--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগনা ৰাণাৱটে বলীউডত সাধাৰণতে কাৰো সৈতে বিশেষ কথা নকয়। কংগনাই   টুইটাৰ, ইনষ্টাগ্ৰামতে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি আহিছে। বহু সময়ত কংগনাৰ কথাই বিতৰ্কৰো সূচনা নকৰাকৈ থকা নাই। 

শেহতীয়াকৈ  কংগনা ৰাণাৱট আৰু  সোনম কাপুৰৰ মাজৰ যুঁজ খন লক্ষ্যণীয় হৈ পৰিছে।  'বিতৰ্কৰ ৰাণী' কংগনাই অলপতে সোনম কাপুৰক বিদ্ৰূপ কৰিছিল আৰু তেওঁক 'গচিপ আণ্টি' বুলি অভিহিত কৰিছিল। এয়া যেন বিতৰ্কৰ শীৰ্ষত থাকিবলৈ কংগনাৰ ৰণনীতিহে আছিল ! অভিনেত্ৰীগৰাকীয়ে ৰণবীৰ কাপুৰ, আলিয়া ভাট ,কৰণ জোহৰ কাকো  সমালোচনা কৰিবলৈ এৰা নাই। 

এইবাৰ যেন সোনম কাপুৰৰ পাল পৰিছে।   সোনম কাপুৰ শেহতীয়াকৈ কংগনাৰ  শ্লেষৰ ভুক্তভোগী হৈছে। সোনম অভিনীত 'ব্লাইণ্ড' ছবি খনে শেহতীয়াকৈ মুক্তি পাইছে। ছবিখনত অনিল কাপুৰৰ কন্যা সোনমৰ  অভিনয়ে  মিশ্ৰিত প্ৰতিক্ৰিয়া  লাভ কৰাৰ সময়তে সমালোচকসকলেও ছবি খনক ভালদৰে গ্ৰহণ কৰা নাই। কংগনা ৰাণাৱটেও এনে সময়তে  সোনম কাপুৰৰ প্ৰত্যাৱৰ্তনক উপহাস কৰিছে।

আৰু পঢ়ক : 


কফি উইথ কৰণৰ এটা খণ্ডত সোনমে কংগনাৰ ইংৰাজী ভাষা শৈলীক লৈ সমালোচনা কৰিছিল। কংগনাই  অতীতৰ কথা উল্লেখ কৰি এইবাৰ বিতৰ্কৰ সৃষ্টি কৰিছে। অনুষ্ঠানটোত, সোনমে  কৈছিল, "কংগনাৰ ফেশ্বন চেঞ্চ বহুত ভাল। অৱশ্যে, তেওঁৰ ইংৰাজী কোৱাৰ ধৰণটো ভাল নহয়। ..." 

সোনমৰ মন্তব্যৰ কথা মনত পেলাই   কংগনাই কয়, "২৪ বছৰ বয়সত ইমান অপমান, উপহাস, সমালোচনা শুনিও, মই নম্ৰতাৰে ইয়াৰ প্ৰতি যিদৰে সঁহাৰি দিছিলো, সেয়া  তথাকথিত গচিপ আণ্টিসকলে কেতিয়াও কৰিব নোৱাৰিব।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?