--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শেহতীয়াকৈ গাঁৱৰে আন এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল সোণমৰ। সময়ৰ লগে লগে দুয়োৰে মাজৰ সম্পৰ্ক গভীৰ হৈ পৰে। ফলত স্বামীক এৰি সেই যুৱকজনৰ সৈতে নতুনকৈ সংসাৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল সোণমে।

ডিজিটেল ডেস্ক: পৰকীয়া প্ৰেমৰ ফলত সংঘটিত হ’ল এক ভয়ংকৰ কাণ্ড। পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জ্বলাই দিলে স্বামীয়ে। পত্নীৰ পৰকীয়া প্ৰেমত অতীষ্ঠ হৈ স্বামীয়ে এই নাৰকীয় কাণ্ড সংঘটিত কৰে। স্বামীক এৰি এজন যুৱকৰ সৈতে নতুনকৈ সংসাৰ গঢ়াৰ ইচ্ছা প্ৰকাশ কৰিছিল পত্নীয়ে। কিন্তু পত্নীৰ এই সিদ্ধান্ত মানি ল’ব নোৱাৰিলে স্বামীয়ে।


অভিযোগ অনুসৰি, পত্নীক জোৰ কৰি এখন চকীত বহুৱাই হাত-ভৰি বান্ধি দিয়ে আৰু ইয়াৰ পিছতে পত্নীৰ শৰীৰত পেট্ৰ’ল ঢালি জুই লগাই দিয়ে স্বামীয়ে। জীৱন্তে জ্বলি মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে। এই ভয়ংকৰ ঘটনাৰ ফলত সমগ্ৰ ঘৰটোতে জুই বিয়পি পৰে। ঘটনাক লৈ আতংকিত হৈ পৰে ওচৰ-চুবুৰীয়াসকল। ইতিমধ্যে ঘটনাটোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।


সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই শিহৰণকাৰী ঘটনাটো উত্তৰ প্ৰদেশৰ কন্নৌজ জিলাৰ জগতপুৰ গাঁৱত সংঘটিত হৈছে। এই ঘটনাত মৃত্যু হোৱা মহিলাগৰাকীৰ নাম সোণম সিং। তেওঁৰ বয়স আছিল ৩০ বছৰ। প্ৰায় ১১ বছৰ পূৰ্বে সুখবীৰ সিং নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ জৰিয়তে বিবাহপাশত আবদ্ধ হৈছিল সোণম। বৰ্তমান সুখবীৰৰ বয়স ৩৫ বছৰ বুলি জানিব পৰা গৈছে। এই দম্পতীৰ দুটাকৈ সন্তান আছে।


অভিযোগ অনুসৰি, শেহতীয়াকৈ গাঁৱৰে আন এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল সোণমৰ। সময়ৰ লগে লগে দুয়োৰে মাজৰ সম্পৰ্ক গভীৰ হৈ পৰে। ফলত স্বামীক এৰি সেই যুৱকজনৰ সৈতে নতুনকৈ সংসাৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল সোণমে। পত্নীৰ এই সিদ্ধান্তত ক্ষুব্ধ হৈ পৰিছিল স্বামী সুখবীৰ। ঘটনাৰ দুদিন পূৰ্বে পতি-পত্নীৰ মাজৰ বিবাদ নিষ্পত্তি কৰিবলৈ থানাত এখন পঞ্চায়ত অনুষ্ঠিত হৈছিল। ঘণ্টাৰ পিছত ঘণ্টা ধৰি আলোচনা চলাৰ অন্তত সোণমে স্বামীৰ সৈতে থকাৰ সিদ্ধান্ত লয়। লগতে যুৱকজনৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে। কিন্তু ইয়াৰ পিছতে পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লয়। 


সোণমৰ পৰা আঁতৰি থকাৰ দুখত প্ৰেমিক যুৱকজনে সেইদিনা সন্ধিয়া বিষাক্ত পদাৰ্থ সেৱন কৰে। তেওঁক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাৰ অন্তত সুস্থ হৈ ঘৰলৈ উভতি আহে যুৱকজন। কিন্তু ইয়াৰ পিছতো যুৱকজনক লৈ সোণম আৰু তেওঁৰ স্বামীৰ মাজত পুনৰ বিবাদ আৰম্ভ হয়।


অভিযোগ অনুসৰি, বিবাদ ক্ৰমাৎ বৃদ্ধি পোৱাত সুখবীৰে সোণমক জোৰকৈ এখন চকীত বহুৱাই বান্ধি দিয়ে। তাৰ পিছত তেওঁৰ শৰীৰত পেট্ৰ’ল ঢালি জুই লগাই দিয়ে। ঘটনাৰ উমান পাই ওচৰ-চুবুৰীয়াসকল ঘৰৰ পৰা ওলাই আহি দেখে যে সুখবীৰৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। লগে লগে আৰক্ষীক খবৰ দিয়া হয়। কিন্তু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই সুখবীৰে নিজৰ সন্তান দুটিক লৈ সেই স্থানৰ পৰা পলায়ন কৰে। পিছত সোণমক উদ্ধাৰ কৰা হয় যদিও তেতিয়ালৈকে অগ্নিদগ্ধ হৈ তেওঁৰ মৃত্যু হৈছিল। 


আৰক্ষীয়ে সোণমৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে, পলাতক অৱস্থাত থকা সুখবীৰ সিঙকো আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।


এই নৃশংস ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ