--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া প্ৰেমিকা মালাইকা অৰোৰাৰ সৈতে ব্ৰেকআপক লৈ এইকেইদিন শিৰোনাম দখল কৰিছে বলীউডৰ হেণ্ডচাম হাংক অৰ্জুন কাপুৰে। ৬ বছৰ ডেটিং কৰাৰ পাছত এই দম্পতীয়ে ইজনে সিজনৰ পৰা বিচ্ছিন্ন হোৱাৰ খবৰ আহিছিল। কিন্তু এতিয়া দুয়োৰে এনে এটা ভিডিঅ’ চৰ্চালৈ আহিছে। যিয়ে এই বিচ্ছেদৰ অন্ত পেলাইছে।

দৰাচলতে শেহতীয়াকৈ মুম্বাইৰ বৰষুণৰ মাজত মালাইকা অৰোৰা আৰু অৰ্জুনক একেলগে দেখা গৈছে। এই সময়ত অৰ্জুনে ক’লা টি-চাৰ্টৰ সৈতে ট্ৰাউজাৰ পিন্ধি স্প’ৰ্টী লুকত দেখা দিছিল। আনহাতে বগা টপৰ সৈতে মেচিং শ্বৰ্ট পিন্ধি মালাইকাক  দেখা গৈছে। ভিডিঅ’টোত এই যুটিটোক ঘৰৰ পৰা ওলাই আহি নিজৰ গাড়ীত বহি থকা দেখা গৈছে। ভিডিঅ’টো চাই এতিয়া দুয়োৰে অনুৰাগীয়ে সকাহৰ হুমুনিয়াহ কাঢ়িছে৷

আৰু ইয়াৰ আগতে যেতিয়া মালাইকাই আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱসৰ দিনা নিজৰ কুকুৰৰ সৈতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল। তেতিয়া অৰ্জুন কাপুৰেও অভিনেত্ৰী গৰাকীৰ এই ভিডিঅ'টোত এটা সুন্দৰ মন্তব্য কৰে। ইয়াৰ পিছত স্পষ্ট হৈ পৰিল যে এই দম্পতীও একেলগে আছে।
 
উল্লেখযোগ্য যে মালাইকাৰ সৈতে ব্ৰেকআপৰ খবৰৰ মাজতে অৰ্জুন কাপুৰৰ নাম অভিনেত্ৰী তথা বিখ্যাত ইউটিউবাৰ কুশা কপিলাৰ সৈতে জড়িত হৈ আছিল। কুশাই এই সন্দৰ্ভত এটা পোষ্টত যি মৌনতা ভংগ কৰিছিল আৰু লগতে এই উৰাবাতৰিবোৰ অস্বীকাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু