--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰা বা অসাধু যুৱকৰ ইচ্ছাক প্ৰত্যাখ্যান কৰাৰ বাবেই বহু সময়ত দেশত এচিড আক্ৰমণৰ বলি হৈ আহিছে বহু যুৱতী তথা মহিলা। বহু জীৱন বিপন্ন হৈ পৰিছে এনে নৃশংস লোকৰ আক্ৰমণত। পিছে এইবাৰ ওলোটা ঘটনা ঘটিছে। এইবাৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবেই এজন যুৱকৰ মুখত এচিড ঢালি দি মৃত্যুৰ মুখলৈ ঠেলি দিছে এগৰাকী মহিলাই। মহিলাগৰাকীৰ আক্ৰমণত গুৰুতভাৱে আহত যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোঁৱা হৈছে চিকিৎসালয়ত। কেৰালাত সংঘটিত এই শিহৰণকাৰী ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মহিলাগৰাকীৰ এই নিৰ্মম আক্ৰমণত যুৱকজনৰ দুয়ো চকু নষ্ট হৈ যোৱাৰ আশংকা কৰা হৈছে।


আৰক্ষী আৰু স্থানীয় লোকে প্ৰকাশ কৰা মতে যোৱা ১৬ নৱেম্বৰত ইদুক্কি জিলাৰ আদিমালি এলেকাৰ এটা গীৰ্জালৈ গৈছিল অৰুণ কুমাৰ নামৰ যুৱকজন। তেওঁৰ সৈতে আন এজন লোক আছিল। গীৰ্জাত লগাই থোৱা চিচিটিভি কেমেৰাত দেখা গৈছে যে, পিছফালৰ পৰা আহি মহিলাগৰাকীয়ে যুৱকজনৰ মুখত কোনো জুলীয়া পদাৰ্থ ঢালি দিছে। ঘটনাৰ বিষয়ে তৰ্কিবই নোৱাৰিলে যুৱকজনে। তেওঁ প্ৰথমে নিজেই গৈ হাস্পতালত ভৰ্তি হয় যদিও পাছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক তিৰুৱনন্তপুৰম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোঁৱা হয়। চিকিৎসকে আশংকা কৰিছে যে, দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলাব পাৰে ২৮ বছৰীয়া যুৱকজনে।
আৰক্ষীয়ে ঘটনাৰ পাছতে ইদুক্কিৰ শিৱা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, শিৱাৰ সৈতে তিৰুৱনন্তপুৰমৰ পুজাপ্পুৰা এলেকাৰ বাসিন্দা অৰুণৰ সম্পৰ্ক হৈছিল ছ’চিয়েল মিডিয়াত। দীৰ্ঘদিন সম্পৰ্কৰ পাছত তেওঁলোক মিলিত হয়। তাৰ পাছতে অৰুণে বুজিব পাৰে যে, শিৱা এগৰাকী বিবাহিতা মহিলা আৰু তেওঁৰ দুটি সন্তানো আছে। তাৰ পাছতে তেওঁ মহিলাগৰাকীৰ পৰা আঁতৰ হ’বলৈ চেষ্টা কৰে আৰু আন ঠাইত বিয়া ঠিক কৰে।

কিন্তু তাৰ পাছতে শিৱাই অৰুণক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। ব্লেকমেইলৰ চিকাৰ হৈ অৰুণে শিৱাক নিয়মীয়াকৈ টকা আদায় দিবলৈ বাধ্য হৈ পৰে। ১৬ নৱেম্বৰৰ দিনটোতো টকা দিবৰ বাবেই তেওঁ গৈছিল ইৰুমপুপালম এলেকাৰ ছেইণ্ট এণ্টনিজ গীৰ্জালৈ গৈছিল যুৱকজন। আৰক্ষীয়ে ধাৰণা কৰা মতে, যুৱকজনে টকা দিবলৈ অস্বীকাৰ কৰা বাবেই হয়তো এনেদৰে আক্ৰমণাত্মক হৈ উঠিছিল শিৱা। শনিবাৰে শিৱাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এগৰাকী মহিলাৰ এই নিষ্ঠুৰতাই এতিয়া সকলোৰে চকু কপালত তুলিছে। এই ঘটনাৰ চিচি টিভি ফুটেজো এতিয়া ভাইৰেল হৈ পৰিছে। অৰুণৰ মুখত এচিড ঢালিবলৈ যাওঁতে শিৱাও কিছু পৰিমাণে আহত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ