--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰা বা অসাধু যুৱকৰ ইচ্ছাক প্ৰত্যাখ্যান কৰাৰ বাবেই বহু সময়ত দেশত এচিড আক্ৰমণৰ বলি হৈ আহিছে বহু যুৱতী তথা মহিলা। বহু জীৱন বিপন্ন হৈ পৰিছে এনে নৃশংস লোকৰ আক্ৰমণত। পিছে এইবাৰ ওলোটা ঘটনা ঘটিছে। এইবাৰ প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবেই এজন যুৱকৰ মুখত এচিড ঢালি দি মৃত্যুৰ মুখলৈ ঠেলি দিছে এগৰাকী মহিলাই। মহিলাগৰাকীৰ আক্ৰমণত গুৰুতভাৱে আহত যুৱকজনক সংকটজনক অৱস্থাত ভৰ্তি কৰোঁৱা হৈছে চিকিৎসালয়ত। কেৰালাত সংঘটিত এই শিহৰণকাৰী ঘটনাৰ চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মহিলাগৰাকীৰ এই নিৰ্মম আক্ৰমণত যুৱকজনৰ দুয়ো চকু নষ্ট হৈ যোৱাৰ আশংকা কৰা হৈছে।


আৰক্ষী আৰু স্থানীয় লোকে প্ৰকাশ কৰা মতে যোৱা ১৬ নৱেম্বৰত ইদুক্কি জিলাৰ আদিমালি এলেকাৰ এটা গীৰ্জালৈ গৈছিল অৰুণ কুমাৰ নামৰ যুৱকজন। তেওঁৰ সৈতে আন এজন লোক আছিল। গীৰ্জাত লগাই থোৱা চিচিটিভি কেমেৰাত দেখা গৈছে যে, পিছফালৰ পৰা আহি মহিলাগৰাকীয়ে যুৱকজনৰ মুখত কোনো জুলীয়া পদাৰ্থ ঢালি দিছে। ঘটনাৰ বিষয়ে তৰ্কিবই নোৱাৰিলে যুৱকজনে। তেওঁ প্ৰথমে নিজেই গৈ হাস্পতালত ভৰ্তি হয় যদিও পাছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক তিৰুৱনন্তপুৰম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোঁৱা হয়। চিকিৎসকে আশংকা কৰিছে যে, দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাই পেলাব পাৰে ২৮ বছৰীয়া যুৱকজনে।
আৰক্ষীয়ে ঘটনাৰ পাছতে ইদুক্কিৰ শিৱা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, শিৱাৰ সৈতে তিৰুৱনন্তপুৰমৰ পুজাপ্পুৰা এলেকাৰ বাসিন্দা অৰুণৰ সম্পৰ্ক হৈছিল ছ’চিয়েল মিডিয়াত। দীৰ্ঘদিন সম্পৰ্কৰ পাছত তেওঁলোক মিলিত হয়। তাৰ পাছতে অৰুণে বুজিব পাৰে যে, শিৱা এগৰাকী বিবাহিতা মহিলা আৰু তেওঁৰ দুটি সন্তানো আছে। তাৰ পাছতে তেওঁ মহিলাগৰাকীৰ পৰা আঁতৰ হ’বলৈ চেষ্টা কৰে আৰু আন ঠাইত বিয়া ঠিক কৰে।

কিন্তু তাৰ পাছতে শিৱাই অৰুণক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে। ব্লেকমেইলৰ চিকাৰ হৈ অৰুণে শিৱাক নিয়মীয়াকৈ টকা আদায় দিবলৈ বাধ্য হৈ পৰে। ১৬ নৱেম্বৰৰ দিনটোতো টকা দিবৰ বাবেই তেওঁ গৈছিল ইৰুমপুপালম এলেকাৰ ছেইণ্ট এণ্টনিজ গীৰ্জালৈ গৈছিল যুৱকজন। আৰক্ষীয়ে ধাৰণা কৰা মতে, যুৱকজনে টকা দিবলৈ অস্বীকাৰ কৰা বাবেই হয়তো এনেদৰে আক্ৰমণাত্মক হৈ উঠিছিল শিৱা। শনিবাৰে শিৱাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এগৰাকী মহিলাৰ এই নিষ্ঠুৰতাই এতিয়া সকলোৰে চকু কপালত তুলিছে। এই ঘটনাৰ চিচি টিভি ফুটেজো এতিয়া ভাইৰেল হৈ পৰিছে। অৰুণৰ মুখত এচিড ঢালিবলৈ যাওঁতে শিৱাও কিছু পৰিমাণে আহত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?