--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ এতিয়া সমগ্ৰ বিশ্বৰে এক গুৰুতৰ স্বাস্থ্য সমস্যা হৈ পৰিছে। আয়ুৰ্বেদৰ জড়িয়তে ডায়েবেটিছ ভালে খিনি নিয়ন্ত্ৰণত ৰাখিব পাৰি। এতিয়া বিশ্বৰ  বহু উন্নত দেশে ভাৰতীয় আয়ুৰ্বেদক গ্ৰহণ কৰিছে। ডায়েবেটিছ এতিয়া বিশ্বৰ লগতে ভাৰতৰ বাবেও এক ডাঙৰ স্বাস্থ্যজনিত সমস্যা হৈ পৰিছে৷ 

তেজত শৰ্কৰাৰ পৰিমাণ কমাই ৰাখিব পাৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি৷ ডায়েবেটিছ ৰোগীয়ে তেজত শৰ্কৰাৰ পৰিমাণ  নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চাহৰ সৈতে  ডালচেনি খাব পাৰে বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে ।

 শৰীৰত ইনচুলিন হৰমনৰ ভাৰসাম্য ৰক্ষা কৰাত ডালচেনিয়ে সহায় কৰে৷  ইণ্টাৰনেচনেল জাৰ্নেল অফ ফুড চায়েন্সছৰ মতে যদি ৰক্ত শৰ্কৰাৰ স্তৰ উচ্চ হয়, প্ৰতিদিনে ৩ ৰ পৰা ৬ গ্ৰাম ডালচেনিৰ গুৰি খাদ্য তালিকাত ৰাখিব পাৰি। অধ্যয়নে দেখুৱাইছে যে এই মচলাবিধে কোনো ঔষধ অবিহনেই ডায়েবেটিছ ৰোগীৰ তেজত শৰ্কৰাৰ  স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

বিশেষজ্ঞসকলৰ মতে  ডালচেনিয়ে কেৱল ডায়েবেটিছৰ লগতে তেজত কলেষ্টেৰল আৰু অন্যান্য খনিজ পদাৰ্থৰ ভাৰসাম্যও ৰক্ষা কৰাত সহায় কৰে। চাহৰ সৈতে খোৱাৰ লগতে  ডালচেনিৰ গুৰি বা ডালচেনিৰ টুকুৰা উতলা পানীত প্ৰায়  দুই মিনিট সময় উতলায়ো চাহৰ দৰে খাব পাৰি। ৰাতিৰ আহাৰৰ পিছত আৰু শুবলৈ যোৱাৰ এঘণ্টা বা আধা ঘণ্টা আগতে এনেদৰে খালে সুফল নিশ্চয়কৈ পাব৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ