--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কন্যা শ্বীনা বৰাৰ হত্যাৰ অভিযোগত অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীৰ আবেদনৰ ভিত্তিত বৃহস্পতিবাৰে বিশেষ আদালতে গুৱাহাটী বিমানবন্দৰত ৫ জানুৱাৰীৰ চিচিটিভি ফুটেজ সংগ্ৰহ আৰু সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইন্দ্ৰাণীয়ে দাবী কৰিছিল যে দুজন অধিবক্তাই সাইলাখ শ্বীনা বৰাৰ দৰে দেখা এগৰাকী মহিলাক বিমানত উঠি থকা দেখিছিল।


ইয়াৰ পূৰ্বে ইন্দ্ৰাণী মুখাৰ্জীয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিশেষ আদালতত দাবী কৰিছিল যে এই সপ্তাহত গুৱাহাটী বিমানবন্দৰত শ্বীনা বৰাৰ দৰে এগৰাকী মহিলাক দুজন অধিবক্তাই দেখা পাইছিল। ইয়াৰ সমান্তৰালকৈ মুখাৰ্জীয়ে মহিলাগৰাকীৰ পৰিচয় জানিবলৈ বিমানবন্দৰৰ চিচিটিভি ফুটেজ ল’বলৈ আদালতক নিৰ্দেশ দিবলৈও অনুৰোধ জনায়।


চিবিআইৰ বিশেষ ন্যায়াধীশ এছ.পি. নাইক-নিম্বালকাৰে গুৱাহাটী বিমানবন্দৰৰ সঞ্চালকলৈ জাননী জাৰি কৰি ৫ জানুৱাৰীৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে ভিডিঅ’ আৰু ফটোত দেখা মহিলাগৰাকীৰ পৰিচয় জানিবলৈ দিয়ে। আদালতে কয় যে বিমানবন্দৰ কৰ্তৃপক্ষই বিষয়টোৰ পৰৱৰ্তী শুনানি পৰ্যন্ত এই নিৰ্দেশ মানি চলিব লাগে।


চিবিআইৰ তথ্য অনুসৰি ২০১২ চনৰ এপ্ৰিল মাহত শ্বীনা বৰা (২৪)ক ইন্দ্ৰাণী মুখাৰ্জী আৰু তেওঁৰ তেতিয়াৰ চালক শ্যামবৰ ৰায় আৰু প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাই ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। চুবুৰীয়া ৰায়গড় জিলাৰ এখন বনাঞ্চলত তেওঁৰ মৃতদেহ জ্বলাই দিয়াৰ অভিযোগ আছিল। ২০১৫ চনত ৰায়ক আন এটা গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিছতে এই হত্যাকাণ্ডৰ অভিযোগ পোহৰলৈ আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক