--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব লালুপুত্ৰ তেজস্বী যাদৱ। হোলীৰ পাছতেই আৰজেডিৰ প্ৰধান তথা বিহাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ মুখ্যমন্ত্ৰীৰ আসনত উপৱিষ্ট হ’ব। এই দাবী কৰিছে ৰাষ্ট্ৰীয় জনতা দল তথা আৰজেডিৰ এগৰাকী বিধায়কে। তাৰপাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ।

নিৰ্বাচনলৈ প্ৰায় দুটা বছৰৰ থকাৰ সময়ত তেজস্বী যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব বুলি আৰজেডিৰ বিধায়কে কৰা দাবীয়ে সেয়ে বিহাৰৰ ৰাজনীতি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে এয়া ২০২৪ৰ লোকসভা নিৰ্বাচনৰ কৌশলো হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে।

উল্লেখ্য যে, বিজেপিৰে মিত্ৰতা ভংগ কৰি নীতিশ কুমাৰৰ জনতা দলে তেজস্বী যাদৱৰ আৰজেডিৰ সৈতে মিত্ৰজোঁট গঠন কৰি বিহাৰত চৰকাৰ চলাই আছে। কিছুদিন পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰত বিজেপি বিৰোধী সকলো শিবিৰকে লগত লৈ বিহাৰৰ পৰাই বিজেপিৰ বিৰুদ্ধে ৰণহুংকাৰ বজাইছিল।

ইয়াৰ মাত্ৰ কেইটামান দিনৰ পাছতে মিত্ৰ দল আৰজেডিৰ বিধায়ক বিজয় মণ্ডলে দাবী কৰিছে যে অহা হোলীৰ পিছতে আৰজেডিৰ নেতা তথা বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজেই তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদটো অৰ্পণ কৰিব।

বিধায়ক বিজয় মণ্ডলৰ এই দাবীৰ পাছতে বিহাৰৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জেডিইউ আৰু আৰজেডিৰ মাজত ৰাজনৈতিক সংঘাতৰ সূত্ৰপাত হৈছে নেকি সেই প্ৰশ্নৰো উদ্ৰেক হৈছে। বিহাৰৰ ৰাজনীতিত বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰা থকাৰ সময়তে জেডিইউৰ বিহাৰৰ ৰাজ্যিক সভাপতি লালন সিঙে বিধায়ক বিজয় মণ্ডলৰ দাবীক মিছা বুলি অভিহিত কৰি কয় যে এতিয়ালৈকে এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা–বতৰাত লালন সিঙে কয় যে ৰাষ্ট্ৰীয় জনতা দল ৰাজ্যৰ এটা বৃহত্তম দল আৰু তেওঁলোকৰ ৮০ জন বিধায়ক আছে। জনতা দল (ইউ)ৰ মাত্ৰ ৪৩ জন বিধায়ক। এনে পৰিস্থিতিত আৰজেডিৰ নেতাসকলে দাবী উত্থাপন কৰিছে যে এটা বৃহত্তম দল হোৱাৰ বাবে তেওঁলোকৰ নেতা মুখ্যমন্ত্ৰী হ’ব লাগে। এনে দাবী বহুবাৰ উত্থাপন হৈছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু