--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘোৰ অন্ধকাৰৰ মাজত বেংগল দিদি মমতা বেনাৰ্জী। ৰাজনীতিৰ জটিল সমীকৰণ মিলাবলৈ গৈ সোমবাৰে দিল্লীত উপস্থিত হৈছিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কিন্তু ৰাজনীতিৰ মেৰপাক মিলাবলৈ নৌপাওতেই দিল্লীত গৈ দিদিৰ লাগিল কেনা৷ বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দেশৰ ৰাজধানীত উপস্থিত হোৱাৰ প্ৰথম দিনটোতে প্ৰায় ৩ ঘণ্টা অন্ধকাৰ ত কটাব লগা হৈছিল।

তেওঁৰ বাসগৃহৰ কাষৰ দিল্লীৰ চাউথ এভিনিউ এলেকাত যান্ত্ৰিক বিভ্ৰাটৰ বাবে প্ৰায় ৩ ঘণ্টা বাবে বিদ্যুৎ কৰ্তন কৰা হৈছিল আৰু ইয়াৰ পাছতে দিদিৰ চৰকাৰী বাসগৃহসহ আন সকলো ঘৰ বিদ্যুত সংযোগ ব্যহত হৈ পৰিছিল৷ উল্লেখ্য যে, হেভিৱেট নেতা আৰু মন্ত্ৰী, সাংসদসকলে এই চাউথ এভিনিউত বাস কৰে। সাধাৰণতে সেই অঞ্চলটোত বিদ্যুত কৰ্তন নকৰে৷ কিন্তু মমতা বেনাৰ্জী দিল্লীত উপস্থিত হৈ সন্মুখীন হোৱা এই কাৰ্যৰ প্ৰতি কোনো কোনোৱে ৰহস্যৰ গোন্ধ পাইছে৷

মমতা বেনাৰ্জী সোমবাৰে আবেলি ৪ঃ৩০ বজাত উপস্থিত হৈছিল দিল্লীৰ বিমান বন্দৰত আৰু তাৰ পাছত তেওঁ পোনে-পোনে উপস্থিত হৈছিল চাউথ এভিনিউত৷ তেওঁ উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে অঞ্চলটোত বিদ্যুত কৰ্তন হৈ নিশা প্ৰায় ৭ঃ৩০ বজাত পুনৰ বিদ্যুত সংযোগ আগৰ অৱস্থালৈ ঘুৰি আহে৷ প্ৰায় ৩ ঘণ্টা ঘোৰ অন্ধকাৰ ত কটাব লগা হ’ল বেংগল দিদি আৰু ইয়াকৈ লৈ তেওঁ এতিয়া ক্ষোভিত হৈ পৰিছে লগতে তেওঁ ক’য় যে এই কাৰ্যত শাসক পক্ষৰ কু-অভিসন্ধি হ’ব পাৰে বুলি তেওঁ অভিযোগ কৰিছে৷ ইফালে বিদ্যু বিভাগৰ ফালৰ পৰা ক’য় যে, যান্ত্ৰিক বিজুতিৰ ফলতে অঞ্চলটোত বিদ্যু সংযোগ ব্যহত হৈ পৰিছিল৷

দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে সাংবাদিকৰ মুখামুখি হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "বিজেপি শাসিত ৰাজ্যখনত গণতন্ত্ৰৰ কংকাল ওলাই পৰিছে। ত্ৰিপুৰা প্ৰসংগতো দিদিয়ে ক’য় যে, বিপ্লব দেৱ ৰাজ্যত কোনো গণতন্ত্ৰ নাই। গুণ্ডাৰ বাবে মুকলি ৰম্যভূমি হৈ পৰিছে ত্ৰিপুৰা৷ গুণ্ডাই চুৰিৰ অস্ত্ৰ বাহিৰে আন একোৱেই কথা নাপাতে ত্ৰিপুৰাত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ