--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ স্বৰা ভাস্কৰৰ বিয়াকলৈ তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিনেত্ৰী স্বৰা ভাস্কৰক ফাহাদ আহমেদে বিয়া কৰোৱাৰ পিছতে ইছলামিক সংগঠনেও বিয়া খনৰ বিৰোধিতা কৰিছে।  ইয়াৰ মাজতে বিশ্ব হিন্দু পৰিষদৰ (ভিএইচপি) নেত্ৰী  সাধ্বী প্ৰাচীয়ে মুছলমান সম্প্ৰদায়ৰ এজন যুৱকক তেওঁৰ জীৱন সংগী হিচাপে বাছনি কৰাৰ বাবে স্বৰাক সমালোচনা কৰিছে। 

শেহতীয়াকৈ শ্ৰদ্ধা ৱাকাৰৰ নিৰ্মম হত্যাকাণ্ডই  দেশক  হতবাক কৰি তুলিছে।  শ্ৰদ্ধাক হত্যা কৰাৰ পিছত লিভ-ইন সঙ্গী আফতাবে শ্ৰদ্ধাৰ  শৰীৰ ৩৫  টুকুৰা  কৰি ফ্ৰিজত ভৰাই থৈছিল। তাৰ পিছত তেওঁ শৰীৰটো বিভিন্ন অঞ্চলত পেলাই দিয়া হৈছিল।  স্বৰা ভাস্কৰৰ বিবাহৰ বিষয়ে ক’বলৈ গৈ  প্ৰাচীয়ে একেটা বিষয় উত্থাপন কৰিছে। তেওঁ কৈছে  যে অভিনেত্ৰীগৰাকীৰ শ্ৰদ্ধাৰ  দৰেই একে পৰিণাম হ'ব পাৰে। তেওঁৰ মন্তব্যক লৈ ইতিমধ্যে বিতৰ্ক হৈছে।বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে কাকো নজনোৱাকৈ বিবাহ পাশত আৱদ্ধ হৈছিল।

 জানুৱাৰী মাহৰ ৬ তাৰিখে তেওঁ বিশেষ আইনৰ অধীনত আদালতত বিবাহ পঞ্জীয়ন কৰিছিল আৰু ১৬ ফেব্ৰুৱাৰীত তেওঁ আইনীভাৱে বিবাহ পাশত আৱদ্ধ হৈছিল।  সমাজবাদী পাৰ্টিৰ এজন যুৱ নেতা ফাহাদ আহমেদৰ সৈতে স্বৰাই বিবাহপাশত আবদ্ধ হৈছিল। ছ'চিয়েল মিডিয়াত বিবাহৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগে হুলস্থূল আৰম্ভ হয়। ঠিক যেনেদৰে নেটিজেনসকলৰ এটা অংশই স্বৰাক সম্ভাষণ জনোৱাৰ বিপৰীতে কিছুমানে তেওঁক  উপহাস কৰাও দেখা যায়।এইবাৰ সাধ্বী প্ৰাচীয়ে স্বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে।   তেওঁ দাবী কৰিছে  যে ফাহাদৰ সৈতে  বিয়া হোৱাৰ আগতে  স্বৰাই ফ্ৰিজটো ভালদৰে চাই ল’ব লাগিছিল। 

সাধ্বী প্ৰাচীয়ে কৈছিল, "স্বৰাই হয়তো নাজানে কেনেকৈ শ্ৰদ্ধাক তেওঁৰ লিভ-ইন সঙ্গীয়ে ৩৫ টুকুৰা কৰি কাটিছিল। স্বৰাই ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ফ্ৰিজটো ভালদৰে চাব লাগিছিল। অৱশ্যে এইটো তেওঁৰ ব্যক্তিগত পছন্দ। কিন্তু শ্ৰদ্ধাৰ  দৰেই স্বৰাৰো অৱস্থা একে হ’ব পাৰে।   স্বৰা সদায় হিন্দু ধৰ্মৰ বিৰোধী আছিল। মই জানিছিলো যে তেওঁ এজন হিন্দুক বিয়া নকৰে। সেয়াই ঘটিল। এজন মুছলমানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে । ভয় হয় যে ইয়াৰ পৰিমাণ হয়তো সুখকৰ নহ'ব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু