--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাঘৱ চাধা আৰু পৰিনীতি চোপ্ৰাৰ সম্পৰ্কৰ খবৰ হঠাৎ চৰ্চালৈ আহিল। খবৰ বিয়পি পৰাৰ লগে লগে দম্পতীহালৰ বাগ্দান হয়। শুনা গৈছে যে ২৫ ছেপ্টেম্বৰত অভিনেত্ৰীগৰাকীৰ বিয়া হ’ব। ৰাজস্থানৰ উদয়পুৰৰ ৰাজপ্ৰসাদত অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান। বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰাৰ পূৰ্বে শনিবাৰে মহাকাল মন্দিৰত পূজা কৰে পৰিনীতিয়ে। ভাবী স্বামী ৰাঘৱো তাতেই আছিল।

বলীউডৰ অভিনেত্ৰীগৰাকীক বছৰ বছৰ ধৰি প্ৰেমত পৰিছে ক্ৰীড়াবিদ। কিন্তু কিয় ৰাজনীতিবিদ ৰাঘৱৰ ডিঙিত মালা পিন্ধাৰ সিদ্ধান্ত ল’লে বলীউডৰ অন্যতম আকাংক্ষিত অভিনেত্ৰী পৰিনীতিয়ে? বিয়াৰ দিনটোৰ কিছুদিন পূৰ্বে এই কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।

ৰাঘৱ আৰু তেওঁৰ সম্পৰ্কৰ বিষয়ে বেছিকৈ ক’বলৈ অনিচ্ছুক অভিনেত্ৰীগৰাকী। শেহতীয়া এক সাক্ষাৎকাৰত পৰিনীতিয়ে কয় যে তেওঁ প্ৰেমৰ প্ৰতি অতি বাস্তৱসন্মত। অবাস্তৱ একোৱেই তেওঁৰ মনটো চুই নাযায়। ইজনে সিজনক বিশ্বাস কৰি ইজনে সিজনৰ ভাল বেয়াৰ কাষত থিয় দি তেওঁৰ আগত নিজকে যিদৰে আছে তেনেদৰে উপস্থাপন কৰাটো বাঞ্ছনীয়। ৰাঘৱৰ মাজত তেওঁ এই গুণবোৰ দেখিছিল। আচলতে ৰাঘৱ আৰু পৰিনীতি দুয়োজনেই বাস্তৱিক মানুহ। 

ৰাঘৱৰ জন্ম হৈছিল দিল্লীত। তাত ডাঙৰ হোৱা। তেওঁৰ অধিকাংশ আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱী ৰাজধানীৰ বাসিন্দা। গতিকে দিল্লীত বিয়াৰ ৰিচেপচন পাৰ্টি আছে। অৱশ্যে এই অনুষ্ঠান দিল্লীত নহয়, গুৰুগ্ৰামৰ এখন বিলাসী হোটেলত অনুষ্ঠিত হ’বলৈ গৈ আছে। বাতৰি, পৰিণীতাৰ পিতৃ-মাতৃ ইতিমধ্যে গুৰুগ্ৰামৰ ‘দ্য লীলা এম্বিয়েন্স’ হোটেললৈ গৈ ৰিচেপচন পাৰ্টিৰ মেনু চূড়ান্ত কৰিবলৈ গৈছে। ইয়াৰ উপৰিও তেওঁলোকে মুম্বাইতো পাৰ্টিৰ আয়োজন কৰিছে। ইয়াৰ পিছতে চণ্ডীগড়তো অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক