--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সমগ্ৰ দেশবাসীয়ে আজি পালন কৰিছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা। বাক্সাৰ মুছলপুৰৰতো উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। কিন্তু বাক্সাৰ মুছলপুৰৰ পেৰেড স্থলীত ঘটিল অঘটন।

ডিজিটেল ডেস্কঃ আজি স্বাধীনতা দিৱস।  আজি সমগ্ৰ দেশে উলহ-মালহেৰে পালন কৰিছে স্বাধীনতা দিৱস। দেশভক্তিৰ ঢৌত উথলি উঠিছে আজি আমাৰ ভাৰতভূমি। আজিৰ দিনটোতেই ১৯৪৭ চনত ভাৰতে ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল।

 

যাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই মনৰ আনন্দত  স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে যিকল স্বাধীনতা সংগ্ৰামী আৰু বীৰ-বীৰাংগনাৰ বাবে আমাৰ দেশখন স্বাধীন হৈছিল তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে।


সমগ্ৰ দেশবাসীয়ে আজি পালন কৰিছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা। বাক্সাৰ মুছলপুৰৰতো উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। কিন্তু বাক্সাৰ মুছলপুৰৰ পেৰেড স্থলীত ঘটিল অঘটন।


পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। উৎকট গৰমৰ বাবে স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষী বেটেলিয়নৰ জোৱানৰ লগতে বিদ্যালয়সমূহৰ পৰা অংশগ্ৰহণ কৰা কেবাগৰাকী ছাত্ৰ-ছাত্ৰী পেৰেডস্থলীতে ঢলি পৰে।


পিছত ঢলি পৰা আৰক্ষী তথা ছাত্ৰ-ছাত্ৰীসকলক জৰুৰীকালীন সেৱাৰ জৰিয়তে চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি মুছলপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসুস্থসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু