--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদী চৰকাৰৰ বাবে সকাহৰ খবৰ। দেশৰ নগৰ অঞ্চলত হ্ৰাস পাইছে নিবনুৱাৰ হাৰ। ২০২২ চনৰ অক্টোবৰ-ডিচেম্বৰৰ পৰা ২০২৩ চনৰ অক্টোবৰ-ডিচেম্বৰৰ ভিতৰত ১৫ বছৰৰ ওপৰৰ লোকৰ নিবনুৱাৰ হাৰ ৭.২ শতাংশৰ পৰা ৬.৫ শতাংশলৈ হ্ৰাস পাইছে। 


এন এছ এছ অ’ (ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয়)-এ ২০২৩ চনৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে সময়ে সময়ে শ্ৰম শক্তি জৰীপ বুলেটিন প্ৰকাশ কৰিছে। এই তথ্য অনুসৰি ২০২২ চনৰ অক্টোবৰ-ডিচেম্বৰ ত্ৰৈমাসিকৰ তুলনাত ২০২৩ চনৰ অক্টোবৰ-ডিচেম্বৰ মাহত চহৰ অঞ্চলত ১৫ বছৰৰ ওপৰৰ লোকৰ নিবনুৱাৰ হাৰ ৭.২ শতাংশৰ পৰা ৬.৫ শতাংশলৈ হ্ৰাস পাইছে। পুৰুষৰ নিবনুৱাৰ হাৰ ৬.৫ শতাংশৰ পৰা ৫.৮ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে মহিলাৰ নিবনুৱাৰ হাৰ ৯.৬ শতাংশৰ পৰা ৮.৬ শতাংশলৈ হ্ৰাস পাইছে।


তথ্য অনুসৰি চহৰ অঞ্চলত বাস কৰা লোকসকলৰ মাজত লেবাৰ ফৰ্চৰ অংশগ্ৰহণৰ হাৰ (LFPR) বৃদ্ধি পাইছে আৰু ১৫ বছৰৰ ওপৰৰ লোকৰ ক্ষেত্ৰত ই ৪৮.২ শতাংশৰ পৰা ৪৯.৯ শতাংশলৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত মহিলা শ্ৰমিক শক্তিৰ অংশগ্ৰহণো বৃদ্ধি পাইছে। মহিলাসকলৰ মাজত ই ২২.৩ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি পাইছে।

এই সময়ছোৱাত ১৫ বছৰৰ ওপৰৰ লোকৰ মাজত শ্ৰমিক জনসংখ্যা অনুপাত (WPR) বৃদ্ধি হোৱা দেখা গৈছে। ২০২২ চনৰ অক্টোবৰ-ডিচেম্বৰত ৪৪.৭ শতাংশৰ পৰা ২০২৩ চনৰ অক্টোবৰ-ডিচেম্বৰত ৪৬.৬ শতাংশলৈ বৃদ্ধি পাইছে। পুৰুষৰ মাজত ৬৮.৬ শতাংশৰ পৰা ৬৯.৮ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মহিলাৰ মাজত ২০.২ শতাংশৰ পৰা ২২.৯ শতাংশলৈ বৃদ্ধি পাইছে।


এই সমীক্ষাত এন এছ অ’ই মূলতঃ- সেই চহৰ অঞ্চলসমূহক লক্ষ্য কৰি লৈছে য’ত শ্ৰমিক জনসংখ্যাৰ অনুপাত, শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ, নিবনুৱাৰ হাৰ দেখা যায়। ২০২৩ চনৰ অক্টোবৰ - ডিচেম্বৰৰ ভিতৰত ৫৬৯৭টা ইউএফএছ ব্লকৰ ৪৪৫৪৪টা ঘৰত ১৬৯২০৯জন লোকৰ মাজত এই সমীক্ষা চলোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান