--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কন্যা শ্বীনা বৰাৰ হত্যাৰ অভিযোগত অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে বিশেষ আদালতে গুৱাহাটী বিমানবন্দৰত ৫ জানুৱাৰীৰ চিচিটিভি ফুটেজ সংগ্ৰহ আৰু সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইন্দ্ৰাণীয়ে দাবী কৰিছিল যে দুজন অধিবক্তাই সাইলাখ শ্বীনা বৰাৰ দৰে দেখা এগৰাকী মহিলাক বিমানত উঠি থকা দেখিছিল।


ইয়াৰ পূৰ্বে ইন্দ্ৰাণী মুখাৰ্জীয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিশেষ আদালতত দাবী কৰিছিল যে এই সপ্তাহত গুৱাহাটী বিমানবন্দৰত শ্বীনা বৰাৰ দৰে এগৰাকী মহিলাক দুজন অধিবক্তাই দেখা পাইছিল। ইয়াৰ সমান্তৰালকৈ মুখাৰ্জীয়ে মহিলাগৰাকীৰ পৰিচয় জানিবলৈ বিমানবন্দৰৰ চিচিটিভি ফুটেজ ল’বলৈ আদালতক নিৰ্দেশ দিবলৈও অনুৰোধ জনায়।


চিবিআইৰ বিশেষ ন্যায়াধীশ এছ.পি. নাইক-নিম্বালকাৰে গুৱাহাটী বিমানবন্দৰৰ সঞ্চালকলৈ জাননী জাৰি কৰি ৫ জানুৱাৰীৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে ভিডিঅ’ আৰু ফটোত দেখা মহিলাগৰাকীৰ পৰিচয় জানিবলৈ দিয়ে। আদালতে কয় যে বিমানবন্দৰ কৰ্তৃপক্ষই বিষয়টোৰ পৰৱৰ্তী শুনানি পৰ্যন্ত এই নিৰ্দেশ মানি চলিব লাগে।


চিবিআইৰ তথ্য অনুসৰি ২০১২ চনৰ এপ্ৰিল মাহত শ্বীনা বৰা (২৪)ক ইন্দ্ৰাণী মুখাৰ্জী আৰু তেওঁৰ তেতিয়াৰ চালক শ্যামবৰ ৰায় আৰু প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাই ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। চুবুৰীয়া ৰায়গড় জিলাৰ এখন বনাঞ্চলত তেওঁৰ মৃতদেহ জ্বলাই দিয়াৰ অভিযোগ আছিল। ২০১৫ চনত ৰায়ক আন এটা গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছতে এই হত্যাকাণ্ডৰ অভিযোগ পোহৰলৈ আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু