--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবৰ্তন সঞ্চালকালয়ৰ ৰোষত পৰিছে বৰ্ষীয়ান ৰাজনীতিবিদ ফাৰুক আব্দুলা৷ জম্মু-কাশ্মীৰ নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাক মঙলবাৰে ক্ৰিকেট কেলেংকাৰীৰ অভিযোগত বলবৎকাৰী সঞ্চালকালয়ত হাজিৰ হ’বলৈ চমন জাৰি কৰা হৈছে৷

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সোধা-পোছাৰ বাবে শ্ৰীনগৰস্থিত ইডিৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে আব্দুল্লাই ১১ জানুৱাৰীত একেটা গোচৰতে তদন্ত সংস্থাটোৰ চমন আওকাণ কৰিছিল।জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাৰ ভিতৰত সংঘটিত হোৱা অনিয়মৰ অভিযোগ ফেডাৰেল এজেন্সীৰ তদন্তৰ সৈতে জড়িত ৮৬ বছৰীয়া ৰাজনীতিবিদগৰাকীক চমন কৰা হৈছে;শ্ৰীনগৰ লোকসভাৰ আসনখনক প্ৰতিনিধিত্ব কৰা সাংসদজনৰ বিৰুদ্ধে ২০২২ চনত এই গোচৰত ইডিয়ে আনুষ্ঠানিকভাৱে অভিযোগ উত্থাপন কৰিছিল।তদন্তকাৰী সংস্থাটোৰ মতে এই গোচৰটো জম্মু-কাশ্মীৰ ক্ৰিকেট সন্থাৰ ধন অপব্যৱহাৰৰ ওপৰত আধাৰিত।

অভিযোগ অনুসৰি জে কে চি এৰ বিষয়ববীয়াকে ধৰি বিভিন্ন ব্যক্তিগত বেংক একাউণ্টলৈ ধন লেনদেন কৰাৰ লগতে জে কে চি এৰ বেংক একাউণ্টৰ পৰা অস্পষ্টভাৱে নগদ ধন উলিওৱা হৈছিল।উল্লেখ্য যে, আব্দুল্লাৰ বিৰুদ্ধে ২০১৮ চনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই দাখিল কৰা অভিযোগনামা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক