--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে। ছিকিমত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাটোত  ১৬ জন সেনা জোৱান নিহত হৈছে । দুৰ্ঘটনাটোত আহত হৈছে  ৪ জন সেনা জোৱান। ভাৰতীয় সেনাই প্ৰকাশ কৰা মতে  উত্তৰ ছিকিমৰ জেমাত সেনাৰ এখন ট্ৰাকে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰি যায়। 

ফলত ১৬ জন জোৱানৰ থিতাতে মৃত্যু ঘটে। নিহত সেনা জোৱানসকলৰ পৰিচয় এতিয়াও সেনাই ঘোষণা কৰা নাই।জানিব পৰা মতে শুকুৰবাৰে পুৱা চাটেনৰ পৰা তিনিখন ট্ৰাকেৰে সেনাৰ  কনভয়  এটা থাংগুলৈ ৰাওনা হৈছিল। কিন্তু জেমা পোৱাৰ পিছতে   হঠাতে এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয়। ট্ৰাক খনে  নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে। 

দুৰ্ঘটনাটোৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। আঘাতপ্ৰাপ্ত সেনা জোৱানসকলক হেলিকপ্তাৰেৰে  চিকিৎসালয়লৈ নিয়া হৈছে।  বৰ্তমান চাৰিজন জোৱান  চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাটোত ১৩ জন সৈনিক আৰু তিনিজন কনিষ্ঠ কমিছনড বিষয়া নিহত হৈছে। 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ঘটনাটোত শোক প্ৰকাশ কৰি কয়  "তেওঁলোকৰ সেৱাৰ  বাবে দেশ গভীৰভাৱে কৃতজ্ঞ। মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা জনাইছো। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনাইছো। '








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু