--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘোৰ অন্ধকাৰৰ মাজত বেংগল দিদি মমতা বেনাৰ্জী। ৰাজনীতিৰ জটিল সমীকৰণ মিলাবলৈ গৈ সোমবাৰে দিল্লীত উপস্থিত হৈছিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। কিন্তু ৰাজনীতিৰ মেৰপাক মিলাবলৈ নৌপাওতেই দিল্লীত গৈ দিদিৰ লাগিল কেনা৷ বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দেশৰ ৰাজধানীত উপস্থিত হোৱাৰ প্ৰথম দিনটোতে প্ৰায় ৩ ঘণ্টা অন্ধকাৰ ত কটাব লগা হৈছিল।

তেওঁৰ বাসগৃহৰ কাষৰ দিল্লীৰ চাউথ এভিনিউ এলেকাত যান্ত্ৰিক বিভ্ৰাটৰ বাবে প্ৰায় ৩ ঘণ্টা বাবে বিদ্যুৎ কৰ্তন কৰা হৈছিল আৰু ইয়াৰ পাছতে দিদিৰ চৰকাৰী বাসগৃহসহ আন সকলো ঘৰ বিদ্যুত সংযোগ ব্যহত হৈ পৰিছিল৷ উল্লেখ্য যে, হেভিৱেট নেতা আৰু মন্ত্ৰী, সাংসদসকলে এই চাউথ এভিনিউত বাস কৰে। সাধাৰণতে সেই অঞ্চলটোত বিদ্যুত কৰ্তন নকৰে৷ কিন্তু মমতা বেনাৰ্জী দিল্লীত উপস্থিত হৈ সন্মুখীন হোৱা এই কাৰ্যৰ প্ৰতি কোনো কোনোৱে ৰহস্যৰ গোন্ধ পাইছে৷

মমতা বেনাৰ্জী সোমবাৰে আবেলি ৪ঃ৩০ বজাত উপস্থিত হৈছিল দিল্লীৰ বিমান বন্দৰত আৰু তাৰ পাছত তেওঁ পোনে-পোনে উপস্থিত হৈছিল চাউথ এভিনিউত৷ তেওঁ উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে অঞ্চলটোত বিদ্যুত কৰ্তন হৈ নিশা প্ৰায় ৭ঃ৩০ বজাত পুনৰ বিদ্যুত সংযোগ আগৰ অৱস্থালৈ ঘুৰি আহে৷ প্ৰায় ৩ ঘণ্টা ঘোৰ অন্ধকাৰ ত কটাব লগা হ’ল বেংগল দিদি আৰু ইয়াকৈ লৈ তেওঁ এতিয়া ক্ষোভিত হৈ পৰিছে লগতে তেওঁ ক’য় যে এই কাৰ্যত শাসক পক্ষৰ কু-অভিসন্ধি হ’ব পাৰে বুলি তেওঁ অভিযোগ কৰিছে৷ ইফালে বিদ্যু বিভাগৰ ফালৰ পৰা ক’য় যে, যান্ত্ৰিক বিজুতিৰ ফলতে অঞ্চলটোত বিদ্যু সংযোগ ব্যহত হৈ পৰিছিল৷

দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে সাংবাদিকৰ মুখামুখি হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "বিজেপি শাসিত ৰাজ্যখনত গণতন্ত্ৰৰ কংকাল ওলাই পৰিছে। ত্ৰিপুৰা প্ৰসংগতো দিদিয়ে ক’য় যে, বিপ্লব দেৱ ৰাজ্যত কোনো গণতন্ত্ৰ নাই। গুণ্ডাৰ বাবে মুকলি ৰম্যভূমি হৈ পৰিছে ত্ৰিপুৰা৷ গুণ্ডাই চুৰিৰ অস্ত্ৰ বাহিৰে আন একোৱেই কথা নাপাতে ত্ৰিপুৰাত৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক