--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব লালুপুত্ৰ তেজস্বী যাদৱ। হোলীৰ পাছতেই আৰজেডিৰ প্ৰধান তথা বিহাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ মুখ্যমন্ত্ৰীৰ আসনত উপৱিষ্ট হ’ব। এই দাবী কৰিছে ৰাষ্ট্ৰীয় জনতা দল তথা আৰজেডিৰ এগৰাকী বিধায়কে। তাৰপাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ।

নিৰ্বাচনলৈ প্ৰায় দুটা বছৰৰ থকাৰ সময়ত তেজস্বী যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব বুলি আৰজেডিৰ বিধায়কে কৰা দাবীয়ে সেয়ে বিহাৰৰ ৰাজনীতি তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে এয়া ২০২৪ৰ লোকসভা নিৰ্বাচনৰ কৌশলো হ’ব পাৰে বুলিও ধাৰণা কৰা হৈছে।

উল্লেখ্য যে, বিজেপিৰে মিত্ৰতা ভংগ কৰি নীতিশ কুমাৰৰ জনতা দলে তেজস্বী যাদৱৰ আৰজেডিৰ সৈতে মিত্ৰজোঁট গঠন কৰি বিহাৰত চৰকাৰ চলাই আছে। কিছুদিন পূৰ্বে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰত বিজেপি বিৰোধী সকলো শিবিৰকে লগত লৈ বিহাৰৰ পৰাই বিজেপিৰ বিৰুদ্ধে ৰণহুংকাৰ বজাইছিল।

ইয়াৰ মাত্ৰ কেইটামান দিনৰ পাছতে মিত্ৰ দল আৰজেডিৰ বিধায়ক বিজয় মণ্ডলে দাবী কৰিছে যে অহা হোলীৰ পিছতে আৰজেডিৰ নেতা তথা বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজেই তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদটো অৰ্পণ কৰিব।

বিধায়ক বিজয় মণ্ডলৰ এই দাবীৰ পাছতে বিহাৰৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জেডিইউ আৰু আৰজেডিৰ মাজত ৰাজনৈতিক সংঘাতৰ সূত্ৰপাত হৈছে নেকি সেই প্ৰশ্নৰো উদ্ৰেক হৈছে। বিহাৰৰ ৰাজনীতিত বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰা থকাৰ সময়তে জেডিইউৰ বিহাৰৰ ৰাজ্যিক সভাপতি লালন সিঙে বিধায়ক বিজয় মণ্ডলৰ দাবীক মিছা বুলি অভিহিত কৰি কয় যে এতিয়ালৈকে এনে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।

মঙলবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা–বতৰাত লালন সিঙে কয় যে ৰাষ্ট্ৰীয় জনতা দল ৰাজ্যৰ এটা বৃহত্তম দল আৰু তেওঁলোকৰ ৮০ জন বিধায়ক আছে। জনতা দল (ইউ)ৰ মাত্ৰ ৪৩ জন বিধায়ক। এনে পৰিস্থিতিত আৰজেডিৰ নেতাসকলে দাবী উত্থাপন কৰিছে যে এটা বৃহত্তম দল হোৱাৰ বাবে তেওঁলোকৰ নেতা মুখ্যমন্ত্ৰী হ’ব লাগে। এনে দাবী বহুবাৰ উত্থাপন হৈছে যদিও এই সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক