--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী চৰকাৰৰ বাবে সকাহৰ খবৰ। দেশৰ নগৰ অঞ্চলত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ। ২০২২ চনৰ অক্টোবৰ-ডিচেম্বৰৰ পৰা ২০২৩ চনৰ অক্টোবৰ-ডিচেম্বৰৰ ভিতৰত ১৫ বছৰৰ ওপৰৰ লোকৰ নিবনুৱাৰ হাৰ ৭.২ শতাংশৰ পৰা ৬.৫ শতাংশলৈ হ্ৰাস পাইছে। 


এন এছ এছ অ’ (ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয়)-এ ২০২৩ চনৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে সময়ে সময়ে শ্ৰম শক্তি জৰীপ বুলেটিন প্ৰকাশ কৰিছে। এই তথ্য অনুসৰি ২০২২ চনৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকৰ তুলনাত ২০২৩ চনৰ অক্টোবৰ-ডিচেম্বৰ মাহত চহৰ অঞ্চলত ১৫ বছৰৰ ওপৰৰ লোকৰ নিবনুৱাৰ হাৰ ৭.২ শতাংশৰ পৰা ৬.৫ শতাংশলৈ হ্ৰাস পাইছে। পুৰুষৰ নিবনুৱাৰ হাৰ ৬.৫ শতাংশৰ পৰা ৫.৮ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে মহিলাৰ নিবনুৱাৰ হাৰ ৯.৬ শতাংশৰ পৰা ৮.৬ শতাংশলৈ হ্ৰাস পাইছে।


তথ্য অনুসৰি চহৰ অঞ্চলত বাস কৰা লোকসকলৰ মাজত লেবাৰ ফৰ্চৰ অংশগ্ৰহণৰ হাৰ (LFPR) বৃদ্ধি পাইছে আৰু ১৫ বছৰৰ ওপৰৰ লোকৰ ক্ষেত্ৰত ই ৪৮.২ শতাংশৰ পৰা ৪৯.৯ শতাংশলৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত মহিলা শ্ৰমিক শক্তিৰ অংশগ্ৰহণো বৃদ্ধি পাইছে। মহিলাসকলৰ মাজত ই ২২.৩ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি পাইছে।

এই সময়ছোৱাত ১৫ বছৰৰ ওপৰৰ লোকৰ মাজত শ্ৰমিক জনসংখ্যা অনুপাত (WPR) বৃদ্ধি হোৱা দেখা গৈছে। ২০২২ চনৰ অক্টোবৰ-ডিচেম্বৰত ৪৪.৭ শতাংশৰ পৰা ২০২৩ চনৰ অক্টোবৰ-ডিচেম্বৰত ৪৬.৬ শতাংশলৈ বৃদ্ধি পাইছে। পুৰুষৰ মাজত ৬৮.৬ শতাংশৰ পৰা ৬৯.৮ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মহিলাৰ মাজত ২০.২ শতাংশৰ পৰা ২২.৯ শতাংশলৈ বৃদ্ধি পাইছে।


এই সমীক্ষাত এন এছ অ’ই মূলতঃ- সেই চহৰ অঞ্চলসমূহক লক্ষ্য কৰি লৈছে য’ত শ্ৰমিক জনসংখ্যাৰ অনুপাত, শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ, নিবনুৱাৰ হাৰ দেখা যায়। ২০২৩ চনৰ অক্টোবৰ - ডিচেম্বৰৰ ভিতৰত ৫৬৯৭টা ইউএফএছ ব্লকৰ ৪৪৫৪৪টা ঘৰত ১৬৯২০৯জন লোকৰ মাজত এই সমীক্ষা চলোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু