--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰত এখন গণতান্ত্ৰিক দেশ।বৰ্তমান বিশ্বৰ ভিতৰতে বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰত। এই গণতান্ত্ৰিক দেশতে দুৰ্বল হৈছে গণতন্ত্ৰ। গণতন্ত্ৰ মানে হ’ল- ৰাইজৰ শাসন বা জনগণৰ শাসন কিন্তু বাস্তৱত এই নীতি প্ৰযোজ্য হোৱা নাই। এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে 'ইণ্টাৰনেচনেল ইনষ্টিটিউচন ফৰ ডেমক্ৰেচী এণ্ড ইলেক্টৰেল এচিছটেন্স' চমুকৈ আইডিয়াই। আইডিয়াৰ এই চাঞ্চল্যকৰ তথ্যত ভাৰতৰ লগতে স্থান পাইছে গণতান্ত্ৰিক ৰাষ্ট্ৰ আফগানিস্তান, ম্যানমাৰ, টিউচেনিয়া, তুৰস্ক, হাংগেৰী, ব্ৰাজিল, পোলেণ্ড, শ্লভেনিয়া, ছাৰ্বিয়াই।

গণতান্ত্ৰিক মূল্যবোধৰ প্ৰসংগত কাম কৰি অহা আইডিয়াই কয় যে, ''বিশ্বৰ প্ৰায়বোৰ গণতান্ত্ৰিক দেশতে বিপন্ন হৈছে গণতন্ত্ৰ। গণতান্ত্ৰিক দেশসমূহত গণতন্ত্ৰ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।এই দেশসমূহত গণতন্ত্ৰ ক্ৰমাৎ দুৰ্বল হৈ পৰিছে।'' ইয়াৰ কাৰণ হিচাপে আইডিয়াই জগৰীয়া কৰা কাৰকসমূহ হ'ল-নাগৰিকক প্ৰলোভন কৰাৰ ৰাজনীতি, মিছা প্ৰতিশ্ৰুতি,চৰকাৰক সমালোচনা কৰিলে দেশৰ প্ৰতি অপমান কৰিছে বুলি বুজাবলৈ চেষ্টা কৰা, চৰকাৰৰ ব্যৰ্থতাক সমালোচনা কৰিলে বা সমালোচনাৰ কণ্ঠ ৰোধ কৰিবলৈ কোভিড-১৯ মহামাৰীক দোষাৰোপ কৰা,অগণতান্ত্ৰিক দেশসমূহৰ ৰীতি-নীতি অৱলম্বন কৰিবলৈ যত্ন কৰা আৰু সমাজক বিভাজিত কৰাৰ দৰে অগণতান্ত্ৰিক কাৰ্যৰ আশ্ৰয় লোৱা আদি। এইবোৰ কাৰকে সাম্প্ৰতিক বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে বুলি প্ৰকাশ কৰে আইডিয়াই। এই কাৰকসমূহে গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে আইডিয়াই ১৯৭৫ চনৰ পৰা ২০২১ চনলৈকে সংগ্ৰহ কৰা গণতান্ত্ৰিক বিষয়ক তথ্য-পাতিৰ আধাৰত এই প্ৰতিবেদন যুগুত কৰি উলিয়াইছে। প্ৰতিবেদনত আইডিয়াই উল্লেখ কৰা আটাইতকৈ উদ্বেগজনক কথাটো হ'ল যে পূৰ্বতকৈ অধিকসংখ্যক দেশত বৰ্তমানে গণতন্ত্ৰ বিলুপ্তিৰ পথত। গণতান্ত্ৰিক দেশ হিচাপে বিশ্বত শক্তিশালী অৱস্থিতি প্ৰকাশ কৰা ভাৰতৰ সন্দৰ্ভত আইডিয়াই কয় যে ভাৰতত চৰকাৰ আৰু ন্যায়পালিকাই স্বাধীনতাৰ লগতে মানৱাধিকাৰ আৰু সংবাদ মাধ্যমৰ স্বাধীনতাৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আহিছে। কিন্তু পৰিতাপৰ বিষয়টো হল ভাৰতত চৰকাৰৰ কাৰ্য বা নীতিক সমালোচনা কৰা লোকক নানা ধৰণে হাৰাশাস্তি কৰা হয়। বাকশক্তি ৰোধ কৰিবলৈ চেষ্টা কৰা হয়। চৰকাৰৰ দোষবোৰৰ কথা ক'লে তেনে লোকক কাৰাগাৰ পৰ্যন্ত নিক্ষেপ কৰা হয়।ধৰ্মীয় বিভাজন কৰা হয়। গণতন্ত্ৰত 'ৰাইজেই ৰজা' বুলি গণ্য কৰা হয়। কিন্তু প্ৰকৃতাৰ্থত তেনে হোৱা দেখা নাযায়।

আৰু পঢ়কঃ মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুঁটি প্ৰকল্পৰ বাবে কাইলৈ অসম পাবহি ১০৮জনী গীৰ গাই

প্ৰকৃত সত্যটো হৈছে এই গণতান্ত্ৰিক দেশসমূহত গণতন্ত্ৰ নাই অথবা গণতন্ত্ৰৰ স্খলন ঘটিবলৈ আৰম্ভ কৰিছে। বিশ্বৰ সৰ্ববৃহৎ ভাৰতীয় গণতন্ত্ৰও আইডিয়াৰ এই তালিকাত অন্তৰ্ভুক্ত হোৱা কথাটো প্ৰতিজন সচেতন লোকৰ মন-মগজুত চিন্তাৰ বিষয় হিচাপে চিহ্নিত হৈছে। উল্লেখ্য যে গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দেশত ৰাইজ বা জনসাধাৰণক যথেষ্ট সন্মান আৰু গুৰুত্ব প্ৰদান কৰা হয়। গণতন্ত্ৰৰ বাহিৰে আন শাসন ব্যৱস্থাত জনসাধাৰণক এনে সন্মান বা গুৰুত্ব দিয়া নহয়। তেনেস্থলত আইডিয়াৰ এই প্ৰতিবেদনে নিশ্চয়কৈ ভাৰতীয় বা অন্য গণতান্ত্ৰিক দেশসমূহৰ প্ৰতি অশনি সংকেত প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক