--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰশ্মিকা মান্দান্না আৰু বিজয় দেৱেৰাকোণ্ডা সম্পৰ্কে খবৰ দ্ৰুত গতিত বিয়পি পৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অহা মাহত অৰ্থাৎ ফেব্ৰুৱাৰী মাহত এই দুয়োগৰাকী তাৰকাই এংগেজমেণ্ট কৰিব পাৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও দুয়োজনে আনুষ্ঠানিকভাৱে একো কোৱা নাই। কিন্তু এইটো নিশ্চিত যে দুয়োকে বহুবাৰ একেলগে দেখা গৈছে, তাৰ পিছত বহুদিনৰ পৰা তেওঁলোকৰ লিংকআপৰ খবৰ আহি আছিল। 

কিন্তু আপুনি জানেনে যে ৰশ্মিকা মান্দান্নাৰ আগতেও এবাৰ এংগেজমেণ্ট হৈছে। ৰশ্মিকাই যাৰ লগত বিয়াত বহিবলৈ ওলাইছিল সেইজন কোন জানি লওক।

দক্ষিণৰ পৰা বলীউড উদ্যোগলৈকে বহু নাম অৰ্জন কৰা এগৰাকী অভিনেত্ৰী ৰশ্মিকা মান্দান্না। দক্ষিণত অভিনয়ৰ দক্ষতা প্ৰমাণ কৰাৰ পিছত ৰশ্মিকাই হিন্দী চিনেমা জগতত প্ৰৱেশ কৰি এতিয়া সদ্য মুক্তি পোৱা ‘এনিমেল’ ছবিখনত সকলোকে আপ্লুত কৰিছে। 'পুষ্পা' ছবিখনৰ বিষয়ে আমি কি ক'ম। এই ছবিখনত ৰশ্মিকাই শ্ৰীবল্লীৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰি মানুহৰ হৃদয় জয় কৰিছিল।

ৰশ্মিকা মাণ্ডন্নাৰ প্ৰথম দক্ষিণ ছবি আছিল 'কিৰিক পাৰ্টি'। ৰশ্মিকাৰ সৈতে এই ছবিখনৰ মুখ্য অভিনেতা আছিল ৰক্ষিত শ্বেট্টী। ৰক্ষিত শ্বেট্টী দক্ষিণৰ জনপ্ৰিয় অভিনেতা। 777 Charlie চিনেমাত অভিনয় কৰি দেশজুৰি প্ৰশংসিত হৈছিল ৰক্ষিত।  'কিৰিক পাৰ্টি' ছবিখনৰ শ্বুটিঙৰ সময়ত ৰশ্মিকা আৰু ৰক্ষিতৰ গভীৰ বন্ধুত্ব গঢ় লৈ উঠিছিল। এই বন্ধুত্ব কেতিয়া প্ৰেমলৈ পৰিণত হ’ল দুয়োৰে কোনোৱেই গম পোৱাই নাছিল। ইয়াৰ পিছত ২০১৭ চনত ৰক্ষিত শ্বেট্টীৰ সৈতে এংগেজমেণ্ট সম্পন্ন হয় ৰশ্মিকাৰ। কিন্তু তেওঁলোকৰ সম্পৰ্ক মাত্ৰ ১৪ মাহহে চলিছিল আৰু তাৰপাছত তেওঁলোকে এংগেজমেণ্ট ভংগ কৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰশ্মিকা আৰু ৰক্ষিতৰ এংগেজমেণ্ট ভংগ কৰাৰ আঁৰৰ কাৰণ আছিল তেওঁলোকৰ সামঞ্জস্যৰ সমস্যা। লগতে এই ১৪ মাহৰ ভিতৰত দুয়োৰে মাজত বহু সমস্যাৰ সৃষ্টি হ’বলৈ ধৰিলে। ইয়াৰ পিছত দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত ল’লে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক