--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱটে বলীউডত সাধাৰণতে কাৰো সৈতে বিশেষ কথা নকয়। কংগনাই   টুইটাৰ, ইনষ্টাগ্ৰামতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি আহিছে। বহু সময়ত কংগনাৰ কথাই বিতৰ্কৰো সূচনা নকৰাকৈ থকা নাই। 

শেহতীয়াকৈ  কংগনা ৰাণাৱট আৰু  সোনম কাপুৰৰ মাজৰ যুঁজ খন লক্ষ্যণীয় হৈ পৰিছে।  'বিতৰ্কৰ ৰাণী' কংগনাই অলপতে সোনম কাপুৰক বিদ্ৰূপ কৰিছিল আৰু তেওঁক 'গচিপ আণ্টি' বুলি অভিহিত কৰিছিল। এয়া যেন বিতৰ্কৰ শীৰ্ষত থাকিবলৈ কংগনাৰ ৰণনীতিহে আছিল ! অভিনেত্ৰীগৰাকীয়ে ৰণবীৰ কাপুৰ, আলিয়া ভাট ,কৰণ জোহৰ কাকো  সমালোচনা কৰিবলৈ এৰা নাই। 

এইবাৰ যেন সোনম কাপুৰৰ পাল পৰিছে।   সোনম কাপুৰ শেহতীয়াকৈ কংগনাৰ  শ্লেষৰ ভুক্তভোগী হৈছে। সোনম অভিনীত 'ব্লাইণ্ড' ছবি খনে শেহতীয়াকৈ মুক্তি পাইছে। ছবিখনত অনিল কাপুৰৰ কন্যা সোনমৰ  অভিনয়ে  মিশ্ৰিত প্ৰতিক্ৰিয়া  লাভ কৰাৰ সময়তে সমালোচকসকলেও ছবি খনক ভালদৰে গ্ৰহণ কৰা নাই। কংগনা ৰাণাৱটেও এনে সময়তে  সোনম কাপুৰৰ প্ৰত্যাৱৰ্তনক উপহাস কৰিছে।

আৰু পঢ়ক : 


কফি উইথ কৰণৰ এটা খণ্ডত সোনমে কংগনাৰ ইংৰাজী ভাষা শৈলীক লৈ সমালোচনা কৰিছিল। কংগনাই  অতীতৰ কথা উল্লেখ কৰি এইবাৰ বিতৰ্কৰ সৃষ্টি কৰিছে। অনুষ্ঠানটোত, সোনমে  কৈছিল, "কংগনাৰ ফেশ্বন চেঞ্চ বহুত ভাল। অৱশ্যে, তেওঁৰ ইংৰাজী কোৱাৰ ধৰণটো ভাল নহয়। ..." 

সোনমৰ মন্তব্যৰ কথা মনত পেলাই   কংগনাই কয়, "২৪ বছৰ বয়সত ইমান অপমান, উপহাস, সমালোচনা শুনিও, মই নম্ৰতাৰে ইয়াৰ প্ৰতি যিদৰে সঁহাৰি দিছিলো, সেয়া  তথাকথিত গচিপ আণ্টিসকলে কেতিয়াও কৰিব নোৱাৰিব।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক