--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান আৰু ছলমান খানৰ বন্ধুত্ব বহু বছৰ পুৰণি। যদিও এটা সময় আছিল যেতিয়া দুয়োৰে মাজত বিচ্ছেদ হৈছিল, কিন্তু তাৰ পিছত কেইবছৰমানৰ আগতে দুয়োৰে মাজৰ দূৰত্ব নোহোৱা হৈছিল আৰু অনুৰাগীসকলে পুনৰ তেওঁলোকৰ ঘনিষ্ঠ বন্ধুত্ব দেখিবলৈ পাইছিল।

শ্বাহৰুখ আৰু ছলমানে ইজনে সিজনক ভাল বন্ধু বুলি গণ্য কৰে, সেইবাবেই দুয়োজনে ইজনে সিজনৰ কামৰ তীব্ৰ প্ৰচাৰ আৰু প্ৰশংসা কৰে। এতিয়া শেহতীয়াকৈ ছলমানে কিং খানৰ আগন্তুক ছবি ‘জৱান’ৰ ট্ৰেইলাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। আনকি ভাইজানে প্ৰথম দিনাই ছবিখন চাবলৈ যাব বুলি প্ৰকাশ কৰিছে।

ছলমানে নিজৰ ইনষ্টাগ্ৰামত ‘জৱান’ৰ প্ৰিভিউ শ্বেয়াৰ কৰিছে, যাৰ সহায়ত অভিনেতাগৰাকীয়ে লিখিছে এক অতি ৰোমাঞ্চকৰ কেপচন। ছলমানৰ কেপচনৰ পৰা বুজা যায় যে বন্ধুৰ ছবিখনক লৈ তেওঁ কিমান উৎসাহিত। অভিনেতাজনে কেপচনত লিখিছে, ‘পাথান’ ‘জৱান’ হৈ পৰিল, উৎকৃষ্ট ট্ৰেইলাৰ, বহুত ভাল লাগিল। এইখন ছবি আমি কেৱল চিনেমাগৃহত চোৱা উচিত। প্ৰথম দিনাই নিশ্চয় চাবলৈ যাম। 

শ্বাহৰুখৰ এই ছবিখন অহা ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব। দীপিকা পাডুকন, নয়নতৰা, বিজয় শেঠুপাঠীকো দেখা যাব ছবিখনত। অৱশ্যে ছবিখনত দীপিকা অতিথি হিচাপে উপস্থিত থাকিব। ইয়াৰ পূৰ্বে অভিনেতাগৰাকীক ব্লকবাষ্টাৰ হিট ছবি ‘পাথান’ ছবিত দেখা গৈছিল। পাঠান ছবিখনত শ্বাহৰুখৰ সৈতে দীপিকাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল আৰু ছলমান খানে অতিথি হিচাপে অভিনয় কৰিছিল। পাঠানৰ সফলতাৰ পিছত এতিয়া কিং খানৰ অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে জৱানৰ বাবে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু