--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তাজমহল ভাৰতৰ উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত এক ৰাজকীয় সমাধি। মোগল সম্ৰাট শ্বাহজাহানে তেওঁৰ পত্নী অৰ্জুমান্দ বাণু বেগমক আজীৱন স্মৰণ কৰিবলৈ এই সুন্দৰ স্মৃতিস্তম্ভটো নিৰ্মাণ কৰিছিল, যাক তাজ মহল বুলি কোৱা হয়। স্মৃতিস্তম্ভটোৰ নিৰ্মাণ ১৬৩২ চনত আৰম্ভ হৈছিল আৰু ১৬৫৩ চনত এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। বগা মাৰ্বেলৰে নিৰ্মিত এই প্ৰাসাদটো সাক্ষী হৈ আছে অপৰিসীম প্ৰেম আৰু ভালপোৱা৷

১৯৮৩ চনত ইউনেস্কোৱে তাজ মহলক বিশ্ব ঐতিহ্য স্থান হিচাপে অন্তভুক্ত কৰিছিল। তাজ মহল বিশ্বৰ সপ্তম বিস্ময়ৰ ভিতৰত এটা।ইউনেস্কোৱে তাজমহলক ‘বিশ্ব ঐতিহ্যৰ সাৰ্বজনীনভাৱে প্রশংসিত সৰ্বশ্ৰেষ্ঠ কাম’ বুলি বুলি হৈছিল৷ ১৬৩১ চনত মোগল কালৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট শ্বাহজাহান তেওঁৰ দ্বিতীয় পত্নী মমতাজ মহলৰ মৃত্যুত গভীৰভাৱে দুখিত হৈছিল আৰু তেতিয়াই তেওঁ পত্নীৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ উদ্দেশ্যৰে তাজমহল নিৰ্মাণ কৰিছিল৷


শ্বাহজাহানৰ দৰে পত্নীৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ লক্ষ্যৰে এজন লোকে তাজমহল সদৃশ ৰাজপ্ৰসাদ নিৰ্মাণ কৰা কাৰ্যক লৈ এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে৷ মধ্য প্ৰদেশৰ বাসিন্দা আনন্দ চোকছে নিৰ্মাণ কৰিছে এই প্ৰসাদ৷ তাজমহলৰ সৌন্দৰ্যৰ প্ৰতি সদায় আকৰ্ষিত হৈ মধ্য প্ৰদেশৰ বাসিন্দাজনে ভাবিছিল যে তেওঁৰ চহৰত পৃথিৱীৰ অষ্টম আশ্চৰ্য নিৰ্মাণ কৰিব পৰা নাযায় নেকি৷ এই পৰিকল্পনাৰে তেওঁ পত্নীৰ বাবে তাজমহল নিৰ্মাণকৰাৰ পৰিকল্পনা কৰিছিল আৰু যিটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে। আনন্দ প্ৰকাশ চৌকছে আগ্ৰা ভ্ৰমণ কৰিছিল আৰু মোগল সম্ৰাট শ্বাহজাহানে দীৰ্ঘদিন ধৰি নিৰ্মাণ কৰা স্থাপত্যকলা নিকটভাৱে পৰ্যবেক্ষণ কৰিছিল। তাৰ পিছত তেওঁ তাজমহলৰ আকৃতিৰ এটা ঘৰ নিৰ্মাণ কৰিবলৈ কাম হাতত লৈছিল৷

ঠিক তাজমহলৰ প্ৰতিকৃতি এই বাংলোটো নিৰ্মাণ কৰিবলৈ প্ৰায় তিনি বছৰ সময় লাগিছিল। তাজমহলৰ দৰে, ঘৰটোৰ মূৰত এটা 29 ফুটৰ গম্বুজ আছে। ভিতৰৰ ফালে, প্ৰকৃত তাজমহলৰ দৰে, দেৱালত খোদিত সকলো আশ্চৰ্যকৰ কাৰুকাৰ্য। এই কামসমূহ বেংগল আৰু ইন্দোৰৰ শিল্পীসকলৰ দ্বাৰা কৰা হৈছিল । ঘৰটোৰ মজিয়াখন মূল তাজমহলৰ দৰেই নিৰ্মাণ কৰা হৈছে। আনকি তাজমহলৰ দৰে এই ঘৰটো অন্ধকাৰত জিলিকি উঠাকৈ বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।

প্ৰসাদ সদৃশ অট্টালিকাতো দুমহলীয়া। তলৰ মহলাত দুটা শোৱনি কোঠা আৰু ওপৰৰ মহলাত দুটা শোৱনি কোঠা আছে। বাংলোটোত এটা পুথিভঁৰাল আৰু ধ্যান কোঠাও আছে। ছছিয়েল মিডিয়াত তাজমহল সদৃশ এই ঘৰটোৰ দৃশ্য বিয়পি পৰাৰ লগে-লগে প্ৰতিক্ৰিয়াৰে ভৰি পৰিছে৷ কোনো কোনোৱে কৈছিল, মোগল সম্ৰাটে তেওঁৰ পত্নীৰ মৃত্যুৰ পিছত তেওঁৰ সমাধিত তাজমহল নিৰ্মাণ কৰিছিল তাৰ পৰিৱৰ্তে আনন্দে তেওঁৰ জীৱিত পত্নীক প্ৰেমৰ প্ৰতীক উপহাৰ দিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক