--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আকৌ বাঢ়িছে কৰ’নাৰ সংক্ৰমণ। ইফালে ভূতৰ ওপৰত দানহ পৰাদি আহিল অ’মিক্ৰন। এই ভাইৰাছৰ আক্ৰমণে জনসাধাৰণক যেন ঠেলি দিছে আন্ধাৰৰ গহ্বৰলৈ। মানৱ সভ্যতাত কৰ’না ভাইৰাছে বিশ্বত কি প্ৰভাৱ পেলালে সেয়া নতুনকৈ কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। বিশ্বৰ চৌদিশে আৱৰি ধৰিলে বিপৰ্যয় আৰু বিধ্বস্ত অৱস্থাই। বিশ্বৰ শক্তিশালী দেশবোৰো এই ভাইৰাছৰ সন্মুখত পানী পানী হৈ গ’ল। ধন-জনৰ বৃহৎ ক্ষতি হ’ল। কৰ’নাৰ ফলত কোনোবা যদি চিৰদিনলৈ এই পৃথিৱী এৰি গ’ল আন কাৰোবাৰ স্বাস্থ্যৰ প্ৰতি আহিল তীব্ৰ ভাবুকি। কিমানৰ উপাৰ্জনৰ পথ বন্ধ হ’ল…কিমানে চাকৰি হেৰুৱালে তাৰ কোনো লেখ-জোখ নাই। চাৰিওফালে এন্ধাৰ দেখাত এই কৰ’না কালত অসংখ্য লোকে বাচি ল’লে আত্মহননৰ পথ। কৰ’নাই সৃষ্টি কৰা এনে দুৰ্যোগৰ সময়তে এইবাৰ বিশ্বজুৰি আতংক সৃষ্টি কৰিবলৈ আহিল অ’মিক্ৰন।

অ’মিক্ৰন দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ উৎপত্তিস্থল হ’ল দক্ষিণ আফ্ৰিকা। বৰ্তমানলৈকে বিশ্বৰ প্ৰায়কেইখন দেশতে অ’মিক্ৰনৰ সন্ধান পোৱা গৈছে। ভাৰততো অ’মিক্ৰনে আতংকৰ সৃষ্টি কৰিছে। দেশৰ অন্যান্য ৰাজ্যৰ লগতে পশ্চিমবংগতো কৰ’নাৰ নতুন প্ৰজাতি অমিক্ৰণৰ ত্ৰাস অব্যাহত আছে। প্ৰতিদিনে ৰাজ্যত যথেষ্টসংখ্যক লোক কৰ’নাত আক্ৰান্ত হৈছে। মৃত্যুৰ সংখ্যাও বাঢ়িছে। স্বাস্থ্য বিভাগৰ শংকা অনুসৰি বৰ্তমান যিটো হাৰত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে তাৰপ্ৰতি লক্ষ্য ৰাখি জানুৱাৰীৰ শেষত ৰাজ্যখনত দৈনিক আক্ৰান্তৰ সংখ্যাই ৩০ হাজাৰৰো অধিক লোক আক্ৰান্ত হ’ব পাৰে বুলি ভবা হৈছে। পশ্চিমবংগত এতিয়ালৈকে ২৭জন অ’মিক্ৰন ৰোগী ধৰা পৰিছে।

উল্লেখযোগ্য কথাটো হ’ল অ’মিক্ৰনত আক্ৰান্ত হোৱা ৮১ শতাংশ ৰোগীয়ে কোভিডৰ ডাবল ভেকচিন লৈছিল। তাৰপাছতো ইমান সংখ্যক লোক অ’মিক্ৰনত আক্ৰান্ত হোৱা ঘটনাৰ পৰা স্পষ্ট হৈছে যে অ’মিক্ৰন ৰোধ কৰাৰ ক্ষেত্ৰত ক’ভিডৰ ভেকচিন কোনো কামত অহা নাই। অৱশ্যে এটা কথা ঠিক যে ক’ভিডৰ দুপালি ভেকচিন লৈ থোৱা বাবেই ৰোগীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা নাই আৰু কম সময়ৰ ভিতৰতে অ’মিক্ৰন ৰোগী সুস্থ হৈ উঠিছে। সেয়েহে বাৰে বাৰে প্ৰত্যেক ৰাজ্যৰ চৰকাৰে দুপালি ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছে। যিসকলে এতিয়াও ভেকচিন লোৱা নাই তেওঁলোকক ভেকচিন ল’বৰ বাবে আহ্বান জনাই আহিছে।

আৰু পঢ়কঃ লজ্জাজনক ! ধনৰ অভাৱত গণৰাজ্য দিৱসত নাথাকিব অসমৰ প্ৰতীকপট


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি