--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ’না, মাংকী পক্স নহয় সম্প্ৰতি আতংকৰ কাৰক হৈ থিয় দিছে এবিধ নতুন ভাইৰাছে। ভাৰতত আৰম্ভ হৈছে ন’ৰ’ ভাইৰাছৰ সংক্ৰমণ। কেৰালাত ইতিমধ্যে ১৯ টি   শিশু নতুনকৈ এই ৰোগত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।  চিকিৎসকলেও এই ৰোগ সন্দৰ্ভত সতৰ্ক কৰি দিছে দেশৰ নাগৰিকক।

কেৰালাৰ  স্বাস্থ্য বিভাগ এনে সংক্ৰমণৰ পিছতে  চিন্তিত হৈ পৰিছে। সংক্ৰমিত সকলৰ আটাইকেইজন একেখন বিদ্যালয়ৰ শিক্ষাৰ্থী বুলি কোৱা হৈছে। সংক্ৰমণ বিয়পাৰ বাবে একেখন বিদ্যালয়তে ১ৰ পৰা ৫ম শ্ৰেণীৰ অফলাইন শ্ৰেণীবন্ধ কৰা হৈছে। বিদ্যালয় খনত অনলাইনত পাঠদান  আৰম্ভ হৈছে। 

কেৰালা চৰকাৰৰ মতে এৰ্নাকুলাম জিলাৰ এখন বিদ্যালয়ৰ ১৯ জন শিক্ষাৰ্থীৰ দেহত  ন’ৰ’ ভাইৰাছৰ উপস্থিতি পোৱা গৈছে৷ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত শিশুকেইটিয়ে পেটৰ সমস্যাত ভুগিছে। দৰাচলতে, ন’ৰ’ ভাইৰাছ অতি সংক্ৰামক। ন’ৰ’ ভাইৰাছ সন্দৰ্ভত কেৰালাৰ স্বাস্থ্যমন্ত্ৰীয়ে কয় যে, ‘এয়া এক মাৰাত্মক সংক্ৰামক ভাইৰাছ। এই ভাইৰাছৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়।’

ইফালে, আমেৰিকাৰ চেণ্টাৰ ফ’ৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনৰ তথ্য অনুসৰি এই ভাইৰাছ অতি সংক্ৰামক বুলি অভিহিত কৰিছে। ন’ৰ’ ভাইৰাছক ‘winter vomiting bug’ বা ‘stomach flu’ বুলিও কোৱা হৈছে ।অৱশ্যে  ফ্লুৰ সৈতে কোনো সম্পৰ্ক নাই ন’ৰ’ ভাইৰাছৰ।ন’ৰ’ ভাইৰাছ সংক্ৰমণৰ প্ৰাথমিক লক্ষণ হিচাপে মূলতঃ পেটৰ সমস্যাই দেখা দিয়াৰ লগতে, ডায়েৰিয়া, জ্বৰ, মূৰৰ বিষ, অংগ-প্ৰত্যংগৰ বিষ আদিও হ’ব পাৰে বুলি চিকিত্‍সকে সদৰী কৰিছে।

কেনেকৈ বিয়পিব পাৰে ন’ৰ’ ভাইৰাছ? 

মূলতঃ খাদ্য আৰু পানীৰ পৰা এইবিধ ভাইৰাছ বিয়পে বুলি জানিবলৈ পোৱা গৈছে। খাদ্য বা পানীত যদি এই বীজাণু থাকে তেন্তে তাৰ পৰাই সংক্ৰমিত হ’ব পাৰে। তদুপৰি আক্ৰান্ত ব্যক্তিৰ পৰাও ই বিয়পিব পাৰে।

কেনেকৈ হাত সাৰিব: 

এই সংক্ৰামক ভাইৰাছ বিধৰ পৰা হাত সাৰিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতা আটাইতকৈ উত্তম উপায়। সঘনাই হাত ধোৱাৰ লগতে আক্ৰান্ত ব্যক্তিৰ ওচৰলৈ নোযোৱাটোৱে স্বাস্থ্যৰ পক্ষে সুফলদায়ক।

ৰোগৰ চিকিৎসাঃ 

এতিয়ালৈকে ইয়াৰ কোনো নিৰাময় ব্যৱস্থা ওলোৱা নাই। প্ৰচুৰ পৰিমাণে পানী সেৱন কৰিলে এই ৰোগৰ পৰা শীঘ্ৰে আৰোগ্য লাভ কৰিব পৰা যায় বুলি চিকিত্‍সকে সদৰী কৰিছে।ন’ৰ’ ভাইৰাছে শিশু, বৃদ্ধ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকসকলক আক্ৰমণ কৰে।  ন’ৰ’ ভাইৰাছ মুখ্যতঃ খাদ্য আৰু পানীৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। তদুপৰি সংক্ৰমিত ৰোগীৰ পৰা আনৰ শৰীৰলৈও ভাইৰাছ বিয়পিব পাৰে।  

যদি  ন’ৰ’ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়, ৰোগীৰ বমি আৰু ডায়েৰিয়া হ'ব পাৰে। ইয়াৰ সৈতে পেটৰ বিষ, জ্বৰ, মূৰৰ বিষ থাকিব পাৰে।  ২০২১ চনত দেশখনত প্ৰথমবাৰৰ বাবে কেৰালাত ন’ৰ’ ভাইৰাছ ধৰা পৰিছিল। সেই ৰাজ্যত এতিয়ালৈকে প্ৰায় ৯০০ জন লোক নোৰোভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
'আমাৰ মৃত্যুৰ বাবে আমি দায়ী'! ১৩ মহলাৰ পৰা জঁপিয়াই মাতৃ-পুত্ৰৰ চৰম সিদ্ধান্ত
NIT শিলচৰত সহপাঠীক আক্ৰমণ! পাঁচ বাংলাদেশী ছাত্ৰ নিলম্বিত, দেশলৈ ঘূৰাই পঠোৱাৰ সিদ্ধান্ত
নামঘৰত জন্মাষ্টমী পালন আহি ঘৰৰ পদুলিমুখত ছিঙি পৰি থকা তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু মহিলাৰ
'প্রধানমন্ত্রী পূৰ্বোত্তৰ ভাৰতৰ উন্নয়নৰ ব্ৰেণ্ড এম্বেছাদৰ': এই মন্তব্য ৰাজ্যিক বিজেপিৰ
১১ বছৰে আমি উঃ-পূবৰ উন্নয়নৰ বাবে কাম কৰিছোঁ: প্ৰধানমন্ত্ৰী মোদী
দিল্লীত কিয়, যদি আতচবাজীত নিষেধাজ্ঞা জাৰি কৰিব লাগে, তেন্তে সমগ্র দেশতেই নিষিদ্ধ কৰা উচিত: উচ্চতম ন্যায়ালয়
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি