--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সমগ্ৰ দেশবাসীয়ে আজি পালন কৰিছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা। বাক্সাৰ মুছলপুৰৰতো উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। কিন্তু বাক্সাৰ মুছলপুৰৰ পেৰেড স্থলীত ঘটিল অঘটন।

ডিজিটেল ডেস্কঃ আজি স্বাধীনতা দিৱস।  আজি সমগ্ৰ দেশে উলহ-মালহেৰে পালন কৰিছে স্বাধীনতা দিৱস। দেশভক্তিৰ ঢৌত উথলি উঠিছে আজি আমাৰ ভাৰতভূমি। আজিৰ দিনটোতেই ১৯৪৭ চনত ভাৰতে ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল।

 

যাৰ বাবে প্ৰতিগৰাকী ভাৰতীয়ই মনৰ আনন্দত  স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে যিকল স্বাধীনতা সংগ্ৰামী আৰু বীৰ-বীৰাংগনাৰ বাবে আমাৰ দেশখন স্বাধীন হৈছিল তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে।


সমগ্ৰ দেশবাসীয়ে আজি পালন কৰিছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা। বাক্সাৰ মুছলপুৰৰতো উদযাপন কৰা হৈছে স্বাধীনতা দিৱস। কিন্তু বাক্সাৰ মুছলপুৰৰ পেৰেড স্থলীত ঘটিল অঘটন।


পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। উৎকট গৰমৰ বাবে স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষী বেটেলিয়নৰ জোৱানৰ লগতে বিদ্যালয়সমূহৰ পৰা অংশগ্ৰহণ কৰা কেবাগৰাকী ছাত্ৰ-ছাত্ৰী পেৰেডস্থলীতে ঢলি পৰে।


পিছত ঢলি পৰা আৰক্ষী তথা ছাত্ৰ-ছাত্ৰীসকলক জৰুৰীকালীন সেৱাৰ জৰিয়তে চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি মুছলপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসুস্থসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ