--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান আৰু ছলমান খানৰ বন্ধুত্ব বহু বছৰ পুৰণি। যদিও এটা সময় আছিল যেতিয়া দুয়োৰে মাজত বিচ্ছেদ হৈছিল, কিন্তু তাৰ পিছত কেইবছৰমানৰ আগতে দুয়োৰে মাজৰ দূৰত্ব নোহোৱা হৈছিল আৰু অনুৰাগীসকলে পুনৰ তেওঁলোকৰ ঘনিষ্ঠ বন্ধুত্ব দেখিবলৈ পাইছিল।

শ্বাহৰুখ আৰু ছলমানে ইজনে সিজনক ভাল বন্ধু বুলি গণ্য কৰে, সেইবাবেই দুয়োজনে ইজনে সিজনৰ কামৰ তীব্ৰ প্ৰচাৰ আৰু প্ৰশংসা কৰে। এতিয়া শেহতীয়াকৈ ছলমানে কিং খানৰ আগন্তুক ছবি ‘জৱান’ৰ ট্ৰেইলাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। আনকি ভাইজানে প্ৰথম দিনাই ছবিখন চাবলৈ যাব বুলি প্ৰকাশ কৰিছে।

ছলমানে নিজৰ ইনষ্টাগ্ৰামত ‘জৱান’ৰ প্ৰিভিউ শ্বেয়াৰ কৰিছে, যাৰ সহায়ত অভিনেতাগৰাকীয়ে লিখিছে এক অতি ৰোমাঞ্চকৰ কেপচন। ছলমানৰ কেপচনৰ পৰা বুজা যায় যে বন্ধুৰ ছবিখনক লৈ তেওঁ কিমান উৎসাহিত। অভিনেতাজনে কেপচনত লিখিছে, ‘পাথান’ ‘জৱান’ হৈ পৰিল, উৎকৃষ্ট ট্ৰেইলাৰ, বহুত ভাল লাগিল। এইখন ছবি আমি কেৱল চিনেমাগৃহত চোৱা উচিত। প্ৰথম দিনাই নিশ্চয় চাবলৈ যাম। 

শ্বাহৰুখৰ এই ছবিখন অহা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব। দীপিকা পাডুকন, নয়নতৰা, বিজয় শেঠুপাঠীকো দেখা যাব ছবিখনত। অৱশ্যে ছবিখনত দীপিকা অতিথি হিচাপে উপস্থিত থাকিব। ইয়াৰ পূৰ্বে অভিনেতাগৰাকীক ব্লকবাষ্টাৰ হিট ছবি ‘পাথান’ ছবিত দেখা গৈছিল। পাঠান ছবিখনত শ্বাহৰুখৰ সৈতে দীপিকাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু ছলমান খানে অতিথি হিচাপে অভিনয় কৰিছিল। পাঠানৰ সফলতাৰ পিছত এতিয়া কিং খানৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে জৱানৰ বাবে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক