--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : ছলমান খানক বাধা দিব পাৰে কোনে? চলচ্চিত্ৰতেই হওক বাব ৰিয়েল লাইফতেই হওক একপ্ৰকাৰ অপ্ৰতিৰোধ্য ভাইজান। তেওঁক স্বচক্ষে এবাৰ দেখাৰ বাবে অসংখ্য অনুৰাগীয়ে কামনা কৰি থাকে। তেওঁক কোনোবাই কিবা কামৰ পৰা বাৰণ কৰাটো সেইবাবে স্বপ্নৰো অগোচৰ এক কথা। কিন্তু সেইগৰাকী ছলমান খানকে বাধা দিলে। ছলমানৰ অপ্ৰতিৰোধ্য গতিত গতিৰোধক হৈ থিয় দিয়া লোকজন এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

ঘটনাটো সংঘটিত হৈছিল মুম্বাই বিমানবন্দৰত। ছলমানৰ নতুন ছবি ‘টাইগাৰ-৩’ শ্বুটিঙস্থলীলৈ উৰা মৰাৰ বাবে বিমানবন্দৰত উপস্থিত হৈছিল তাৰকাগৰাকীয়ে যাৱতীয় নিৰাপত্তজনিত পৰীক্ষা সম্পূৰ্ণ নকৰাকৈ টাৰ্মিনেলত প্ৰৱেশৰ বাবে অগ্ৰসৰ হৈছিল। সেই সময়তে তেওঁক বাধা দিয়ে চিআইএছএফৰ এগৰাকী কৰ্তব্যৰত জোৱানে। এই ভিডিঅ’ ব্যাপকভাৱে চৰ্চিত হৈ পৰে আৰু বিভিন্ন মাধ্যমত জোৱানজনৰ কৰ্তব্যনিষ্ঠাক লৈ বহুতেই প্ৰশংসা কৰাও দেখা যায়।

কিন্তু ছলমানক বাধা দিয়া জোৱানজনক চিআইএছএফ-এ শাস্তি বিহা বুলি বাতৰি প্ৰচাৰ হৈছিল। এই বাতৰি আজি নস্যাৎ কৰিছে চিআইএছএফ কৰ্তৃপক্ষই। বৰং কৰ্তব্যৰত অৱস্থাত দেখুওৱা অসাধাৰণ নিষ্ঠা আৰু আপোচহীনতাৰ বাবে তেওঁক পুৰস্কৃতহে কৰা হৈছে বুলি প্ৰকাশ কৰে চিআইএছএফ-এ। এটা টুইটযোগে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য যে, টাইগাৰ-৩ৰ শ্বুটিঙৰ বাবে বৃহস্পতিবাৰে ৰাছিয়ালৈ উৰা মাৰিছিল ছলমান আৰু কেটৰিনা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ