--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দেশৰ বজাৰত এতিয়া সহজেই উপলব্ধ মাতৃদুগ্দ! হয়, কথাষাৰ শুনিবলৈ আচুৱা যেন লাগিলেও দেশৰ দুটাকৈ কোম্পানীয়ে আৰম্ভ কৰিছে মাতৃদুগ্ধৰ বিপনন।  ১৫ মিলিমিটাৰৰ  বটলত এতিয়া উপলব্ধ হৈছে মাতৃদুগ্ধ। 

তেনে গাখীৰ ফ্ৰীজাৰত ৰখাৰো প্ৰয়োজন নাই। মাতৃদুগ্ধৰ লাভ কৰিবলৈ সক্ষম নোৱা শিশুসকলৰ বাবেই এনে উদ্যোগ গ্ৰহণ  কৰা হৈছে।  কিন্তু মাতৃদুগ্ধৰ বিক্ৰীৰ সৈতে  জড়িত হৈ থকা  একাধিক নৈতিক প্ৰশ্নবোৰৰ উত্তৰ  কেনেদৰে পোৱা যাব  সেই বিষয়ে কোনো আইনী স্পষ্টতা নাই। ভাৰতত পেটেন্ট যুক্ত প্ৰযুক্তিৰ সৈতে দুটা ব্যক্তিগত লাভজনক কোম্পানীয়ে মানৱ গাখীৰ প্ৰক্ৰিয়াকৰণ আৰু বিক্ৰী কৰি আছে। বেংগালুৰুস্থিত নিওলেক্টা লাইফচাইন্সেছ প্ৰাইভেট লিমিটেডে ২০১৬  চনত এই কাম আৰম্ভ কৰিছিল।

কোম্পানীটোৱে  স্বেচ্ছাই দান কৰিবলৈ ইচ্ছুক স্তন্যপান কৰাই থকা মাতৃসকলৰ পৰা গাখীৰ সংগ্ৰহ কৰাৰ দাবী কৰি আহিছে। পিছত এই গাখীৰ  কেঁচুৱাৰ বাবে  যথেষ্ট দামত পেষ্টুৰাইজ আৰু বিক্ৰী কৰা হৈছে। কোম্পানীটোৱে পাউডাৰ ৰূপত মানুহৰ গাখীৰৰ ফৰ্টিফায়াৰ আগবঢ়াইছে । ২০২১  চনত আৰম্ভ কৰা  মোহালিস্থিত নেছলাক বায়োচাইন্সেছ প্ৰাইভেট লিমিটেডেও মাতৃৰ গাখীৰ অত্যাধিক মূল্যত বিক্ৰী কৰাৰ আগতে পাউডাৰ ৰূপলৈ ৰূপান্তৰ কৰি আহিছে।

কোম্পানীটোৱে  দাবী কৰে যে কোম্পানীটোৰ  গাখীৰৰ মান পৰীক্ষা কৰাৰ নিজস্ব প্ৰযুক্তি আছে আৰু  ই চিকিৎসালয়সমূহত দুগ্ধ বেংক স্থাপন কৰাত সহায় কৰি আহিছে। দুয়োটা কোম্পানীয়ে গাখীৰৰ পুষ্টিগত মূল্য বজাই ৰখা বুলি  দাবী কৰি আহিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক