--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশকে। ছিকিমত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাটোত  ১৬ জন সেনা জোৱান নিহত হৈছে । দুৰ্ঘটনাটোত আহত হৈছে  ৪ জন সেনা জোৱান। ভাৰতীয় সেনাই প্ৰকাশ কৰা মতে  উত্তৰ ছিকিমৰ জেমাত সেনাৰ এখন ট্ৰাকে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰি যায়। 

ফলত ১৬ জন জোৱানৰ থিতাতে মৃত্যু ঘটে। নিহত সেনা জোৱানসকলৰ পৰিচয় এতিয়াও সেনাই ঘোষণা কৰা নাই।জানিব পৰা মতে শুকুৰবাৰে পুৱা চাটেনৰ পৰা তিনিখন ট্ৰাকেৰে সেনাৰ  কনভয়  এটা থাংগুলৈ ৰাওনা হৈছিল। কিন্তু জেমা পোৱাৰ পিছতে   হঠাতে এখন ট্ৰাক দুৰ্ঘটনাত পতিত হয়। ট্ৰাক খনে  নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে। 

দুৰ্ঘটনাটোৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। আঘাতপ্ৰাপ্ত সেনা জোৱানসকলক হেলিকপ্তাৰেৰে  চিকিৎসালয়লৈ নিয়া হৈছে।  বৰ্তমান চাৰিজন জোৱান  চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাটোত ১৩ জন সৈনিক আৰু তিনিজন কনিষ্ঠ কমিছনড বিষয়া নিহত হৈছে। 

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ঘটনাটোত শোক প্ৰকাশ কৰি কয়  "তেওঁলোকৰ সেৱাৰ  বাবে দেশ গভীৰভাৱে কৃতজ্ঞ। মৃতকৰ পৰিয়াললৈ মোৰ সমবেদনা জনাইছো। মই আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনাইছো। '








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক