--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না, মাংকী পক্স নহয় সম্প্ৰতি আতংকৰ কাৰক হৈ থিয় দিছে এবিধ নতুন ভাইৰাছে। ভাৰতত আৰম্ভ হৈছে ন’ৰ’ ভাইৰাছৰ সংক্ৰমণ। কেৰালাত ইতিমধ্যে ১৯ টি   শিশু নতুনকৈ এই ৰোগত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।  চিকিৎসকলেও এই ৰোগ সন্দৰ্ভত সতৰ্ক কৰি দিছে দেশৰ নাগৰিকক।

কেৰালাৰ  স্বাস্থ্য বিভাগ এনে সংক্ৰমণৰ পিছতে  চিন্তিত হৈ পৰিছে। সংক্ৰমিত সকলৰ আটাইকেইজন একেখন বিদ্যালয়ৰ শিক্ষাৰ্থী বুলি কোৱা হৈছে। সংক্ৰমণ বিয়পাৰ বাবে একেখন বিদ্যালয়তে ১ৰ পৰা ৫ম শ্ৰেণীৰ অফলাইন শ্ৰেণীবন্ধ কৰা হৈছে। বিদ্যালয় খনত অনলাইনত পাঠদান  আৰম্ভ হৈছে। 

কেৰালা চৰকাৰৰ মতে এৰ্নাকুলাম জিলাৰ এখন বিদ্যালয়ৰ ১৯ জন শিক্ষাৰ্থীৰ দেহত  ন’ৰ’ ভাইৰাছৰ উপস্থিতি পোৱা গৈছে৷ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত শিশুকেইটিয়ে পেটৰ সমস্যাত ভুগিছে। দৰাচলতে, ন’ৰ’ ভাইৰাছ অতি সংক্ৰামক। ন’ৰ’ ভাইৰাছ সন্দৰ্ভত কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে, ‘এয়া এক মাৰাত্মক সংক্ৰামক ভাইৰাছ। এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়।’

ইফালে, আমেৰিকাৰ চেণ্টাৰ ফ’ৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনৰ তথ্য অনুসৰি এই ভাইৰাছ অতি সংক্ৰামক বুলি অভিহিত কৰিছে। ন’ৰ’ ভাইৰাছক ‘winter vomiting bug’ বা ‘stomach flu’ বুলিও কোৱা হৈছে ।অৱশ্যে  ফ্লুৰ সৈতে কোনো সম্পৰ্ক নাই ন’ৰ’ ভাইৰাছৰ।ন’ৰ’ ভাইৰাছ সংক্ৰমণৰ প্ৰাথমিক লক্ষণ হিচাপে মূলতঃ পেটৰ সমস্যাই দেখা দিয়াৰ লগতে, ডায়েৰিয়া, জ্বৰ, মূৰৰ বিষ, অংগ-প্ৰত্যংগৰ বিষ আদিও হ’ব পাৰে বুলি চিকিত্‍সকে সদৰী কৰিছে।

কেনেকৈ বিয়পিব পাৰে ন’ৰ’ ভাইৰাছ? 

মূলতঃ খাদ্য আৰু পানীৰ পৰা এইবিধ ভাইৰাছ বিয়পে বুলি জানিবলৈ পোৱা গৈছে। খাদ্য বা পানীত যদি এই বীজাণু থাকে তেন্তে তাৰ পৰাই সংক্ৰমিত হ’ব পাৰে। তদুপৰি আক্ৰান্ত ব্যক্তিৰ পৰাও ই বিয়পিব পাৰে।

কেনেকৈ হাত সাৰিব: 

এই সংক্ৰামক ভাইৰাছ বিধৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা আটাইতকৈ উত্তম উপায়। সঘনাই হাত ধোৱাৰ লগতে আক্ৰান্ত ব্যক্তিৰ ওচৰলৈ নোযোৱাটোৱে স্বাস্থ্যৰ পক্ষে সুফলদায়ক।

ৰোগৰ চিকিৎসাঃ 

এতিয়ালৈকে ইয়াৰ কোনো নিৰাময় ব্যৱস্থা ওলোৱা নাই। প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিলে এই ৰোগৰ পৰা শীঘ্ৰে আৰোগ্য লাভ কৰিব পৰা যায় বুলি চিকিত্‍সকে সদৰী কৰিছে।ন’ৰ’ ভাইৰাছে শিশু, বৃদ্ধ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকসকলক আক্ৰমণ কৰে।  ন’ৰ’ ভাইৰাছ মুখ্যতঃ খাদ্য আৰু পানীৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। তদুপৰি সংক্ৰমিত ৰোগীৰ পৰা আনৰ শৰীৰলৈও ভাইৰাছ বিয়পিব পাৰে।  

যদি  ন’ৰ’ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়, ৰোগীৰ বমি আৰু ডায়েৰিয়া হ'ব পাৰে। ইয়াৰ সৈতে পেটৰ বিষ, জ্বৰ, মূৰৰ বিষ থাকিব পাৰে।  ২০২১ চনত দেশখনত প্ৰথমবাৰৰ বাবে কেৰালাত ন’ৰ’ ভাইৰাছ ধৰা পৰিছিল। সেই ৰাজ্যত এতিয়ালৈকে প্ৰায় ৯০০ জন লোক নোৰোভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement