ডিজিটেল ডেস্ক: ৰাজ্যত অব্যাহত থাকিব উচ্ছেদ অভিযান। মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ আশেপাশে অবৈধভাৱে বসবাস কৰা লোকক শীঘ্ৰেই কৰা হ'ব উচ্ছেদ। বটদ্ৰৱাৰ লগতে দাঁতি-কাষৰীয়া সত্ৰসমূহ অবৈধ বাংলাদেশীৰ কবলৰ পৰা সংৰক্ষিত কৰাৰ বাবে আমাৰ চৰকাৰ সংকল্পবদ্ধ। এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
অহা ২৯ ডিচেম্বৰত কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে শুভাৰম্ভ কৰিবলগীয়া বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কালি মুখ্যমন্ত্রী ড° শর্মাই সাংবাদিকৰ আগত পুনৰায় কয়, 'অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ।' চৰ অঞ্চলতো উচ্ছেদ অভিযান চলিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰি বাংলাদেশত সংঘটিত হিংসাত্মক ঘটনা উদ্বেগজনক বুলি মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, উত্তৰ-পূবক বাংলাদেশৰ অধীনস্থ কৰিবলৈ একাংশই বাৰে বাৰে চেষ্টা চলাই আছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে চোকা দৃষ্টি ৰাখিছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
গুৰু শংকৰৰ অৱদান চিহ্নযাত্রা বিশ্বৰ নাট্য সাহিত্যত এক মাইলৰ খুঁটি। গুৰু শংকৰে সেই খুঁটিটো নিকপকপীয়াকৈ পুতিছিল। গতিকে আজিৰ বিশ্ব সভ্যতাত আমি সাংস্কৃতিকভাৱে চহকী জাতিসত্তা। সাহিত্য, কলা আৰু ধর্মীয় দর্শন কিম্বা অর্থনৈতিক চিন্তাৰ মাৰ্গদর্শক আছিল জগতগুৰু শংকৰদেৱ। গুৰু শংকৰ আছিল একাত্ম মানৱতাবাদী দৰ্শনৰ ৰূপকাৰ। গুৰু শংকৰৰ শ্ৰীচৰণত সেৱা জনালেই দিনটোৰ বাবে মংগল হয় বুলি মই বিশ্বাস কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মই কেইবাবাৰো গুৰুজনাৰ শ্ৰীচৰণত প্রণিপাত জনাই মই ব্যক্তিগতভাৱে মহাশান্তি লাভ কৰিবলৈ সক্ষম হৈছোঁ। গুৰুজনাৰ জীৱন দৰ্শনৰ আদৰ্শৰে অনুপ্রাণিত হৈ ব্যক্তিগতভাবে মই ধন্য।'
উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° শৰ্মাৰ উদ্যোগত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ১৬৫ বিঘা ভূমি ২০১৬ চনৰ ২৩ ছেপ্টেম্বৰত বেদখলমুক্ত কৰা হৈছিল আৰু উক্ত ভূমিতে ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহ মন্ত্রী অমিত শ্বাহে বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিছিল। মুখ্যমন্ত্রী ড° শৰ্মাৰ উদ্যোগ আৰু তৎপৰতাত বটদ্ৰৱাৰ ঐতিহাসিক সম্পদ স্বৰূপ নাটঘৰটোৰ আন্তঃগাঁথনি নির্মাণ মজবুত আৰু নিকপকপীয়া কৰাৰ প্ৰয়াস হিচাপে কেইবাবছৰ পূৰ্বে মজিয়াত মাৰ্বল লগোৱাৰ লগতে আধুনিক প্রযুক্তিগত চিলিং নির্মাণ, নতুনকৈ হেঙুল হাইতালৰ ব্যৱহাৰেবে ন ৰূপত সজোৱা হ'ল বটদ্ৰৱা থানৰ নাটঘৰ।
তদুপৰি ২০২৩ চনত বটদ্ৰৱা থানৰ কাৰ্যালয় নির্মাণ, সত্ৰাধিকাৰসকলৰ বহা, দামোদৰ আতা ভৱনৰ নিৰ্মাণ, সভাগৃহ, আকাশীগংগাৰ উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ কাৰ্যক্ৰমণিকা সমাপ্ত কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। সত্ৰাধিকাৰসকল, ভকত- বৈষ্ণৱসকলৰ উপস্থিতিত মাংগলিক সত্ৰীয়া পৰম্পৰাৰ কাৰ্যক্ৰমণিকাত কেইবাবাৰো অংশ লৈছিল মুখ্যমন্ত্রী ড° শর্মাই। বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীৰ আগমনক লৈ আজি এক উখল-মাখল পৰিৱেশে বিৰাজ কৰে। আইসকলৰ নামেৰে মুখ্যমন্ত্ৰীক আদৰি অনা হয় বটদ্ৰৱা প্রকল্পলৈ।
উৎসঃ দৈনিক জনমভূমি