--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিলাসীতাৰ পৰিচয় যেন বাহনতে! বহু প্ৰভাৱশালী তথা ধৰ্নাঢ্য ব্যক্তিৰ ঘৰত প্ৰায়ে দেখা যায় একো একোখন বিলাসী বাহন৷ কিন্তু এইবাৰ নিজৰ চখ পূৰাবলৈ নহয় মাৰণাস্ত্ৰৰ কঢ়িয়াবলৈহে ব্যৱহাৰ কৰিছে ব্যয়বহুল বাহন৷
জানিব পৰা মতে ঝাৰখণ্ডৰ মাওবাদীসকলে ব্যৱসায়ী আৰু ঠিকাদাৰৰ পৰা সংগ্ৰহ কৰা ধনেৰে ক্ৰয় কৰিছে বিলাসী বাহন৷ শেহতীয়াকৈ ৰাঁচীৰ পিপলছ লিবাৰেচন ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএলএফআই) কেডাৰসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰকাশ পাইছে এই তথ্য৷ ৰাজ্যখনৰ বাওঁপন্থী উগ্ৰপন্থীসকলৰ বিলাসী জীৱন কটাই অহাৰ উপৰি শীৰ্ষ মাওবাদীসকলে ১.৫ কোটি টকালৈকে অতি ব্যয়বহুল বাহন ব্যৱহাৰ কৰি অহা পোহৰলৈ আহিছে৷

লক্ষ্যণীয়ভাৱে, এই বাহনবোৰ বিদ্ৰোহীসকলে স্থানীয় ব্যৱসায়ীসকলৰ পৰা শুল্ক সংগ্ৰহ আৰু ইয়াৰ কেডাৰসকলক অস্ত্ৰ যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে। ৰাঁচী আৰক্ষীয়ে জাৰি কৰা এক চৰকাৰী তথ্য অনুসৰি, এছএছপিয়ে এক গোপন সূত্ৰ লাভ কৰে যে ধুৰৱাৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ যোগান ধৰাৰ সৈতে জড়িত কিছুমান লোকক দেখা গৈছে। বৃহস্পতিবাৰে ৰাঁচীৰ ৰিং ৰোডৰ ওচৰৰ এটা পথৰ কাষৰ ধাবাত এটা অভিযান চলোৱা হৈছিল য’ত আৰ্য কুমাৰ সিং আৰু উজ্জ্বল কুমাৰ চাহুক আমিৰচান্দ কুমাৰৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল৷ যিসকলে পিএলএফআই কেডাৰৰ বাবে চিমকাৰ্ড প্ৰাপ্ত কৰিবলৈ আহিছিল।

ইপিনে আন তিনিজন মাওবাদী নিবেশ কুমাৰ, শুভম কুমাৰ আৰু ধ্ৰুৱ কুমাৰে এখন বিএমডব্লিউ গাড়ী আৰু থাৰ জীপত পলাই যোৱাৰো খবৰ লাভ কৰিছে। খবৰ অনুসৰি তেওঁলোক পিএলএফআইৰ মুৰব্বী দিনেশ গোপেৰ দলৰ অন্তৰ্ভুক্ত। পাছলৈ আমিৰচান্দৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত, কেইবাটাও উচ্চমানৰ তাঁবু, শ্লিপিং বেগ আৰু মাওবাদী পত্ৰিকাৰ লগতে নগদ ৩.২৫ লাখ টকা উদ্ধাৰ কৰা হয়। পলায়নৰ বাবে বাকী তিনিজনে ব্যৱহাৰ কৰা গাড়ী আৰু জীপখনো আৰক্ষীয়ে জব্দ কৰিছিল।

তেওঁলোকৰ জেৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা মাওবাদীকেইটাই আৰক্ষীক কৈছিল যে তেওঁলোকে গোপৰ বাবে কাম কৰে। লগতে কৈছিল যে সামগ্ৰী তথা মাৰণাস্ত্ৰসমূহ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিবলৈ বিলাসী বাহন ব্যৱহাৰ কৰা হয় আৰু ধ্ৰুৱ আৰু শুভম একেটা দলৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি