগৰাকী কিশোৰীৰ! ৰাইজৰ সহায় বিচাৰি কাতৰ আহ্বান পৰিয়ালৰ
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
চীনৰ এক সিদ্ধান্তৰ বাবে ভাৰতৰ ইলেক্ট্ৰনিক উদ্যোগ সংকটত, বাজিত ৩২ বিলিয়ন ডলাৰ!
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে