--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাজিৰঙা অৰ্কিড উদ্যানে বিগত সময়ত অসমৰ বৈচিত্র্যময় সংস্কৃতি তুলি ধৰাৰ চেষ্টা কৰি আহিছে। অসমৰ গ্ৰাম্য জীৱনক উদ্ভাসিত কৰাৰ চেষ্টা কৰি আহিছে।

ডিজিটেল ডেস্ক : কাজিৰঙা জাতীয় অর্কিড উদ্যানত পৰ্যটকৰ বাবে আৰম্ভ হ'ল ম'হ গাড়ী আৰু ঘোঁৰা গাড়ী। উদ্যানৰ প্ৰৱেশ দ্বাৰত পৰ্যটকৰ বাবে এই সেৱা কালি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা নিবন্ধকাৰ শান্তনু বৰঠাকুৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ৰিকি গগৈয়ে।


শান্তনু বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কয় যে কাজিৰঙা অৰ্কিড উদ্যানে বিগত সময়ত অসমৰ বৈচিত্র্যময় সংস্কৃতি তুলি ধৰাৰ চেষ্টা কৰি আহিছে। অসমৰ গ্ৰাম্য জীৱনক উদ্ভাসিত কৰাৰ চেষ্টা কৰি আহিছে। বাহিৰৰ পৰা অহা পর্যটকে অর্কিড উদ্যানত সোমাই অসমখনৰ এক আভাস পায়। তাৰ লগতে এক অংশ হিচাপে ম'হৰ গাড়ী, ঘোঁৰাৰ গাড়ীৰ সংযোগে পর্যটকক আকর্ষিত কৰিব বুলিও তেওঁ কয়।


ইফালে, কালিৰ এই অনুষ্ঠানত অখিল গগৈ উপস্থিত থাকি কয় যে আমাৰ পুৰণিকলীয়া ম'হৰ গাড়ী, ঘোঁৰা গাড়ী পৰ্যটকৰ বাবে অৰ্কিড উদ্যানত আৰম্ভ কৰিছোঁ। গৰু গাড়ীও থাকিব। কাজিৰঙাৰ পৰ্যটনত নতুন সংযোজন কৰাৰ চেষ্টা কৰি আছোঁ বুলি কৈ তেওঁ প্রকাশ কৰে যে আমি পাহাৰ বগোৱা, চাইকেল চলোৱা আৰু বাৰ্ডিঙো আৰম্ভ কৰিব বিচাৰিছোঁ। সেই সমূহত অসমৰ ৰাইজক অংশগ্রহণ কৰিবলৈ আহ্বান জনায় গগৈয়ে। কেৱল গঁড় দেখুৱাই পৰ্যটনক আমি ৰাখিব নোৱাৰোঁ বুলি মন্তব্য কৰি গগৈয়ে অসমৰ পৰ্যটনক নতুন ধৰণে পর্যটকক গ্রাম্য জীৱনৰ সোৱাদ দিবলৈ বিভিন্ন প্রয়াসেৰে কৃষি পর্যটন, গ্রাম্য পর্যটন আদি কৰিবলৈ আগবাঢ়িছোঁ বুলি সদৰী কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ