--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাজিৰঙা অৰ্কিড উদ্যানে বিগত সময়ত অসমৰ বৈচিত্র্যময় সংস্কৃতি তুলি ধৰাৰ চেষ্টা কৰি আহিছে। অসমৰ গ্ৰাম্য জীৱনক উদ্ভাসিত কৰাৰ চেষ্টা কৰি আহিছে।

ডিজিটেল ডেস্ক : কাজিৰঙা জাতীয় অর্কিড উদ্যানত পৰ্যটকৰ বাবে আৰম্ভ হ'ল ম'হ গাড়ী আৰু ঘোঁৰা গাড়ী। উদ্যানৰ প্ৰৱেশ দ্বাৰত পৰ্যটকৰ বাবে এই সেৱা কালি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা নিবন্ধকাৰ শান্তনু বৰঠাকুৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ৰিকি গগৈয়ে।


শান্তনু বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কয় যে কাজিৰঙা অৰ্কিড উদ্যানে বিগত সময়ত অসমৰ বৈচিত্র্যময় সংস্কৃতি তুলি ধৰাৰ চেষ্টা কৰি আহিছে। অসমৰ গ্ৰাম্য জীৱনক উদ্ভাসিত কৰাৰ চেষ্টা কৰি আহিছে। বাহিৰৰ পৰা অহা পর্যটকে অর্কিড উদ্যানত সোমাই অসমখনৰ এক আভাস পায়। তাৰ লগতে এক অংশ হিচাপে ম'হৰ গাড়ী, ঘোঁৰাৰ গাড়ীৰ সংযোগে পর্যটকক আকর্ষিত কৰিব বুলিও তেওঁ কয়।


ইফালে, কালিৰ এই অনুষ্ঠানত অখিল গগৈ উপস্থিত থাকি কয় যে আমাৰ পুৰণিকলীয়া ম'হৰ গাড়ী, ঘোঁৰা গাড়ী পৰ্যটকৰ বাবে অৰ্কিড উদ্যানত আৰম্ভ কৰিছোঁ। গৰু গাড়ীও থাকিব। কাজিৰঙাৰ পৰ্যটনত নতুন সংযোজন কৰাৰ চেষ্টা কৰি আছোঁ বুলি কৈ তেওঁ প্রকাশ কৰে যে আমি পাহাৰ বগোৱা, চাইকেল চলোৱা আৰু বাৰ্ডিঙো আৰম্ভ কৰিব বিচাৰিছোঁ। সেই সমূহত অসমৰ ৰাইজক অংশগ্রহণ কৰিবলৈ আহ্বান জনায় গগৈয়ে। কেৱল গঁড় দেখুৱাই পৰ্যটনক আমি ৰাখিব নোৱাৰোঁ বুলি মন্তব্য কৰি গগৈয়ে অসমৰ পৰ্যটনক নতুন ধৰণে পর্যটকক গ্রাম্য জীৱনৰ সোৱাদ দিবলৈ বিভিন্ন প্রয়াসেৰে কৃষি পর্যটন, গ্রাম্য পর্যটন আদি কৰিবলৈ আগবাঢ়িছোঁ বুলি সদৰী কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩ জানুৱাৰীত সৰুসজাইত ফিফা বিশ্ব কাপৰ ট্ৰফীৰ প্ৰদৰ্শন, বিশ্ব ফুটবলৰ মানচিত্ৰত অন্তর্ভুক্ত হ'ব অসম
বিশ্বৰ আটাইতকৈ ওখ গুৰু আসনেৰে উজলিব বটদ্ৰৱা প্রকল্প, ঐতিহাসিক ক্ষণৰ সাক্ষী ৰাজ্যবাসী
গুৰুভূমিত অনৱদ্য কীর্তিস্তম্ভ, অমিত শ্বাহে আজি মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প
বাঘবৰৰ বালিচৰত সেউজ বিপ্লৱ, ৫ যুৱকে কৰিছে বিভিন্নধৰণৰ খেতি
প্রচণ্ড শীতে কঁপাইছে আমেৰিকাবাসীক
বিমোৰত পাকিস্তান! বিগত ২ বছৰত ১১ হাজাৰ অভিযন্তা আৰু ৫ হাজাৰ চিকিৎসকে ত্যাগ কৰিলে দেশ
পশ্চিমবংগত অপদস্থ জনপ্ৰিয় কণ্ঠশিল্পী ; মঞ্চত উঠি গান গোৱাত বাধা শিল্পীগৰাকীক
'ভোট চুৰি'কে ধৰি প্ৰতিটো 'ইছ্যু'তে ৰাহুলৰ ব্যৰ্থতাত ক্ষুব্ধ ছোনিয়া গান্ধী, প্রিয়ংকা গান্ধীৰ নেতৃত্ব বিচাৰে কংগ্ৰেছীয়ে
২০২৬ চনত আটাইতকৈ ডাঙৰ ভাবুকি হ’ব পাৰে AI ! গোপনীয়তাৰ পৰা বৃদ্ধি পোৱা সামাজিক উত্তেজনালৈকে এই ৬টা বিপদৰ বিষয়ে জানি লওক
মাজুলীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ ; তহিলং কৰিলে ২৫ বিঘাকৈ ৰবি শস্যৰ  ফচল
কাছাৰত ১৯ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু ; মটৰ সংযোগ কৰি নদীৰ পৰা পানী তুলিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হয় যুৱকজন
জোনাইত আৱকাৰী বিভাগৰ পুনৰ বৃহৎ সাফল্য, চিমেন চাপৰিৰ পৰা ই-ৰিক্সাসহ বুজন পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ, এজনক আটক
ভুল বুজাবুজিৰ বাবে হিংসাত্মক ৰূপ ল'লে প্রতিবাদে: তুলিৰাম ৰংহাং
Indian Oilৰ পেট্ৰল পাম্পত ডিজেলৰ সলনি গ্ৰাহকে পালে পানী