--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যোৱা কেইদিনমানৰ পৰা ছচিয়েল মিডিয়াত ধাৰাবাহিকভাৱে ভাইৰেল হৈ আছে বিমানৰ ভিডিঅ’। শেহতীয়াকৈ যাত্ৰীৰ অসৎ আচৰণৰ ভিডিঅ’ সকলোৰে সন্মুখত আহিছিল। এতিয়া এনে এটা ভিডিঅ' চৰ্চালৈ আহিছে, যিটো চোৱাৰ পিছত আপুনি হাঁহি বন্ধ কৰিব নোৱাৰিব। এই ভিডিঅ'টোত ইণ্ডিগো বিমানত এজন যাত্ৰীয়ে এয়াৰ হোষ্টেছক গুটখা থু পেলাবলৈ খিৰিকী খুলিবলৈ অনুৰোধ জনাইছে।

আচলতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ওলাইছে যিটো যথেষ্ট ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত এজন ব্যক্তিয়ে এয়াৰ হ’ষ্টেছক উৰণীয়া বিমানত খিৰিকীখন খুলিবলৈ কয় যাতে তেওঁ নিজৰ গুটখা থু পেলাব পাৰে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত পোষ্ট কৰা হৈছে। ইয়াক পোষ্ট কৰিছে গোবিন্দ শৰ্মা নামৰ এজন ব্যক্তিয়ে। ইণ্ডিগো বিমানত নিৰ্মাণ কৰা হৈছে এই ভিডিঅ’টো।


ভিডিঅ’টোৰ আপলোডাৰে কেপচনত গুটখা প্ৰেমিক বন্ধুক টেগ কৰিবলৈও কৈছে। ভিডিঅ’টোত দেখা গৈছে এজন ব্যক্তিয়ে আইলেণ্ডৰ চিটত বহি আছে। হঠাতে এয়াৰ হোষ্টেছ এগৰাকী কয় এক্সকিউজ মি! অনুগ্ৰহ কৰি খিৰিকীখন খুলিব, গুটখা থুকিব লাগে। যাত্ৰীগৰাকীৰ এই কথা শুনি এয়াৰ হোষ্টেছেও হাঁহিছে।

যোৱা কেইবাদিনো ধৰি বিমানখনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত তীব্ৰ ভাইৰেল হৈ পৰিছে, য’ত কিছুমান ভাল আৰু কিছুমান অতি বেয়া। কিছুদিন পূৰ্বে এটা ভিডিঅ’ ওলাইছিল য’ত এগৰাকী মহিলা যাত্ৰীয়ে এয়াৰ ইণ্ডিয়াৰ বিমানত এজন যাত্ৰীয়ে তেওঁৰ ওপৰত প্ৰস্ৰাৱ কৰা বুলি অভিযোগ কৰিছিল। অভিযোগ অনুসৰি ব্যক্তিজনে মদ্যপান কৰি অশ্লীল কামো কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক