--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰশ্মিকা মান্দান্না আৰু বিজয় দেৱেৰাকোণ্ডা সম্পৰ্কে খবৰ দ্ৰুত গতিত বিয়পি পৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অহা মাহত অৰ্থাৎ ফেব্ৰুৱাৰী মাহত এই দুয়োগৰাকী তাৰকাই এংগেজমেণ্ট কৰিব পাৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও দুয়োজনে আনুষ্ঠানিকভাৱে একো কোৱা নাই। কিন্তু এইটো নিশ্চিত যে দুয়োকে বহুবাৰ একেলগে দেখা গৈছে, তাৰ পিছত বহুদিনৰ পৰা তেওঁলোকৰ লিংকআপৰ খবৰ আহি আছিল। 

কিন্তু আপুনি জানেনে যে ৰশ্মিকা মান্দান্নাৰ আগতেও এবাৰ এংগেজমেণ্ট হৈছে। ৰশ্মিকাই যাৰ লগত বিয়াত বহিবলৈ ওলাইছিল সেইজন কোন জানি লওক।

দক্ষিণৰ পৰা বলীউড উদ্যোগলৈকে বহু নাম অৰ্জন কৰা এগৰাকী অভিনেত্ৰী ৰশ্মিকা মান্দান্না। দক্ষিণত অভিনয়ৰ দক্ষতা প্ৰমাণ কৰাৰ পিছত ৰশ্মিকাই হিন্দী চিনেমা জগতত প্ৰৱেশ কৰি এতিয়া সদ্য মুক্তি পোৱা ‘এনিমেল’ ছবিখনত সকলোকে আপ্লুত কৰিছে। 'পুষ্পা' ছবিখনৰ বিষয়ে আমি কি ক'ম। এই ছবিখনত ৰশ্মিকাই শ্ৰীবল্লীৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰি মানুহৰ হৃদয় জয় কৰিছিল।

ৰশ্মিকা মাণ্ডন্নাৰ প্ৰথম দক্ষিণ ছবি আছিল 'কিৰিক পাৰ্টি'। ৰশ্মিকাৰ সৈতে এই ছবিখনৰ মুখ্য অভিনেতা আছিল ৰক্ষিত শ্বেট্টী। ৰক্ষিত শ্বেট্টী দক্ষিণৰ জনপ্ৰিয় অভিনেতা। 777 Charlie চিনেমাত অভিনয় কৰি দেশজুৰি প্ৰশংসিত হৈছিল ৰক্ষিত।  'কিৰিক পাৰ্টি' ছবিখনৰ শ্বুটিঙৰ সময়ত ৰশ্মিকা আৰু ৰক্ষিতৰ গভীৰ বন্ধুত্ব গঢ় লৈ উঠিছিল। এই বন্ধুত্ব কেতিয়া প্ৰেমলৈ পৰিণত হ’ল দুয়োৰে কোনোৱেই গম পোৱাই নাছিল। ইয়াৰ পিছত ২০১৭ চনত ৰক্ষিত শ্বেট্টীৰ সৈতে এংগেজমেণ্ট সম্পন্ন হয় ৰশ্মিকাৰ। কিন্তু তেওঁলোকৰ সম্পৰ্ক মাত্ৰ ১৪ মাহহে চলিছিল আৰু তাৰপাছত তেওঁলোকে এংগেজমেণ্ট ভংগ কৰিছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰশ্মিকা আৰু ৰক্ষিতৰ এংগেজমেণ্ট ভংগ কৰাৰ আঁৰৰ কাৰণ আছিল তেওঁলোকৰ সামঞ্জস্যৰ সমস্যা। লগতে এই ১৪ মাহৰ ভিতৰত দুয়োৰে মাজত বহু সমস্যাৰ সৃষ্টি হ’বলৈ ধৰিলে। ইয়াৰ পিছত দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত ল’লে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু