--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিলাসীতাৰ পৰিচয় যেন বাহনতে! বহু প্ৰভাৱশালী তথা ধৰ্নাঢ্য ব্যক্তিৰ ঘৰত প্ৰায়ে দেখা যায় একো একোখন বিলাসী বাহন৷ কিন্তু এইবাৰ নিজৰ চখ পূৰাবলৈ নহয় মাৰণাস্ত্ৰৰ কঢ়িয়াবলৈহে ব্যৱহাৰ কৰিছে ব্যয়বহুল বাহন৷
জানিব পৰা মতে ঝাৰখণ্ডৰ মাওবাদীসকলে ব্যৱসায়ী আৰু ঠিকাদাৰৰ পৰা সংগ্ৰহ কৰা ধনেৰে ক্ৰয় কৰিছে বিলাসী বাহন৷ শেহতীয়াকৈ ৰাঁচীৰ পিপলছ লিবাৰেচন ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএলএফআই) কেডাৰসকলক গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰকাশ পাইছে এই তথ্য৷ ৰাজ্যখনৰ বাওঁপন্থী উগ্ৰপন্থীসকলৰ বিলাসী জীৱন কটাই অহাৰ উপৰি শীৰ্ষ মাওবাদীসকলে ১.৫ কোটি টকালৈকে অতি ব্যয়বহুল বাহন ব্যৱহাৰ কৰি অহা পোহৰলৈ আহিছে৷

লক্ষ্যণীয়ভাৱে, এই বাহনবোৰ বিদ্ৰোহীসকলে স্থানীয় ব্যৱসায়ীসকলৰ পৰা শুল্ক সংগ্ৰহ আৰু ইয়াৰ কেডাৰসকলক অস্ত্ৰ যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰি আহিছে। ৰাঁচী আৰক্ষীয়ে জাৰি কৰা এক চৰকাৰী তথ্য অনুসৰি, এছএছপিয়ে এক গোপন সূত্ৰ লাভ কৰে যে ধুৰৱাৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ যোগান ধৰাৰ সৈতে জড়িত কিছুমান লোকক দেখা গৈছে। বৃহস্পতিবাৰে ৰাঁচীৰ ৰিং ৰোডৰ ওচৰৰ এটা পথৰ কাষৰ ধাবাত এটা অভিযান চলোৱা হৈছিল য’ত আৰ্য কুমাৰ সিং আৰু উজ্জ্বল কুমাৰ চাহুক আমিৰচান্দ কুমাৰৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল৷ যিসকলে পিএলএফআই কেডাৰৰ বাবে চিমকাৰ্ড প্ৰাপ্ত কৰিবলৈ আহিছিল।

ইপিনে আন তিনিজন মাওবাদী নিবেশ কুমাৰ, শুভম কুমাৰ আৰু ধ্ৰুৱ কুমাৰে এখন বিএমডব্লিউ গাড়ী আৰু থাৰ জীপত পলাই যোৱাৰো খবৰ লাভ কৰিছে। খবৰ অনুসৰি তেওঁলোক পিএলএফআইৰ মুৰব্বী দিনেশ গোপেৰ দলৰ অন্তৰ্ভুক্ত। পাছলৈ আমিৰচান্দৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰত, কেইবাটাও উচ্চমানৰ তাঁবু, শ্লিপিং বেগ আৰু মাওবাদী পত্ৰিকাৰ লগতে নগদ ৩.২৫ লাখ টকা উদ্ধাৰ কৰা হয়। পলায়নৰ বাবে বাকী তিনিজনে ব্যৱহাৰ কৰা গাড়ী আৰু জীপখনো আৰক্ষীয়ে জব্দ কৰিছিল।

তেওঁলোকৰ জেৰাৰ সময়ত গ্ৰেপ্তাৰ কৰা মাওবাদীকেইটাই আৰক্ষীক কৈছিল যে তেওঁলোকে গোপৰ বাবে কাম কৰে। লগতে কৈছিল যে সামগ্ৰী তথা মাৰণাস্ত্ৰসমূহ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিবলৈ বিলাসী বাহন ব্যৱহাৰ কৰা হয় আৰু ধ্ৰুৱ আৰু শুভম একেটা দলৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক