--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আৰিয়ান খান গ্ৰেপ্তাৰ কাণ্ড সন্দৰ্ভত এতিয়াও ক্ষান্ত হোৱা নাই মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা এনচিপি নেতা নবাব মালিক। নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰোৰ বিষয়া সমীৰ ৱাংখেৰেৰ নেতৃত্বত আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা আৰু প্ৰায় এমাহে কাৰাবন্দী কৰি ৰখা ঘটনাক লৈ তীব্ৰ চৰ্চা চলিছিল দেশজুৰি। কিন্তু ঘটনাটো সম্পৰ্কত এনচিবিৰ ভূমিকা তথা এনচিবিৰ তদন্তাকাৰী দলত দুজনকৈ সন্দেহজনক লোকৰ উপস্থিতিৰ প্ৰসংগ পোহৰলৈ আনি বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল নৱাব মালিকে।

মালিকে সমীৰ ৱাংখেৰেই ষড়যন্ত্ৰমূলকভাৱে আৰিয়ানক জালত পেলাইছিল আৰু এয়া অপহৰণ আৰু ধনদাবীৰ এটা ঘটনা আছিল বুলি বিস্ফোৰক অভিযোগ তুলিছিল। আৰিয়ানক মুক্তি দিবলৈ কে পি গোছাৱী নামৰ পলাতক অপৰাধীজনৰ সহযোগত ২৫কোটি টকা দাবী কৰা বুলিও কৰা হৈছিল অভিযোগ। তাৰ পাছতে ঘটনাই নতুন মোৰ লয় আৰু কে পি গোছাৱী নামৰ পলাতক অপৰাধীজন মহাৰাষ্ট্ৰ আৰক্ষীৰ জালত পৰে। তেওঁৰ এজন সহযোগীয়ে আৰিয়ান কাণ্ডত ধনদাবীৰ কথা উল্লেখ কৰি আৰক্ষীৰ আগত দাখিল কৰে শপতনামা। নৱাব মালিকৰ তীব্ৰ সৰৱ ভূমিকাৰ পাছতে তদন্ত প্ৰক্ৰিয়াৰ পৰা আঁতৰোৱা হয় সমীৰ ৱাংখেৰেক। কেৱল এয়াই নহয় তেওঁৰ বিৰুদ্ধে আৰম্ভ হয় বিভাগীয় তদন্তও। এতিয়া আৰিয়ান খান কাৰামুক্ত হৈছে যদিও এনচিবিৰ বিৰুদ্ধে নিজৰ সৰৱ ভূমিকা অব্যাহত ৰাখিছে নৱাব মালিকে। এইবাৰ মালিকে তুলিছে আন এক বিস্ফোৰক অভিযোগ।
মালিকে অভিযোগ কৰিছে যে, ব’ম্বে উচ্চ ন্যায়ালয়ৰ জামিন আদেশেই প্ৰমাণ কৰিছে যে, আৰিয়ান খান কাণ্ড অপহৰণ আৰু ধনদাবীৰ ঘটনাহে আছিল। ব’ম্বে উচ্চ ন্যায়ালয়ৰ জামিন আদেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্ট তুলি ধৰি এই দাবী কৰিছে মালিকে। জামিন আদেশত ন্যায়ালয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে,

আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাই ড্ৰাগছৰ সম্পৰ্কীয় কোনো অপৰাধ সংঘটিত কৰাৰ কোনো প্ৰমাণ নাই।

তদুপৰি তেওঁলোকৰ মাজত হোৱা হোৱাটছএফ চাটতো কোনো আপত্তিজনক তথ্য নাই।

আৰিয়ান খানৰ ড্ৰাগছৰে সম্পৰ্কৰ কোনো তথ্য পোৱা হোৱা নাই। তেওঁৰ হোৱাটছএপ চাটতো নাই কোনো আপত্তিজনক তথ্য।

আৰিয়ানৰ সৈতে নিষিদ্ধ কোনো সামগ্ৰী পোৱা হোৱা নাই। মুনমুন আৰু আৰবাজৰ সৈতে সামান্য পৰিমাণৰ ড্ৰাগছহে উদ্ধাৰ কৰা হৈছিল।

আৰবাজ আৰু আৰিয়ানৰ সৈতে মুনমুনৰ পূ্ৰ্বে কোন যোগাযোগ নাছিল।

আৰবাজৰ হোৱাটছএপ চাটটো কোনো আপত্তিজনক কথা নাছিল।


এনেবোৰ দিশ উল্লেখ কৰি আজি পুনৰ সৰৱ হৈ পৰিছে নৱাব মালিক। তেওঁ এই ঘটনাক পূৰ্ব পৰিকল্পিত বুলি আখ্যা দিছে আৰু কে পি গোছাৱী নামৰ লোকজনৰ ছেলফীয়ে সমগ্ৰ পৰিকল্পনা খেলিমেলি কৰি পেলোৱা বুলি অভিযোগ কৰিছে। এই অভিযানৰ নেতৃত্ব দিয়া সমীৰ ৱাংখেৰেক ‘ফৰ্জীৱাড়া’ অৰ্থাৎ জালিয়াতিকাৰী আখ্যা দিছে মালিকে। ‘ফৰ্জিৱাড়া’ৰ স্বৰূপ এতিয়া প্ৰকট হ’ল বুলি অভিযোগ কৰিছে। তেওঁ ন্যায়ালয়ৰ নিৰ্দেশৰ কথা উল্লেখ কৰি জাৰি কৰা এখন বিজ্ঞপ্তিত সমীৰ ৱাংখেৰেক নিলম্বিত কৰাৰো দাবী তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?