--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে, এগৰাকী ভাৰতীয় মহিলাই পাকিস্তান দূতাবাসৰ কৰ্মচাৰীসকলৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে দাবী কৰিছিল যে তেওঁক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এটা প্ৰবন্ধ লিখিবলৈও প্ৰস্তাৱ দিয়া হৈছিল।

যদি দিল্লীস্থিত পাকিস্তানৰ দূতাবাসত এগৰাকী ভাৰতীয় মহিলাৰ যৌন নিৰ্যাতনৰ অভিযোগ প্ৰমাণিত হয়, তেন্তে পাকিস্তানে সেই বিষয়াসকলক উপযুক্ত শাস্তি প্ৰদান কৰিব। বৃহস্পতিবাৰে পাকিস্তান চৰকাৰে এইকথা কৈছিল। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালোচে কৈছিল ,যে পাকিস্তানে এই সকলো বোৰ বিষয় সহ্য নকৰে। সমগ্ৰ বিষয়টোত পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা এটা বিবৃতিও জাৰি কৰা হৈছে।

মুমতাজে কয়, "আমাৰ দূতাবাসলৈ অহা কোনো ব্যক্তিৰ সৈতে আমি দুৰ্ব্যৱহাৰ গ্ৰহণ নকৰোঁ। এই অভিযোগ শুনি আমি হতবাক হৈছো। অভিযোগপ্ৰমাণিত হ'লে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আমাৰ সকলো কূটনৈতিক কৰ্মচাৰীক পেছাদাৰী আচৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ''

অভিযোগকাৰী  মহিলাগৰাকীয়ে জনাইছিল যে,  পাকিস্তান দূতাবাসৰ এজন বিষয়াই তেওঁক চৰ্ত হিচাপে পাকিস্তান ভ্ৰমণৰ বাবে ভিছা প্ৰদান কৰিছিল। তেওঁ এইটোও দাবী কৰিছিল যে বিষয়াজনে যৌন ইংগিত দিছিল আৰু তেওঁৰ ইংগিত স্পষ্ট আছিল। ইয়াৰোপৰি মহিলাগৰাকীয়ে জনাইছিল যে  তেওঁক ভাৰত আৰু কাশ্মীৰৰ বিৰুদ্ধেও প্ৰবন্ধ লিখিবলৈ কোৱা হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু