--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ স্বৰা ভাস্কৰৰ বিয়াকলৈ তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিনেত্ৰী স্বৰা ভাস্কৰক ফাহাদ আহমেদে বিয়া কৰোৱাৰ পিছতে ইছলামিক সংগঠনেও বিয়া খনৰ বিৰোধিতা কৰিছে।  ইয়াৰ মাজতে বিশ্ব হিন্দু পৰিষদৰ (ভিএইচপি) নেত্ৰী  সাধ্বী প্ৰাচীয়ে মুছলমান সম্প্ৰদায়ৰ এজন যুৱকক তেওঁৰ জীৱন সংগী হিচাপে বাছনি কৰাৰ বাবে স্বৰাক সমালোচনা কৰিছে। 

শেহতীয়াকৈ শ্ৰদ্ধা ৱাকাৰৰ নিৰ্মম হত্যাকাণ্ডই  দেশক  হতবাক কৰি তুলিছে।  শ্ৰদ্ধাক হত্যা কৰাৰ পিছত লিভ-ইন সঙ্গী আফতাবে শ্ৰদ্ধাৰ  শৰীৰ ৩৫  টুকুৰা  কৰি ফ্ৰিজত ভৰাই থৈছিল। তাৰ পিছত তেওঁ শৰীৰটো বিভিন্ন অঞ্চলত পেলাই দিয়া হৈছিল।  স্বৰা ভাস্কৰৰ বিবাহৰ বিষয়ে ক’বলৈ গৈ  প্ৰাচীয়ে একেটা বিষয় উত্থাপন কৰিছে। তেওঁ কৈছে  যে অভিনেত্ৰীগৰাকীৰ শ্ৰদ্ধাৰ  দৰেই একে পৰিণাম হ'ব পাৰে। তেওঁৰ মন্তব্যক লৈ ইতিমধ্যে বিতৰ্ক হৈছে।বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে কাকো নজনোৱাকৈ বিবাহ পাশত আৱদ্ধ হৈছিল।

 জানুৱাৰী মাহৰ ৬ তাৰিখে তেওঁ বিশেষ আইনৰ অধীনত আদালতত বিবাহ পঞ্জীয়ন কৰিছিল আৰু ১৬ ফেব্ৰুৱাৰীত তেওঁ আইনীভাৱে বিবাহ পাশত আৱদ্ধ হৈছিল।  সমাজবাদী পাৰ্টিৰ এজন যুৱ নেতা ফাহাদ আহমেদৰ সৈতে স্বৰাই বিবাহপাশত আবদ্ধ হৈছিল। ছ'চিয়েল মিডিয়াত বিবাহৰ বাতৰি প্ৰকাশ হোৱাৰ লগে লগে হুলস্থূল আৰম্ভ হয়। ঠিক যেনেদৰে নেটিজেনসকলৰ এটা অংশই স্বৰাক সম্ভাষণ জনোৱাৰ বিপৰীতে কিছুমানে তেওঁক  উপহাস কৰাও দেখা যায়।এইবাৰ সাধ্বী প্ৰাচীয়ে স্বৰাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে।   তেওঁ দাবী কৰিছে  যে ফাহাদৰ সৈতে  বিয়া হোৱাৰ আগতে  স্বৰাই ফ্ৰিজটো ভালদৰে চাই ল’ব লাগিছিল। 

সাধ্বী প্ৰাচীয়ে কৈছিল, "স্বৰাই হয়তো নাজানে কেনেকৈ শ্ৰদ্ধাক তেওঁৰ লিভ-ইন সঙ্গীয়ে ৩৫ টুকুৰা কৰি কাটিছিল। স্বৰাই ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ফ্ৰিজটো ভালদৰে চাব লাগিছিল। অৱশ্যে এইটো তেওঁৰ ব্যক্তিগত পছন্দ। কিন্তু শ্ৰদ্ধাৰ  দৰেই স্বৰাৰো অৱস্থা একে হ’ব পাৰে।   স্বৰা সদায় হিন্দু ধৰ্মৰ বিৰোধী আছিল। মই জানিছিলো যে তেওঁ এজন হিন্দুক বিয়া নকৰে। সেয়াই ঘটিল। এজন মুছলমানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে । ভয় হয় যে ইয়াৰ পৰিমাণ হয়তো সুখকৰ নহ'ব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক