--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায় ৭১ বছৰৰ  পিছত আকাশত দৃশ্যমান হৈছে  ' মাদাৰ অব ড্ৰেগন' ধূমকেতু। এই ধূমকেতুটোৱে নিজৰ   কক্ষপথত পৰিভ্ৰমণ কৰিবলৈ ৭১ বছৰ সময় লাগে। সেয়ে প্ৰতি ৭১ বছৰৰ মূৰতহে এই ধূমকেতুটো পৃথিৱীৰ পৰা দৃশ্যমান হয়।   ' মাদাৰ অব ড্ৰেগন'  ধূমকেতুটোৰ এটা নিউক্লিয়াছ আছে যি প্ৰায় ৩০  কিলোমিটাৰ ব্যাসৰ আৰু ই সৌৰজগতৰ মাজেৰে ভ্ৰমণ কৰাৰ সময়ত সময়ে সময়ে ইয়াক দেখা যায়।


 ' মাদাৰ অব ড্ৰেগন' ধূমকেতুটোৰ বৈজ্ঞানিক নাম  ১২ পি/পন্স-ব্ৰুকছ, যাক 'ড্ৰেগনৰ মাতৃ' বুলি কোৱা হয়। এই ধূমকেতুটো এতিয়া  আকাশত দৃশ্যমান হৈছে। সূৰ্য অস্ত যোৱাৰ পিছতে পশ্চিম আকাশত এই ধূমকেতুটো আপুনি দেখিবলৈ পাব।   

ধূমকেতুটোৱে সাধাৰণতে মঙ্গলগ্ৰহৰ কক্ষপথৰ চাৰিওফালে পেৰিহেলিয়ন (সূৰ্যৰ নিকটতম অৱস্থান) অৱস্থাত উপনীত হয় আৰু ইয়াক পৃথিৱীৰ পৰা সহজে দেখা পোৱাটো সম্ভৱ হৈ পৰে। উল্লেখ্য ধূমকেতু সাধাৰণতে হৈছে বৰফৰ একো একোটা পিণ্ড। কিছুমান ধূমকেতু বৰফ, ধুলি আৰু শিলাময় পদাৰ্থৰে গঠিত।  ১২ পি/পন্স-ব্ৰুকছ ধূমকেতুটো  সূৰ্যৰ ওচৰ চাপি অহাৰ লগে লগে সূৰ্যৰ  তাপে ধূমকেতুটোৰ ভিতৰৰ বৰফক কঠিনৰ পৰা গেছলৈ পৰিৱৰ্তন কৰে। গেছ ধূমকেতুৰ পৃষ্ঠৰ পৰা ওলাই যায়, ইয়াৰ সৈতে ধুলি মিহলি হৈ  ডাৱৰৰ নেজ গঠন কৰে । 

এই ধূমকেতুটো দৰ্শনৰ উপযুক্ত সময় হৈছে হৈছে মাৰ্চৰ শেষৰ পৰা  এপ্ৰিলৰ আৰম্ভণিলৈ।  ধূমকেতুটো  সন্ধিয়াৰ পিছত পশ্চিম দিগন্তত দেখিবলৈ পোৱা যায়।  যদিও  খালি চকুৰেই ইয়াক চোৱাটো সম্ভৱ, তথাপি   সৰু দূৰবীণেৰে চালে ইয়াক অধিক উজ্জ্বল ৰূপত দেখা যাব। এই ধূমকেতুটো প্ৰথমে ১৯৫৪ চনত বিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছিল। এই ধূমকেতুটোৰ আকাৰ  এখন চহৰৰ সমান,ই ১৭  কিলোমিটাৰ বহল।  ইয়াৰ বৰফযুক্ত নিউক্লিয়াছৰ চাৰিওফালে  এটা উপবৃত্তাকাৰ কক্ষপথ আছে । ধূমকেতুটো উজ্জ্বল সেউজীয়া ৰূপত  দেখা যায়।আৰু ৭১ বছৰলৈ পৃথিৱীৰ কাষলৈ নহা   ধূমকেতুটোৱে ২১ এপ্ৰিল, ২০২৪ত  আকাশত আটাইতকৈ উজ্জ্বল ৰূপত দেখা যাব। এপ্ৰিল মাহৰ বাকী দিনবোৰতো ইয়াক সন্ধিয়াৰ আকাশত দেখা যাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ